সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বৰাকতো দল

বৰাকতো দল

বৰাক উপত্যকাত নতুন ৰাজনৈতিক দলৰ জন্ম ৷ স্বপ্ননীল ভট্টাচাৰ্যৰ প্ৰতিবেদন

শিলচৰ,১৭ আগষ্ট – ২০২১ চনত অনুষ্ঠিত হ’ব লগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহৰ মাজত প্ৰাকনিৰ্বাচন  প্ৰস্তুতি আৰম্ভ হৈছে । বিভিন্ন ৰাজনৈতিক দল সমূহ আৰু তেওঁলোকৰ সদস্য সকলে ক’ভিড১৯ৰ সংক্রমণৰ  মাজতো ভোটদাতা সকলৰ কাষ চাপিবলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে বৰাক উপত্যকাত নতুনকৈ জন্ম লোৱা এটা ৰাজনৈতিক দলে ৰাজনৈতিক পৰ্যবেক্ষক সকলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য  যে এই নতুন ৰাজনৈতিক দলটোৰ গঠনত গুৱাহাটীৰ উচ্চ ন্যায়লয়ৰ অধিবক্তা আৰু অল কাছাৰ কৰিমগঞ্জ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্রদীপ দত্ত  ৰয়ে আগভাগ লৈছে । প্ৰদীপ দত্ত ৰয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে যে সৰ্বসাধাৰণ ৰাইজৰ লগত মত বিনিময় কৰি এই নতুন দলটোৱে ২০২১ৰ অসম বিধান সভাৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে বৰাক উপত্যকাত তিনিখন প্ৰশাসনিক জিলা আছে । কাছাৰ ,কৰিম গঞ্জ আৰু হাইলাকান্দি । এই তিনিখন জিলাত সৰ্বমুঠ ১৫টা বিধান সভা সমষ্টি আছে। গতিকে ১৫ টা বিধান সভা সমষ্টি থকা বৰাক উপত্যকাত এটা নতুন  ৰাজনৈতিক দলৰ আত্মপ্ৰকাশে সকলোৰে মনত এক নতুন চিন্তাৰ উদ্ৰেক ঘটাইছে। এই প্ৰসংগত প্ৰদীপ দত্তৰায়ে লগতে জানিবলৈ দিয়ে যে স্বাধীনতাৰ পিছৰে পৰা বৰাক উপত্যকাৰ জনগণে দিছপুৰৰ পৰা সদায় মাহী আইৰ ব্যৱহাৰেই পাই আহিছে ৷ গতিকে এক সঠিক সময় আহি পৰিছে যে বৰাক উপত্যকাৰ জনগণে নিজৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে এক নতুন আঞ্চলিক দল গঠন কৰিব লাগে,যি দলে উপত্যকাটোৰ সৰ্বাংগীন বিকাশৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ লগত মিলিত প্ৰচেষ্টাৰে আগবাঢ়ি যাব। প্ৰদীপ দত্ত ৰয়ে লগতে উল্লেখ কৰে যে ক’ভিড১৯ৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা অচল অৱস্থা উন্নত হলেই নতুন এই দলটোৱে  ৰাজনৈতিক কাম কাজ আৰম্ভ কৰিব।ইতিমধ্যে   এই নতুন ৰাজনৈতিক দলটোৱে সমাজৰ বিভিন্ন গণ্য মান্য ব্যক্তি যেনে – চিকিৎসক, অভিযন্তা ,অৱসৰ প্ৰাপ্ত এচি এছ বিষয়া আৰু লগতে শিক্ষাবিদ সকলৰ লগত সঘনে বৈঠকত মিলিত হৈছে। বৰাক উপত্যকাৰ এই নতুন ৰাজনৈতিক দলটোত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন ধৰণৰ ৰাজনৈতিক দল যেনে বিজেপি, এজিপি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যথেষ্ট সংখ্যক কৰ্মকৰ্তাই তেওঁলোকৰ লগত যোগাযোগ কৰিছে বুলি প্ৰদীপ দত্তৰয়ে উল্লেখ কৰে। এই সংক্ৰান্তত প্ৰদীপ দত্ত ৰয়ে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ বিষয়ে কয় যে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলে  বৰাক উপত্যকাৰ ৰাইজৰ দীৰ্ঘ দিনীয়া দাবী পূৰণৰ বাবে বহুকেইটা কাৰ্যসূচী  ঘোষণা কৰিছিল ৷ কিন্তু যোৱা ৪ বছৰতকৈ অধিক কালত কোনো এটা উল্লেখযোগ্য পদক্ষেপ চৰকাৰে গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল বুলি দত্ত ৰয়ে ক্ষোভ প্ৰকাশ কৰে৷উল্লেখ কৰিব পাৰি যে স্থানীয় ভাবে পৰিচিত  পূব পশ্চিম কৰিডৰ আৰু লগতে  কাছাৰৰ ৰুগ্ন কাগজ কলৰ বাবে বৰাক উপত্যকাৰ জনগণে বৰ্তমানৰ চৰকাৰ খনক যথেষ্ট  আবেদন নিবেদন কৰি আহিছিল যদিও  চৰকাৰে তেওঁলোকৰ প্ৰতিশ্ৰুতি পালনৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলিও তেওঁ ব্যক্ত কৰে। উল্লেখ যোগ্য যে বিভিন্ন ধৰণৰ সমস্যা যেনে বনবিভাগৰ পৰা বিভাগীয় সেউজ সংকেত নোপোৱাৰ বাবে মহা সদক নামৰ এই পথ প্ৰকল্পটোৰ নিৰ্মাণ আধৰুৱা হৈ আছে। কিন্তু আচৰিত ভাৱে বন বিভাগৰ পৰা যাবতীয় অনুমতি লাভ কৰাৰ পিছতো এই পথ প্ৰকল্পটোৰ কাম আৰম্ভ হোৱা নাই বুলি নেতাজনে অভিযোগ কৰে। আনহাতে, বৰাক উপত্যকাৰ এক মাত্ৰ উদ্যোগ   কাছাৰ কাগজ কলো সদ্যহতে বন্ধ হৈ আছ, ইয়াৰ লগতে হাইলাকান্দিত থকা চেনিকল আৰু বদৰপুৰত থকা সূতা কলো যোৱা কেইবা বছৰ ধৰি বন্ধ হৈ আছে  দত্ত ৰয়ে ব্যক্ত কৰে ৷ ফলস্বৰূপে এই ৰাজহুৱা খণ্ডত কাম কৰা কৰ্মচাৰী সকলৰ পৰিয়াল বৰ্গৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। ২০১৬ চনৰ বিধান সভা নিৰ্বাচনৰ আগে আগে বৰাক উপত্যকাৰ এই সমগ্ৰ ৰুগ্ন উদ্যোগ পুনৰুদ্ধাৰ কৰিব বুলি বৰ্তমান শাসনত থকা চৰকাৰৰ নেতৃবৰ্গই  ৰাইজক প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ ওপৰিও সমগ্ৰ বৰাক উপত্যকাৰ ভিতৰতে  সৰ্ববৃহৎ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ  যোৱা কেইবাবছৰ ধৰি বহুকেইটা সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি তেওঁ কয়৷কিন্তু কোনো এখন চৰকাৰে এই চিকিৎসা মহাবিদ্যালয়খনৰ সমস্যাসমুহৰ সমাধানৰ বাবে কোনো পদক্ষেপ হাতত লোৱা নাই বুলি দত্ত ৰয়ে দুখ প্ৰকাশ কৰে। ইয়াৰ ওপৰিও বিজেপি দলে চৰকাৰ গঠন কৰিলেই ৰাজ্য খনত অৱস্থিত  শিবিৰ সমূহ উঠাই দিম বুলি প্ৰতশ্ৰুতি দিছিল যদিও  সেই প্ৰতিশ্ৰুতি পালন কৰা পৰিলক্ষিত হোৱা নাই বুলি বৰাক উপত্যকাৰ নেতাজনে সংবাদ মাধ্যমক কয়। প্ৰদীপ দত্ত ৰয়ে লগতে উল্লেখ কৰে যে ঐতিহাসিক অসম চুক্তিৰ ৬ নং দফাক লৈও ৰাজ্যখনত এক বৃহৎ ষড়যন্ত্ৰৰ ৰচনা কৰা হৈছে আৰু অসম চুক্তিৰ ৬ নং দফাৰ যোগেদি বৰাক উপত্যকাৰ বেংগলী ভাষী লোক সকলক নিজৰ গৃহ ভূমিতে ২য় শ্ৰেণীৰ নাগৰিক সজাবলৈ ষড়যন্ত্ৰ কৰা হৈছে বুলি তেওঁ গুৰুত্ববপূৰ্ণ অভিযোগ উত্থাপন কৰে। প্ৰদীপ দত্ত ৰয়ে লগতে উল্লেখ কৰে যে তেওঁৰ দলে আৰু বৰাক উপত্যকাৰ  সৰ্ব সাধাৰণ জনগণে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণত   বাধা দিব। উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় চৰকাৰে নিযুক্ত কৰা ৬নং দফা সম্পৰ্কীয়  প্ৰতিবেদনত ১৯৫১ চনৰ পূৰ্বতে অহা লোকসকলক অসমীয়া লোক বুলি এক সংজ্ঞা নিৰ্দ্ধাৰণ কৰা হৈছে।এই লোক সকলে বিভিন্ন ধৰণৰ সা সুবিধা যেনে চাকৰি, ভূমিক্ৰয় আৰু অন্যান্য  স্থাৱৰ,অস্থাৱৰ সম্পত্তিৰ অধিগ্ৰহণত গুৰুত্ব পাব বুলি এই দফাটোত উল্লেখ আছে। প্ৰদীপ দত্ত ৰয়ে অভিযোগ কৰে যে অসম চুক্তিৰ এই সংজ্ঞা নিৰ্ধাৰণ কৰিলে বৰাক উপত্যকাৰ প্ৰায় ৬০ শতাংশ মানুহেই আগন্তুক দিনত বঞ্চনাৰ সন্মুখীন হ’ব।আনহাতে  বৰাক উপত্যকাৰ পৰা ১৫ জন বিধায়ক আৰু দুজন সাংসদ থকা স্বত্বেও এইসকল জনপ্ৰতিনিধিয়ে অসম চুক্তিৰ ৬নং দফা সম্পৰ্কে আশ্চৰ্যজনক ভাবে নীৰৱতা অৱলম্বন কৰিছে বুলি তেওঁ  অভিযোগ কৰে ।এইসকল নিৰ্বাচিত জনপ্ৰতিনিধিয়ে সাধাৰণ ৰাইজৰ বিভিন্ন সমস্যা সম্পৰ্কে নিৰুদ্বেগ  দৃষ্টিভঙ্গী অৱলম্বন কৰাই নহয় বৰাক উপত্যকাৰ জনগণৰ স্বাৰ্থৰ বাবে তেওঁলোকে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই বুলি প্ৰদীপ দত্ত ৰয়ৰ নেতৃত্বাধীন নতুন  দলটোৱে আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে। আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে প্ৰদীপ দত্ত ৰয়ে উল্লেখ কৰে যে ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনত তেওঁলোকৰ দলটোৰ উদ্দেশ্য হৈছে দহৰ পৰা বাৰ জন প্ৰাৰ্থীৰ বিজয় সাব্যস্ত কৰা আৰু এই বিজয় প্ৰাৰ্থী সকলে অসম বিধান সভাৰ মজিয়াত একত্ৰিত ভাবে বৰাক উপত্যকাৰ সৰ্বসাধৰণ ৰাইজৰ স্বাৰ্থ পূৰণৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰে ৷