সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰায় পাঁচ মাহৰ অন্তত বিদ্যালয়ৰ ঘণ্টা বাজিব

প্ৰায় পাঁচ মাহৰ অন্তত বিদ্যালয়ৰ ঘণ্টা বাজিব

এই প্ৰতিবেদন যুগুতাইছে আমাৰ সংবাদদাতা মহছিন খায়মে

গুৱাহাটী, ৫ আগষ্ট : বিগত চাৰি মাহ ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ পিছত অহা ছেপ্তেম্বৰ মাহৰ পৰা এই সমূহ পুনৰ খোলাৰ সিন্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনীয়তাৰ বিষয়ে ব্যক্ত কৰে অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অৱশ্যে এই সিন্ধান্ত এতিয়াও বিবেচনা পৰ্যায়তে আছে আৰু অভিভাৱক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিহে এই সম্পৰ্কত চূড়ান্ত সিন্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে জনায় ৷ চতুৰ্থ শ্ৰেণী লৈকে বিদ্যালয়ৰ সকলো শ্ৰেণী বন্ধ ৰাখি পঞ্চম শ্ৰেণীৰ পৰাহে বিদ্যালয়ৰ শিক্ষাদান কাৰ্যসূচী আৰম্ভ কৰা হ’ব আৰু এই পাঠ দান বিদ্যালয়ৰ মুকলি পথাৰ নাইবা গছৰ তলতহে অনুষ্ঠিত হ’ব,শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীক আৱদ্ধ কৰি শিক্ষা দান কৰাৰ অনুমতি দিয়া নহ’ব বুলিও তেওঁ লগতে জনায় ৷ সামাজিক দূৰত্ব ৰক্ষা কৰি এবাৰত এটা শ্ৰেণীৰ মাত্ৰ পোন্ধৰজন ছাত্ৰ ছাত্ৰীকহে শিক্ষা দানৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ৷ নৱম আৰু একাদশ শ্ৰেণীৰ বাবে সপ্তাহত দুদিন আৰু দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুঠ চাৰি দিনৰ পাঠ দান কাৰ্যসূচী গ্ৰহণ কৰাৰ সিন্ধান্তৰ বিষয়েও  তেওঁ অৱগত কৰে ৷ এটা দিনত সৰ্বোচ্চ তিনি ঘণ্টাৰ বাবেহে পাঠ দান কাৰ্যসূচী অনুষ্ঠিত হ’ব ৷ অৱশ্যে এই পাঠদান কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ আগতে শিক্ষক শিক্ষাৰ্থীৰ বাবে ক’ভিড টেষ্ট বাধ্যতামূলক কৰা হৈছে ৷