শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কথমপি ৰক্ষা পৰিল মিজোৰাম

কথমপি ৰক্ষা পৰিল মিজোৰাম

বিশাল মাৰণাস্ত্ৰভাণ্ডাৰসহ মিজোৰামত গ্ৰেপ্তাৰ তিনি দুৰ্বৃত্ত

তন্ময় চক্ৰৱৰ্তীৰ প্ৰতিবেদন, নিউজফাইল, ২৯ ছেপ্তেম্বৰঃ যোৱা নিশা মিজোৰাম-বাংলাদেশ সীমান্তৰ মামিত জিলাৰ ফুলডোংছেইৰ পৰা সীমান্ত সুৰক্ষা বাহিনীৰ এটা দলে  বৃহৎ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰৰ সৈতে তিনিজন লোকক আটক কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ তৰফৰ পৰা দিয়া প্ৰেছ বিজ্ঞপ্তিত দাবী কৰে যে উত্তৰ-পূবত সন্ত্ৰাসৰোধৰ ক্ষেত্ৰত ই বৰ্তমান সময়ৰ তেওঁলোকৰ বাহিনীৰ এক বৃহৎ সফলতা।
সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান
এক বিশেষ সূত্ৰৰ পম খেদি, সীমান্ত সুৰক্ষা বাহিনীৰ চোৰাংচোৱা শাখাই সীমান্তৱৰ্তী অঞ্চলত চলা অবৈধ অস্ত্ৰ-শস্ত্ৰ সৰবৰাহৰ এক খবৰৰ আঁত ধৰি যোৱা নিশা মিজোৰামৰ মামিত জিলাৰ ফুলডোংছেইত দুৰ্বৃত্তকেইজনক মাৰণাস্ত্ৰসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আইজলৰ সীমান্ত সুৰক্ষা বাহিনীৰ ৯০ নং বেটেলিয়নৰ এচ কে পিল্লাইৰ নেতৃত্বত আৰু আইজলৰ ডিআইজি কুলদ্বীপ সিঙৰ তত্বাৱধানত চলা সশস্ত্ৰ অভিযানতটো সফল হয়। উল্লেখযোগ্য যে, সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ পৰা ১৫ কিঃমিঃৰ দূৰৰ দক্ষিণ ফুলডোংছেই অবৈধ মাৰণাস্ত্ৰ ভৰ্তি দুখনকৈ বাহন জব্দ কৰা হয়। ইয়াত ৩০ বিধ অত্যাধুনিক মাৰণাস্ত্ৰৰ লগতে ২৮ টা একে চিৰিজৰ ৰাইফল, এটা ৫.৫৬ এম এম, এ কে ৭৪, এটা কাৰ্বাইন আৰু বহুকেইবিধ মাৰণাস্ত্ৰ বাহনখনত গোপনভাৱে সৰবৰাহ কৰা অৱস্থাত জব্দ কৰা হয়
মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ তিনিজনকৈ দুৰ্বৃত্ত
গ্ৰেপ্তাৰ হোৱা লোক কেইজন আইজলৰে বাসিন্দা। তেওঁলোকৰ পৰা মাৰণাস্ত্ৰৰ ওপৰি ৩৯,০২০ টকা নগদ ধন আৰু বহুতো সন্দেহজনক নথি-পত্ৰ জব্দ কৰা হয়। পৰৱৰ্তী সময়ত সীমান্ত সুৰক্ষা বাহিনীয়ে ব্যক্তিকেইজনক মিজোৰাম আৰক্ষীক চমজাই দিয়ে। মিজোৰাম আৰক্ষীৰ আইজিপি শ্বালিনাই নিউজফাইল অনলাইনক জনোৱা অনুসৰি, অনুসন্ধান অব্যাহত আছে যদিও বিশদভাৱে এতিয়ালৈকে জানিব পৰা নাই।