শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / প্ৰকৃত তথ্য গাপ দি ফটাঢোল বজোৱাত ব্যস্ত কেন্দ্ৰীয় চৰকাৰ:মমতা

প্ৰকৃত তথ্য গাপ দি ফটাঢোল বজোৱাত ব্যস্ত কেন্দ্ৰীয় চৰকাৰ:মমতা

কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতাৰ

কলকাতা, ২৮ ছেপ্টেম্বৰ — ২০২১ বৰ্ষত হ’বলগীয়া পশ্চিমবংগ বিধানসভাৰ  নিৰ্বাচনৰ বাবে শাসনাধিষ্ঠ তৃণমূল কংগ্ৰেছ দলৰ সভানেত্ৰী মমতা বেনাৰ্জী আৰু প্ৰধান বিৰোধী  দল বিজেপিৰ মাজত অভিযোগ প্ৰতি অভিযোগৰ মাত্ৰা যথেষ্ট বৃদ্ধি পোৱা দেখা গৈছে। কিছুদিন আগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ‘ইন্টাৰনেশ্যনেল দে ফৰ ইউনিভাৰ্চেল এক্সেছ টু ইনফৰ্মেশ্বন’ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কয়  ‘আজি আন্তৰাষ্ট্ৰীয়  তথ্য সংক্ৰান্তীয় এটা দিৱস পালন কৰিবলৈ প্ৰস্তুতি কৰিছো। কিন্তু একে সময়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ নাগৰিক সকলৰ সংক্ৰান্তত প্ৰকৃত শুদ্ধ তথ্য দিয়াত গাফিলতি কৰিছে আৰু তেওঁলোকৰ এনে মিথ্যাচাৰ সংসদৰ অধিবেশনতে  স্পষ্ট হৈ পৰিছে ।’এই সংক্ৰান্তত মমতা বেনাৰ্জীয়ে কয় যে সংসদত কেন্দ্ৰীয় চৰকাৰক সোধা প্ৰায়বোৰ  প্ৰশ্নৰে  উত্তৰ বিভিন্ন মন্ত্ৰীয়ে এই বুলি দিয়ে যে সংশ্লিষ্ট কোনো তথ্য তেওঁলোকৰ ওচৰত নাই৷ উদাহৰণ স্বৰূপে ক’ভিড১৯ সংক্ৰমণৰ  পৰিপ্ৰেক্ষিতত দেশজুৰি লকডাউন আৰম্ভ হোৱাৰ সময়ত দেশৰ ইমূৰৰ পৰা সিমুৰলৈ  লাখ লাখ শ্রমিকে  প্ৰব্ৰজন কৰিছিল আৰু এই সময়ত কিমান সংখ্যক প্ৰব্ৰজিত  শ্রমিকে যাত্ৰা পথতে মৃত্যুক আঁকোৱালি লৈছিল তাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰা হৈছিল ৷ কিন্তু  কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ ওচৰত এই বিষয়ে কোনো তথ্য নাই বুলিহে সংসদত জনালে । তাৰোপৰি  এতিয়ালৈকে ক’ভিড১৯ ৰ বিৰুদ্ধে যুঁজত কিমান সংখ্যক  চিকিৎসকৰ মৃত্যু হৈছে তাৰো কোনো তথ্য কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নাই।পশ্চিম বংগৰ মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে ভাৰতৰ গণতান্ত্ৰিক পদ্ধতিত  প্ৰত্যেক  নাগৰিকৰে তথ্য জনাৰ অধিকাৰ আছে আৰু গণতান্ত্ৰিক পৰম্পৰা অনুসৰি চৰকাৰে নাগৰিক সকলক  সময়মতে সঠিক তথ্য দিয়াটো কৰ্তব্য ৷ আনহাতে কিছুদিন আগতে  ৰাজ্যসভাৰ ৮ বিৰোধী দলৰ সদস্যক নিলম্বিত কৰাৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰক মমতা বেনাৰ্জীয়ে  তীব্ৰ সমালোচনা কৰে । ফোপোলা নীতিক সমালোচনা কৰি  কেন্দ্ৰৰ বৈষম্যমূলক নতুন কৃষিনীতিৰ প্ৰতিবাদ কৰা ৰাজ্যসভাৰ সদস্য সকলক নিলম্বিত কৰা কাৰ্যৰ বিৰুদ্ধে  তৃণমূল কংগ্ৰেছে গণ জাগৰণ তুলিব বুলিও তেওঁ হুংকাৰ দিয়ে ৷ আনহাতে, পশ্চিমবংগৰ গৃহ সচিব আলাপন বন্দোপাধ্যাইক নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে। তাৰোপৰি পূৰ্বৰ বিত্তীয় সচিব এইচ কে দ্বিবেদীক  গৃহ বিভাগৰ নতুন সচিব হিচাপে নিযুক্তি দিয়া হৈছে।জ্যেষ্ঠ আমোলা মনোজ পন্তে এতিয়াৰ পৰা বিত্ত বিভাগৰ সচিব ৰূপে দায়িত্ব বহন কৰিব।তাৰোপৰি সদ্যহতে সেৱা নিবৃত্তি হোৱা মুখ্য সচিব ৰাজীৱ সিনহাই আগন্তুক দিনসমূহত ৱেষ্ট বেংগল ইন্দ্ৰাষ্টীয়েল ডেভেলপমেণ্ট কৰ্পৰেচনৰ সভাপতি হিচাপেও কায্নিৰ্বাহ কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে। আনহাতে যোৱা কিছুদিনত পশ্চিম বংগৰ চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী দুস্কৃতিকাৰীক আটক কৰা পৰিলক্ষিত হৈছে। উদাহৰণ স্বৰূপে বীৰভূম জিলাৰ শান্তি নিকেতনৰ  পৰা চাৰি জন বাংলাদেশী দুস্কৃতিকাৰীক আটক কৰা হৈছে।তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন হত্যাকাণ্ডত অভিযুক্ত হোৱাৰ গুৰুতৰ অভিযোগ আছে। ভাৰতীয়া এইসকল হত্যাকাৰীয়ে বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত অৱস্থান কৰি আগন্তুক দিনত এজন ৰাজনৈতিক ব্যক্তিক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি বীৰভূম জিলাৰ আৰক্ষী অধীক্ষক শ্যাম সিংহই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। আটকাধীন বাংলাদেশী দুস্কৃতিকাৰী সকলৰ পৰা যথেষ্ট সংখ্যক মৰণাস্ত্ৰ জব্দ কৰা হৈছে বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।