দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / শুভেচ্ছাৰে উপচাই পেলালে লতাজীক

শুভেচ্ছাৰে উপচাই পেলালে লতাজীক

সুকণ্ঠী গায়িকা লতা মংগেশকাৰৰ ৯১তম জন্ম দিনত শুভেচ্ছা জ্ঞাপন

মুম্বাই, ২৮ ছেপ্টেম্বৰ– ‘মা সৰস্বতী’ নামেৰে খ্যাত ভাৰতৰ সুকণ্ঠী গায়িকা লতা মংগেশকাৰে সদ্যহতে ৯১ বছৰত ভৰি দিয়ে।প্ৰখ্যাত গায়িকা গৰাকী ৯১তম জন্মদিনৰ দিনা সমাজৰ সকলো স্তৰৰ লোকে সামাজিক মাধ্যমৰ যোগেদি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সুকণ্ঠী গায়িকা গৰাকীক জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰি বাৰ্তা দিয়ে যে  তেওঁ নিজকে এই প্ৰখ্যাত গায়িকা গৰাকীৰ মৰম আৰু আশীৰ্বাদ পাই  ধন্য অনুভব কৰে।এই সংক্ৰান্তত প্ৰধান মন্ত্ৰীয়ে গায়িকা গৰাকীৰ লগত এক  টেলিফোনিক বাৰ্তালাপো কৰে তথা তেওঁৰ সুস্বাস্থ্য, দীৰ্ঘজীৱন কামনা কৰে।পাছত নৰেন্দ্ৰ মোডীয়ে গায়িকা গৰাকীৰ লগত হোৱা চমু বাৰ্তালাপৰ বিষয়ে টুইটাৰ যোগেও ৰাজহুৱা কৰে।উল্লেখযোগ্য যে ১৯২৩ চনৰ ২৮ ছেপ্টেম্বৰত জন্ম লাভ কৰা লতা মংগেশকাৰক ইতিমধ্যে ভাৰত ৰত্ন,পদ্মবিভূষণ আৰু পদ্ম ভূষণ সন্মানেৰে  বিভূষিত কৰা হৈছে। আনহাতে অভিনেত্ৰী কংগনা ৰানাৱাতে টুইট যোগে প্ৰসিদ্ধ গায়িকা গৰাকীক জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে সমাজত এক বিশেষ শ্ৰেণীৰ ব্যক্তি আছে যিসকলে তেওঁলোকে কৰা  কামটোতেই মনপ্ৰাণ উছৰ্গা কৰে আৰু তেওঁলোকৰ এনে একাগ্ৰতাৰ বাবে তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত  সফলতা লাভ কৰাৰ ওপৰিও কৰ্মই তেওঁলোকৰ নতুন  পৰিচয় হৈ পৰে । এনে এগৰাকী প্রখ্যাত কৰ্মযোগীৰ জন্ম দিনত মই শুভেচ্ছা জ্ঞাপন কৰিছো বুলি কংকনাই উল্লেখ কৰে। তাৰোপৰি গায়ক শংকৰ মহাদেৱনেও লতা মংগেশকাৰক মা সৰস্বতী বুলি সম্বোধন কৰি জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক দিন সমূহত উঠি অহা নতুন সংগীতজ্ঞ সকলে যাতে কঠোৰ পৰিশ্ৰম আৰু অধ্যব্যৱসায়েৰে আগুৱাই যাব পাৰে তাৰ বাবে আশীৰ্বাদ  বিচাৰে। আন এগৰাকী বলিউদৰ প্ৰসিদ্ধ গায়িকা  শ্ৰেয়া ঘোষালে টুইটাৰ যোগে প্ৰখ্যাত গায়িকা গৰাকীৰ ৯১ সংখ্যক  জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু মা সৰস্বতী বুলি সম্বোধন কৰি লতা মংগেশকাৰৰ পুৰণা ছবি কিছুমান টুইটাৰত সন্নিবিষ্ট কৰে। ইয়াৰ ওপৰিও চিনেমা নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে লতা মংগেশকাৰক জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু কয় যে তেওঁ প্ৰখ্যাত গায়িকা গৰাকীৰ বিখ্যাত গান সমূহ প্ৰতিদিনেই শুনে।ইয়াৰ ওপৰিও অভিনেতা ঋতেশ দেশমুখ আৰু চলচিত্ৰ জগতৰ অন্যান্য  লোক সকলেও মা সৰস্বতী খ্যাত প্ৰখ্যাত গায়িকা গৰাকীৰ জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰে।উল্লখযোগ্য যে লতা মংগেশকাৰয়ে  মাত্ৰ ১৩ বছৰ বয়সতে নাছো, আগ ,গাদে ,খেলোছাৰী ইত্যাদি জনপ্ৰিয় গান সমূহত কণ্ঠদান কৰিছিল। ১৯৮৯ চনত ভাৰতীয় বোলছবি জগতলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে তেখেতক দাদা চাহেব ফাল্কে বঁটা সন্মানেৰে সন্মানিত কৰা হয়৷ ইতিমধ্যেই হিন্দী, মাৰাঠী, বঙালী,অসমীয়াকে ধৰি প্ৰায়বোৰ ভাষাতে তেওঁ কণ্ঠদান কৰিছে।কেৱল হিন্দী চিনেমাৰে ১,০০০ৰো অধিক জনপ্ৰিয় গানত  তেওঁ কণ্ঠদান কৰিছে৷ লগতে ৩৬  ভাৰতীয় তথা বিদেশী ভাষাৰ গীতত কণ্ঠদান কৰিছে ৷ ২০০১ চনত এই প্ৰসিদ্ধ গায়িকা গৰাকীক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হয়। ইয়াৰ ওপৰিও নেশ্যনেল ফিল্ম এৱাৰ্ড তিনিবাৰকৈ অৰ্জন কৰা এই সুকণ্ঠী গায়িকা গৰাকীয়ে অন্যান্য বহুতো সন্মানৰ অধিকাৰী হৈছে