সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Odisha  / বস্তিবিহীন হ’ব উৰিষ্যা

বস্তিবিহীন হ’ব উৰিষ্যা

বস্তি অঞ্চলৰ বাসিন্দাৰ বাবে এক যুগান্তৰকাৰী পদক্ষেপ উৰিষ্যাত

ভুৱনেশ্বৰ, ২৮ ছেপ্টেম্বৰ – ভাৰতৰ প্ৰায়বোৰ মহানগৰীতে সম্পূৰ্ণ অপৰিকল্পিতভাৱে গঢ় লৈ উঠা বস্তিবোৰে কেৱল উক্ত অঞ্চলৰ বাসিন্দা আৰু নিকটৱৰ্তী চহৰত  স্বাস্থ্য সমন্ধীয় সমস্যাৰ সৃষ্টি কৰাই নহয় ,নগৰ পৰিকল্পনাৰ প্ৰতিও ভাবুকি সৃষ্টি কৰাৰ লগতে বস্তি বোৰে এখন মহানগৰৰ সৌন্দর্য্যতো প্ৰভাৱ পেলায়। উৰিষ্যাৰ বিভিন্ন অঞ্চলত যোৱা কিছু বছৰত যথেষ্ট সংখ্যক বস্তি অঞ্চল গঢ় লৈ উঠিছে । এই বস্তি অঞ্চল সমূহৰ বাবে এতিয়া উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে এখন অভিলাষী আঁচনিৰ পৰিকল্পনা কৰিছে ৷ এই আঁচনিৰ যোগেদি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা বস্তিসমূহক আধুনিক জীৱন যাপনৰ বাবে সকলো প্ৰয়োজনীয় সা -সুবিধা প্ৰদান কৰি এখন আদৰ্শ আবাসিক অঞ্চল হিচাপে গঢ়ি তোলা হ’ব । ভুৱনেশ্বৰত ভিডিঅ’ কনফাৰেন্সিঙৰ  যোগেদি বিগত ২৮ ছেপ্তেম্বৰত ‘ শ্লাম আপগ্ৰেডেশ্যযন  এণ্ড দিলিষ্টিং’ নামৰ এক প্ৰকল্পৰ    শুভাৰম্ভ কৰা হয় । এই প্ৰকল্পৰ শুভাৰম্ভ কৰি নবীন পাটনায়কে ঘোষণা কৰে যে ৰাজ্যখনৰ ১৮ লাখ বস্তি অঞ্চলৰ বাসিন্দাৰ জীৱন যাপনৰ মানদণ্ড উন্নত কৰিবৰ বাবে তেওঁৰ চৰকাৰ বদ্ধপৰিকৰ আৰু এই পৰিকল্পনাৰ অংশ স্বৰূপে অনতিপলমে এহেজাৰ বস্তি অঞ্চলক আবাসিক এলেকা হিচাপে গঢ়ি তোলাৰ কাম হাতত লোৱা হ’ব আৰু অহা তিনি বছৰৰ ভিতৰত সমগ্ৰ উৰিষ্যাতে  বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা বস্তিসমূহক আদৰ্শ আবাসিক এলেকা হিচাপে গঢ়ি তোলাৰ ফলত উৰিষ্যা ৰাজ্য সম্পূৰ্ণ বস্তি অঞ্চল  বিহীন হৈ পৰিব । উল্লেখযোগ্য যে উৰিষ্যা চৰকাৰৰ এই যুগান্তকাৰী পদক্ষেপৰ যোগেদি বস্তি অঞ্চলৰ বাসিন্দাসলক বিভিন্ন ধৰণৰ আধুনিক সা – সুবিধা যেনে পাইপৰ যোগেদি  পানী যোগান ,পকী পথ ,ষ্ট্ৰীট লাইট,পৰিষ্কাৰ পৰিছন্নতা, প্ৰতি ঘৰতে বিদ্যুৎ যোগান আৰু ঘৰ সমূহৰ মাজত যথেষ্ট ব্যৱধান ৰখাৰ ওপৰিও  বাসিন্দাসকলৰ মনোৰঞ্জনৰ বাবে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী  জনে আশা প্ৰকাশ কৰে যে চৰকাৰৰ এনে পদক্ষেপৰ ফলত বস্তি অঞ্চলৰ বাসিন্দাসকলেও ৰাজ্যৰ সৰ্বাঙ্গীন বিকাশত উল্লেখযোগ্য অৰিহণা আগবঢ়াব পাৰিব। এই প্ৰকল্প উদ্ধোধন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে ঘোষণা কৰে যে ক’ভিড১৯ ৰ বিৰুদ্ধে ৰাজ্যত যুদ্ধ চলি থকাৰ সময়তো তেওঁৰ চৰকাৰে ৰাজ্যখনৰ দৰিদ্ৰ আৰু বস্তি অঞ্চলত বাস কৰা  আৱাসীসকলৰ কথা চিন্তা কৰি আহিছে ৷ উৰিষ্যা চৰকাৰৰ এনেধৰণৰ যুগান্তকাৰী পদক্ষেপৰ ফলত আগন্তুক দিনবোৰত বস্তি অঞ্চলত জীৱন ধাৰণৰ মানদণ্ড  উন্নত হোৱাই নহয়,ৰাজ্যখনত বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ থকা বস্তি সমূহ  পূৰ্ণাংগ আদৰ্শ আবাসিক এলেকালৈ পৰিৱৰ্তন হোৱাৰ ফলত নগৰখনৰ সৌন্দর্যবৰ্ধন হোৱাৰ লগতে বিভিন্ন ধৰণৰ সমস্যাৰো সমাধান হ’ব বুলি আশা  কৰিব পাৰি।