সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / লালুৰ ভাষাৰেই ‘বিহাৰত লালু আৰু চব্জিত আলু’ গুৰুত্ব সদায় আছে

লালুৰ ভাষাৰেই ‘বিহাৰত লালু আৰু চব্জিত আলু’ গুৰুত্ব সদায় আছে

আৰজেডি নেতা লালু প্ৰসাদৰ কাষত বিভিন্ন ৰাজনৈতিক দলৰ নেতাৰ সমাগম এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ৰাজকুমাৰে

ৰাঁছী. ২৮ছেপ্টেম্বৰ —বিহাৰৰ  প্ৰাক্তন  মুখ্যমন্ত্ৰী তথা আৰ জে ডি দলৰ নেতা লালু প্ৰসাদ যাদবে দীৰ্ঘদিন ধৰি পশু খাদ্য কেলেংকাৰী গোচৰত দোষী সাব্যস্ত হৈ ঝাৰখণ্ডৰ বিৰচা মুণ্ডা জেলত কাৰাবাস খাটি আছে । কিন্তু দীৰ্ঘদিন ধৰি কাৰাবাস খটা আৰজেডি দলৰ নেতাগৰাকীৰ ৰাজনৈতিক গুৰুত্ব মুঠেই কমা নাই।ইয়াৰ পৰিবৰ্তে আগন্তুক বিহাৰ বিধান সভা নিৰ্বাচনৰ বিভিন্ন বিষয় আলোচনা কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাই লালু প্ৰসাদক জেল তথা চিকিংসালয়তে সাক্ষাৎ কৰা পৰিলক্ষিত হৈছে।উল্লেখ কৰিব পাৰি যে এনে সাক্ষাৎ কাৰ্যই  ইতিমধ্যে বিজেপি দলৰ নেতা সকলক যথেষ্ট চিন্তান্বিত কৰি তোলা পৰিলক্ষিত হৈছে ।   ৰাঁছীৰ ৰাজেন্দ্ৰ ইন্সটিটিউট অৱ মেডিকেল চাইন্সছত  সদ্যহতে চিকিৎস্যাধীন হৈ থকা  লালু প্ৰসাদক সাক্ষাৎ কৰিবলৈ যোৱা বিৰোধী পক্ষৰ নেতা সকলক তীব্ৰ সমালোচনা কৰিছে বিজেপি নেতৃত্বই।RIMSৰ সঞ্চালকৰ বাবে সংৰক্ষিত বাংলোত সদ্যহতে আগষ্ট মাহৰ পৰা লালু প্ৰসাদক থাকিবলৈ দিয়া হৈছে যাতে তেওঁক উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰিব পৰা যায়। ক’ভিড১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ জেনেৰেল ৱাৰ্ডৰ পৰা লালু প্ৰসাদক সঞ্চালকৰ বাবে সংৰক্ষিত বাংলোলৈ স্থানান্তৰিত কৰা হৈছিল আৰু তাৰ পিছতেই ৰাজনৈতিক নেতা সকলে সাক্ষাৎ কৰিবলৈ আৰম্ভ কৰে । ইয়াৰে পৰিপ্ৰেক্ষিতত বিজেপি দলৰ উকন্ঠাও  বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। বিজেপি দলৰ মুখপাত্ৰ প্ৰত্যুল সহদেৱে এই প্ৰসংগত অভিযোগ কৰে যে কাৰাবন্দীৰ নিয়মাৱলীৰ সম্পূৰ্ন উলংঘা কৰি লালু প্ৰসাদক বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলে সাক্ষাত কৰা পৰিলক্ষিত হৈছে আৰু ঝাৰখণ্ডৰ চৰকাৰে লালু প্ৰসাদক এজন কাৰাবন্দীৰ পৰিবৰ্তে সন্মানীয়  অতিথিৰ দৰে ব্যৱহাৰ কৰা  পৰিলক্ষিত হৈছে। আনহাতে এই প্ৰসংগত কাৰাগাৰৰ আই জি পিয়ে এক বিবৃতি যোগে কয় যে লালু প্ৰসাদ সদ্যহতে তেওঁলোকৰ জিম্মাত নাই আৰু চিকিৎসালয়ত তেওঁ চিকিৎসাধীন হোৱা হেতুকে কাৰাবন্দীৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা নিয়মাৱলীৰ প্ৰশ্ন নুঠে। কিন্ত বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে কয় যে ২০১৮ চনৰ ২৪ আগষ্টত উচ্চ ন্যায়ালয়ে জাৰি কৰা এটা নিৰ্দেশত স্পষ্ট ভাবে কোৱা হৈছিল যে কাৰাৰুদ্ধ অৱস্থাতে ৰাঁছীৰ চিকিৎসালয়ত লালুপ্ৰসাদক চিকিৎসা কৰিব লাগে।তাৰোপৰি ১৮৯৪ ত কাৰাবন্দীৰ (৩/১) নিয়মাৱলী অনুসৰি দোষী সাব্যস্ত হোৱা এজন ব্যক্তিৰ বাবে যিকোনো ঠাইতে জেলৰ নিয়মাৱলী প্ৰযোজ্য হয়। আনহাতে, আৰ জে ডি দলৰ মুখপাত্ৰ অনিতা যাদবে কয় যে লালু প্ৰসাদৰ বৰ্দ্ধিত জনপ্ৰিয়তা এতিয়া বিজেপি নেতাৰ কাৰণে মূৰৰ কামোৰণি হৈ পৰিছে আৰু সেই বাবে তেওঁলোকে বিভিন্ন ভিত্তিহীন অভিযোগ উত্থাপন কৰি মূল বিষয়ৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিছে। আগন্তুক দিনবোৰত   বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদে অনাগত দিনত কিদৰে ৰাজনৈতিক পট পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা লয় ,সেইটো লক্ষণীয় হব।

ReplyForward