শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / সুশান্তক ৰিয়াই দিছিল ড্ৰাগছ !

সুশান্তক ৰিয়াই দিছিল ড্ৰাগছ !

নাৰ্ক'টিকচ্ কন্ট্ৰল ব্যুৰ'য়ে বিৰোধিতা কৰিছে অভিনেত্ৰীগৰাকীৰ জামিনৰ আবেদন…

নতুন দিল্লী, ২৯ ছেপ্তেম্বৰঃ নাৰ্ক’টিকচ্ কন্ট্ৰল ব্যুৰ’য়ে ন্যায়ালয়ত দাখিল কৰা তথ্য অনুসৰি অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী ড্ৰাগছ ছিণ্ডিকেটৰ সক্ৰিয় সদস্য আৰু তেওঁৰ সমাজৰ বহু অভিজাত লোকৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীৰ লগতো ঘনিষ্ঠ সম্পৰ্ক আছে। উল্লেখযোগ্য যে কেইবাজনো হাই-প্ৰফাইল বলীউডৰ অভিনেতা-অভিনেত্ৰীক কৰা তদন্তৰ পিছত এন চি বি-য়ে এতিয়া স্পষ্টকৈ প্ৰকাশ কৰিছে যে ড্ৰাগছ ছিণ্ডিকেট তথা সৰবৰাহকাৰীৰ সৈতে কেইবাজনো ‘অভিজাত তাৰকা’ জড়িত হৈ আছে, যাৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীও অন্যতম । এন চি বি-য়ে কয় যে ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতক  ড্ৰাগছ যোগান ধৰাৰ অভিযোগ আছে। এন চি বিয়ে অভিযোগ কৰে যে যদি সামগ্ৰ ঘটনাটো লক্ষ্য কৰা যায়, বৰ্তমানৰ আবেদনকাৰী এই সম্পৰ্কে জ্ঞাত যে সুশান্ত সিং ৰাজপুতে ড্ৰাগছ সেৱন কৰি আছিল ৷  সুশান্তৰ ৰহস্যজনক মৃত্যুত ৰিয়াৰ ভূমিকা সম্পৰ্কে তদন্তত এই  তথ্য পোহৰলৈ আহিছে। 
*এন চি বি-য়ে ৰিয়াৰ জামিন আবেদনৰ বিৰোধিতা কৰিছে*
উল্লেখযোগ্য যে, এন চি বিয়ে পুনৰ ৰিয়া চক্ৰৱৰ্তীৰ জামিন আৱেদনৰ বিৰোধিতা কৰিছে আৰু কৈছে যে তেওঁ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ পৰ্যাপ্ত তথ্য-প্ৰমাণ ইতিমধ্যে সংগ্ৰহ কৰা হৈছে। ইয়াৰ পৰা স্পষ্ট হৈছে যে ৰিয়াই এক ড্ৰাগছ সৰবৰাহকাৰী গোটৰ অধীনত ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ লগতে আন অভিযুক্তকো সহায় কৰিছিল।
উল্লেখযোগ্য যে, এন চি বিৰ সংমণ্ডল সঞ্চালক সমীৰ ৱাংখেড়ে মুম্বাই উচ্চ ন্যায়ালয়ত দাখিল কৰা এজাহাৰত ৰিয়াই এক বিবৃতি প্ৰদান কৰিছে যে তেওঁ ধন পৰিশোধ কৰাতো সত্য, যিবোৰ চেমুৱেল মিৰাণ্ডা আৰু দিপেশ সাৱন্তে সুশান্তক ড্ৰাগছ প্ৰদান কৰাৰ বাবে গ্ৰহণ কৰিছিল।
তদুপৰি এনচিবি-এ প্ৰকাশ কৰা তথ্য অনুসৰি তেওঁ ড্ৰাগছৰ বাবদ কৰা বিত্তীয় লেনদেনৰ পৰা স্পষ্ট হয় যে সেয়া ব্যক্তিগত ব্যৱহাৰৰ বাবে নাছিল, নিশ্চিতভাৱে আন ব্যক্তিকো যোগান ধৰিছিল আৰু এইক্ষেত্ৰত NDPS,1985-আইনৰ অধীনত ধাৰা 27A স্পষ্টভাৱে প্ৰযোজ্য হয়। তেওঁলোকৰ মতে, অনুসন্ধান এক গুৰুত্বপূৰ্ণ পৰ্য্যায়ত আছে আৰু যদি ৰিয়াক জামিন দিয়া হয়, তেনেহ’লে ই তদন্তত  বাধাৰ সৃষ্টি কৰিব।
এন চি বিয়ে প্ৰকাশ কৰা অনুসৰি, ৰিয়া ড্ৰাগছ সৰবৰাহ কৰাত জড়িত থকাৰ যথেষ্ট তথ্য-প্ৰমাণ আছে। তেওঁ ড্ৰাগছৰ দৰে নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহত ক্ৰয় তথা লেনদেনৰ বাবে ক্ৰেডিট কাৰ্ড, নগদ ধন আদিৰো ব্যৱহাৰ কৰাৰ তথ্য আছে। ৰিয়াই তেওঁৰ বাসগৃহত ড্ৰাগছ মজুত ৰখাৰ লগতে সুশান্তক ব্যৱহাৰৰ বাবে অনুমতি দিছিল। তদুপৰি, ৰিয়াই সুশান্তৰ সৈতে ড্ৰাগছ ক্ৰয়ৰ বাবে টকা-পইচাৰ আদান-প্ৰদান কৰাৰ লগতে সুশান্তৰ বাবেও ড্ৰাগছ ক্ৰয় কৰিছিল। এনচিবি-এ এই সম্পৰ্কত কৰা ড্ৰাগছৰ লেনদেনৰ বিষয়েও বিশদভাৱে তথ্য আহৰণ কৰিছে।
উল্লেখযোগ্য যে, ন্যায়াধিকৰণৰ বিষয়ত, এন চি বিয়ে নিশ্চিত কৰিছে যে সুশান্তৰ অস্বাভাৱিক মৃত্যুৰ ওপৰত কৰা চিবিআইৰ তদন্তৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিষয়টোৰ গভীৰ অধ্যয়ন কৰিছে। এন চি বিৰ মতে বৰ্তমানৰ গোচৰটো এন ডি পি এছ আইনৰ সৈতে সম্পৰ্ক আছে ৷ (IANS)