দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / এপৰ জৰিয়তে দূৰ কৰা হ’ব অভিযোগ

এপৰ জৰিয়তে দূৰ কৰা হ’ব অভিযোগ

অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ কৰ্মচাৰী সকলৰ বাবে বৃহৎ সকাহ

নতুন দিল্লী ২৮ আগষ্ট –  কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীয়ে ভাৰতৰ আভ্যন্তৰীন প্ৰতিৰক্ষাৰ ক্ষেত্ৰত কেইবা দশক জুৰি এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। কেন্দ্ৰীয় চৰকাৰ অধীনস্থ এই অৰ্ধসামৰিক বাহিনীটোৱে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তত আগবঢ়োৱা অৱদান সৰ্বজনবিদিত ।কিন্তু একে সময়তে অৱসৰ গ্ৰহণৰ পাছত CISF ৰ বিভিন্ন পয্যায়ত কৰ্মৰত কৰ্মচাৰী সকলে বিভিন্ন অসুবিধাৰ সন্মখীন হোৱা দেখা যায়।এই অসুবিধা সমূহ দূৰ কৰিবলৈ এতিয়া কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনী কর্তৃপক্ষই এটা বিশেষ এপ  আৰম্ভ কৰিছে । এই এপৰ যোগেদি  পেঞ্চন লাভ কৰা লোক সকলে এটা কেন্দ্ৰীয় তথ্য গোটৰ লগত সংলগ্ন হ’ব ,লগতে বিভিন্ন ধৰণৰ দৰকাৰী বার্তা বা জাননী এছএমএছ যোগে লাভ কৰিব । তাৰোপৰি নিকটৱৰ্তী কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ কাৰ্যালয়ে  কেন্দ্ৰৰ পৰা সময়ে সময়ে নীতি নিৰ্দেশনাও লাভ কৰিব। এই এপ টোৰ যোগেদি কৰ্মচাৰী সকলৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ তাৎক্ষণিক ভাৱে আৰু স্থানীয় ভাবে সমাধান কৰিবলৈ বিচৰা হৈছে।তাৰোপৰি অৱসৰ প্ৰাপ্ত কৰ্মচাৰী সকলে অৱসৰৰ পিছত বিভিন্ন ক্ষেত্ৰত কৰ্মসংস্থাপনৰ সা -সুবিধা  আৰু নীতি নিৰ্দেশনাও এই এপটোৰ যোগেদি লাভ কৰিব ৷ এই ডিজিটেল এইপ্লেটফৰ্মখনৰ যোগেদি কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ মনোবল বৃদ্ধি পোৱাই নহয় ,অৱসৰৰ পিছতো একপ্ৰকাৰ মানৱ সম্পদৰ উচিত মূল্যায়ন  কৰিব পৰা যাব বুলি আশা কৰা হৈছে।