দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / প্ৰকৃতিয়ে সমদৃষ্টিৰে চোৱা নাই উত্তৰ পূবক

প্ৰকৃতিয়ে সমদৃষ্টিৰে চোৱা নাই উত্তৰ পূবক

খাৰিফ, ৰবি শস্যক অনিয়মীয়া বৰষুণে প্ৰভাৱিত কৰাৰ সম্ভাৱনা

গুৱাহাটী/আগৰতলা, ১ অক্টোবৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ চাৰিমহীয়া মৌচুমী বায়ুৰ প্ৰভাৱ ঠাই বিশেষে পৃথক হোৱা বাবে অসমকে ধৰি উত্তৰ-পূৱৰ চাৰিখন ৰাজ্যত অতিৰিক্ত বৰষুণ হৈছে আনহাতে বাকী চাৰিখনে বৰষুণৰ অভাৱত ভুগিবলগীয়া হৈছে। ভাৰতীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানে  মৌচুমীৰ  প্ৰভাৱত চলিত বৰ্ষত ১৯ শতাংশ অতিৰিক্ত আৰু কিছু ৰাজ্যত প্ৰয়োজনতকৈ কম বৰষুণ হোৱা বুলি উল্লেখ কৰিছিল ৷ হিমালয় অঞ্চলৰ ৰাজ্য ছিক্কিম আৰু মেঘালয়ৰ পাৰ্বত্য এলেকাই ক্ৰমে ৬০ আৰু ৩৯ শতাংশ অতিৰিক্ত বৰষুণ লাভ কৰাৰ বিপৰীতে মণিপুৰ আৰু মিজোৰামত ক্ৰমে ৪৭ আৰু ৩৪ শতাংশ কম বৰষুণ হয়।
ভাৰতত ৪ মহীয়া দীঘল মৌচুমী ঋতু আনুষ্ঠানিকভাৱে ১ জুনৰ পৰা আৰম্ভ হয় আৰু ৩০ ছেপ্টেম্বৰলৈকে অব্যাহত থাকে। আইএমডি বিষয়াসকলৰ মতে, পশ্চিম ৰাজস্থান আৰু পঞ্জাৱৰ কিছু অংশত মৌচুমী বায়ুৰ প্ৰভাব ২৮ ছেপ্টেম্বৰৰ পৰা ক্ৰমশঃ হ্ৰাস পাইছিল আনহাতে উত্তৰ-পূৱত  ইয়াৰ প্ৰভাৱ সাধাৰণতে অক্টোবৰৰ দ্বিতীয় সপ্তাহৰ পৰা হ্ৰাস পায় ৷
অনিয়মীয়া বৰষুণে এই অঞ্চলৰ কৃষি ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলস্বৰূপে কৃষিৰ উৎপাদন হ্ৰাস পাব ৷
ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আইচিএআৰ)ৰ বিজ্ঞানীসকলৰ মতে, অনিয়মীয়া মৌচুমীয়ে অঞ্চলটোৰ খাৰিফ আৰু ৰবি দুয়োটা শস্য প্ৰভাৱিত কৰাৰ সম্ভাৱনা আছে। আইএমডি ৰেকৰ্ড অনুসৰি, ১ জুনৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত ছিক্কিমে অতিৰিক্ত ৬০ শতাংশ বৰষুণ, মেঘালয়ে অতিৰিক্ত ৩৯ শতাংশ, অৰুণাচল প্ৰদেশে অতিৰিক্ত ১৩ শতাংশ আৰু অসমে ১১ শতাংশ অতিৰিক্ত বৰষুণ ৰেকৰ্ড কৰিছিল। মণিপুৰত চলিত বৰ্ষত ৪৭ শতাংশ বৰষুণ, মিজোৰামে  ৩৪ শতাংশ, নাগালেণ্ডে  ২৬ শতাংশ আৰু ত্ৰিপুৰা‌ই  ৩১ শতাংশ কম বৰষুণ ৰেকৰ্ড কৰিছে।
আইএমডিৰ বিষয়া আৰু বিশেষজ্ঞসকলে কয় যে  উত্তৰ-পূৱৰ পাৰ্বত্য অঞ্চলৰ বেছিভাগ অঞ্চলতে চাৰি মাহ যোৰা দীঘলীয়া দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ (জুন-ছেপ্টেম্বৰ) পূৰ্ণ প্ৰভাৱ চলি আছে যিটো তুলনামূলকভাৱে কৃষক তথা কৃষিক্ষেত্ৰৰ বাবে সুখবৰ ৷ বিজ্ঞানী ৰঞ্জন ফুকনে কয় যে হিমালয়ৰ নামনি অঞ্চল ছিক্কিম, অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত মৌচুমীৰ প্ৰভাৱ  সক্ৰিয় ভাৱে থকা বাবে  ধাৰাসাৰ বৰষুণ হৈছে।
“মৌচুমীৰ প্ৰথমাৰ্দ্ধলৈকে উত্তৰ-পূৱৰ চাৰিখন ৰাজ্যত ভাল বৰষুণ হৈছিল। বংগোপ সাগৰত এটাৰ পিছত এটাকৈ হোৱা নিম্ন চাপৰ পিছত, মৌচুমীৰ বায়ুৰ প্ৰভাব পূৱ আৰু মধ্য ভাৰতৰ অঞ্চললৈ সম্প্ৰসাৰিত হয় যাৰ ফলত বিভিন্ন ৰাজ্যত কম বৰষুণ হয়” ফুকনে কয়।

চাৰিখন ৰাজ্যত ১৭২ জনৰ প্ৰাণহানি
দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলৰ মতে, মৌচুমী বায়ুৰ প্ৰভাৱৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনে অসমত ১৪৬ জন, অৰুনাচল প্ৰদেশত ১৫ জন, মেঘালয়ত ১০ জন আৰু ত্ৰিপুৰা‌ত এজনৰ প্ৰাণ কাঢ়ে। আইচিএআৰ-ৰ মুখ্য বিজ্ঞানী শংকৰ প্ৰসাদ দাসে কয় যে অনিয়মীয়া মৌচুমীয়ে উত্তৰ পূৰ্বাঞ্চলৰ খাৰিফ শস্য প্ৰভাৱিত কৰিব।” উত্তৰ পূৰ্বাঞ্চলৰ কৃষিক্ষেত্ৰ খনত, কম বৰষুণে যথেষ্ট প্ৰভাৱিত কৰি আহিছে ৷ অঞ্চলটোত বৰষুণ অতি অনিয়মীয়া। কম বৰষুণে মিজোৰামৰ শস্যক্ষেত্ৰ প্ৰভাৱিত কৰিব আৰু তাৰ পিছত নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰা‌ৰ শস্যক্ষেত্ৰতো প্ৰভাৱ পেলাব বুলি দাসে কয়।” উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শস্যৰ বাবে আগষ্ট মাহত বৰষুণ হোৱাতো অতি গুৰুত্বপূৰ্ণ আৰু এই বছৰ, আগষ্টত, অঞ্চলটোৰ বৰষুণ হয় কম বা প্ৰয়োজনীয় পৰিমাণৰ নাছিল,” আইচিএআৰ-ৰ মুখ্য বিজ্ঞানীজনে ইংগিত দিয়ে।
অসমৰ বাৰ্ষিক বান
আগৰ বছৰৰ দৰে, এই বছৰো অসমৰ ২২ খন জিলাত হোৱা অত্যাধিক বানপানীয়ে ১২০ জন লোকৰ প্ৰাণ কাঢ়ে, আনহাতে ২২ মে’ৰ পৰা হোৱা ভূমিস্খলনৰ ফলত ২৬ জন লোক নিহত হয়।মৌচুমী বায়ুৰ ফলত হোৱা বৰষুণ শেষ হোৱাৰ লগে লগে আগষ্টৰ প্ৰথম সপ্তাহত পৰিস্থিতি যথেষ্ট উন্নত হৈছে  যদিও ৰাজ্যত ইতিমধ্যে ৩৩ খন জিলাত ৫,৩৭৮ খন গাৱঁত ৫৭ লাখ লোক প্ৰভাৱিত হৈছে।”ছেপ্তেম্বৰৰ অন্তিম ভাগত প্ৰবল বৰষুণৰ ফলত হোৱা বানপানীয়ে অসমৰ ৩৩ খন জিলাৰ ১৩ খন জিলাৰ  বিস্তৰ ক্ষতি কৰিছিল,”  ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ  বিষয়াই কয়। তেওঁৰ মতে, ৩০ খন জিলাত মুঠ ২,৬৫,৪০২ হেক্টৰ শস্য বেয়াকৈ প্ৰভাৱিত হৈছিল আনহাতে সৰ্বাধিক ক্ষতিগ্ৰস্ত ১১ খন জিলা হৈছে গোৱালপাৰা, মৰিগাওঁ, বঙাইগাওঁ, ধেমাজি, বাক্সা, নগাওঁ, কোকৰাঝাৰ, ধুবুৰী, শোণিতপুৰ, যোৰহাট আৰু কামৰূপ।
কাজিৰঙা বেয়াকৈ ক্ষতিগ্ৰস্ত
বানপানীয়ে বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানত  বনৰীয়া জীৱ-জন্তুক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে, এই বানপানীত ১৮ টা গড় আৰু ১৩৫ টা বনৰীয়া জীৱ-জন্তুৰ  এতিয়ালৈকে মৃত্যু হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিচালক  পি শিৱকুমাৰে কয় যে  ১৭২ টা বনৰীয়া জীৱ-জন্তু উদ্ধাৰ কৰা হৈছে যদিও ২৩ জুলাইলৈকে   উদ্যানৰ প্ৰায় ৯৫% অঞ্চল প্লাবিত হৈ আছে।

উদ্যানত এই বছৰ মৃত্যু হোৱা জন্তুবোৰৰ ভিতৰত আছে ১৮ টা গড়, ১০৭টা হগ হৰিণ, ১২ টা বনৰীয়া গাহৰি, ছটা বনৰীয়া ম’হ, চাৰিটা কেটেলা পহু আৰু তিনিটা  হৰিণ। উদ্ধাৰ কৰা ১৭২ টা জন্তুৰ ভিতৰত আছে তিনিটা গড়, ১২০টা হগ হৰিণ, ৩১ ডাল পাইথন আৰু চাৰিডাল কব্ৰা। বলীউডৰ অভিনেতা অক্ষয় কুমাৰকে ধৰি বিভিন্ন এনজিঅ’ আৰু ব্যক্তিসকলে বানপানীত আক্ৰান্ত লোকসকলকৰ বাবে সাহায্যৰ লগতে প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰিছে। (IANS)