শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Business  / ‘ব্যাপাৰমালা’ই বেপাৰ বঢ়াব উত্তৰ পূবৰ

‘ব্যাপাৰমালা’ই বেপাৰ বঢ়াব উত্তৰ পূবৰ

বাণিজ্য সম্প্ৰসাৰণৰ বাবে উত্তৰ পূব ৰেলৱেৰ বিশেষ পদক্ষেপ৷এই বিষয়ে লিখিছে আমাৰ সংবাদদাতা তন্ময় চক্ৰৱৰ্তীয়ে

আগৰতলা,৫ আগষ্ট- উত্তৰ পূবৰ ৰাজ্যসমূহৰ লগত ভাৰতৰ মুূল ভূখণ্ডৰ যাতায়তৰ ব্যৱস্থা যথেষ্ট উন্নত মানৰ নহয় বুলি এটা অভিযোগ সঘনে শুনা যায় আৰু এই অভিযোগৰ সত্যতা নথকাও নহয়।যাতায়তৰ বিভিন্ন অসুবিধাৰ বাবে উত্তৰ পূবৰ ব্যৱসায়ীসকলে দেশৰ আন অংশৰ লগত বাণিজ্যিক আদান প্ৰদান কৰোতে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এই সমস্যাৰ সমাধানৰ বাবে উত্তৰপূব ৰেল বিভাগে শেহতীয়াকৈ  এক যুগান্তকাৰী ব্যৱস্থা হাতত লৈছে । ব্যৱসায়ীসকলৰ সুবিধাৰ্থে ব্যপাৰমালা এক্সপ্ৰেছ নামৰ এখন বিশেষ  ৰেলৰ শুভাৰম্ভ  কৰা হৈছে। এই সম্পৰ্কে  উত্তৰপূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্ক ৰক্ষী বিষয়া শোভা নন্দ ছন্দাই আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে যে ১ আগষ্টত  দিল্লীৰ কিষানগঞ্জৰ পৰা আৰম্ভ কৰা ব্যাপাৰমালা এক্সপ্ৰেছ ইতিমধ্যে ত্ৰিপুৰাৰ জিৰনীয়া ৰেলৱে ষ্টেচনত উপস্থিত হৈছেহি।এই ৰেলৰ যোগেদি ক্ষুদ্ৰ ব্যৱসায়ী সকলে তেওঁলোকৰ সুবিধাৰ্থে  বিভিন্ন দবা  আগতীয়াকৈ বুুুুকিং কৰিব পাৰিব আৰু ইয়াৰ ফলত ক্ষুদ্ৰ তথা মজলীয়া ব্যৱসায়ীসকলে যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি শ্ৰী চান্দাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকলে তেওঁলোকৰ ব্যৱসায়িক লেনদেনৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল আৰু ইয়াৰ লগতে উৎপাদিত  সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰত  যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে। সাধাৰণতে যিবোৰ মালগাড়ী চলে, সেইবিলাকে পৰিবহনৰ ক্ষেত্ৰত যথেষ্ট দীঘলীয়া সময় লয় আৰু এই মালগাড়ী বোৰৰ যোগেদি প্ৰয়োজনীয় সামগ্ৰীৰ অনা নিয়া কৰাৰ ক্ষেত্ৰতক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকল যথেষ্ট সমস্যাৰ সন্মুখীন হয় ৷ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে উত্তৰপূব সীমান্ত ৰেলৱেই সদ্যহতে আৰম্ভ কৰা ব্যাপাৰমালা এক্সপ্ৰেছে মাত্ৰ ৬৮ ঘণ্টাতে দিল্লীৰ পৰা আহি ত্ৰিপুৰাৰ গন্তব্য স্থলত উপস্থিত হৈছে ৷ ইয়াৰ ফলস্বৰূপে যিসমূহ সামগ্ৰী  সোনকালে নষ্ট হয় ,সেইবোৰ সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰত এই যাতায়তৰ ব্যৱস্থা যথেষ্ট ফলপ্ৰসূ হব। এই ব্যৱস্থাৰ ফল স্বৰূপে সাধাৰণ গ্ৰাহকো যথেষ্ট লাভবান হ’ব। কাৰণ ব্যৱসায়ী সকলৰ প্ৰয়োজনীয় সামগ্ৰী যথেষ্ট কম সময় আৰু কম খৰছতে  গন্তব্যস্থানত উপলব্ধ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে।উল্লেখযোগ্য  যে প্ৰথমখন ব্যাপাৰমালা  এক্সপ্ৰেছত  পাঞ্জাৱৰ গুনানীয়া ষ্টেচনৰ পৰা  ৪৬ টা ঘেঁহুভৰ্তি দবা সংলগ্ন কৰা হৈছিল  ৷ ইয়াৰ লগতে দিল্লীৰ কিষানগঞ্জ ষ্টেচনৰ পৰা  স্থানীয় ব্যৱসায়ী সকলৰ বাবে ২ টা দবাত চাউল আৰু আন দুটা দবাত অন্যান্য খাদ্য সামগ্ৰী কঢ়িওৱাৰ  বন্দৱস্ত কৰা হৈছিল । এই ব্যাপাৰমালা এক্সপ্ৰেছে মাত্ৰ ৬৮ ঘণ্টাত প্ৰায় ২,০৩৬ কিলোমিটাৰ অতিক্ৰম কৰিছে আৰু এতিয়া এই খবৰে উত্তৰপূবৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী সকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে । এই সংক্ৰান্তত অল ত্ৰিপুৰা মাৰ্চেন্ট এছোচিয়েছনৰ  সাধাৰণ সচিব সুজিত ৰয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে যে উত্তৰপূব ৰেলৱেৰ এই যুগান্তকাৰী পদক্ষেপে ব্যৱসায়ী সকলক যথেষ্ট পৰিমাণে
 লাভম্বিত কৰিব আৰু  লগতে সৰ্বসাধাৰণ  ৰাইজো উপকৃত হব। তেওঁ উদাহৰণ স্বৰূপে কয় যে সচৰাচৰ মালগাড়ীবোৰ  দিল্লীৰ পৰা ত্ৰিপুৰা আহিবলৈ ৭পৰা১০ দিন সময় লয়। কিন্তু এতিয়া ব্যাপাৰমালা এক্সপ্ৰেছে ৩ দিনতকৈও কম সময়ত দিল্লীৰ পৰা ত্ৰিপুৰাত উপস্থিত হৈছে । গতিকে নিশ্চিতভাৱে এইয়া এক যুগান্তকাৰী পদক্ষেপ বুলি তেওঁ আশা প্ৰকাশ কৰে। এই সংক্ৰান্তত ৰেল মন্ত্ৰালয়ে

 টুইটাৰ যোগে প্রথমখন ব্যাপাৰমালা এক্সপ্ৰেছে দিল্লীৰ কিষাণগঞ্জ ষ্টেচনৰ পৰা ত্ৰিপুৰাৰ জিৰণীয়া ষ্টেচনলৈ অহাৰ বিতং তথ্য দাঙি ধৰে । আশাকৰা হৈছে যে উত্তৰপূব সীমান্ত ৰেলৱে আৰু ভাৰতীয় ৰেলৰ এনেধৰণৰ পদক্ষেপে ভৌগোলিক অৱস্থানৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা উত্তৰপূবৰ ৰাজ্য সমুহৰ ব্যৱসায় বাণিজ্যৰ প্ৰসাৰৰ লগতে উপভোক্তাৰ বাবেও এক নতুন দিগন্তৰ সূচনা কৰিব।