বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিনামূলীয়া প্ৰশিক্ষণ দিব সৰ্বভাৰতীয় পৰীক্ষাৰ পৰীক্ষাৰ্থীক

বিনামূলীয়া প্ৰশিক্ষণ দিব সৰ্বভাৰতীয় পৰীক্ষাৰ পৰীক্ষাৰ্থীক

সৰ্বভাৰতীয় অসামৰিক পৰীক্ষাত উত্তীৰ্ণ হবলগীয়া মিজোৰামৰ পৰীক্ষাৰ্থী সকলৰ বাবে সুখবৰ

আইজাল ১৩ অক্টোবৰ – উত্তৰ পূবৰ এখন ক্ষুদ্ৰ  ৰাজ্য মিজোৰামৰ শিক্ষাৰ্থীসকলে  বিগত বছৰ সমূহত  কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত  আশানুৰূপ ফলাফল  দেখুৱাব পৰা নাই। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত মিজোৰামৰ যথেষ্ট সংখ্যক বিষয়াই সৰ্বভাৰতীয় সেৱা আগবঢ়াই অহা পৰিলক্ষিত হৈছিল । মিজোৰামৰ নৱপ্ৰজন্মক সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ  প্ৰতি উৎসাহ যোগাবলৈ মিজোৰাম চৰকাৰে এক আদৰণীয় পদক্ষেপ সদ্যহতে হাতত লৈছে ৷ এই পদক্ষেপৰ যোগেদি মিজোৰাম চৰকাৰে প্ৰশিক্ষাৰ্থী সকলক বিভিন্ন সা সুবিধাৰ লগতে   প্ৰয়োজনীয়  খৰছ পাতি বহন কৰিব ।এই সংক্ৰান্তত  মিজোৰামৰ মুখ্য মন্ত্ৰী জুৰাম ঠাংগাই অলপতে শিক্ষা, শ্ৰম  ,বিত্ত  বিভাগৰ মন্ত্ৰী আৰু শীৰ্ষ বিষয়াবৰ্গৰ  লগত এক গুৰুত্বপুৰ্ণ আলোচনাত মিলিত হয় ৷ এই আলোচনা মৰ্মে দিল্লীৰ কিছুমান বিশেষ স্বীকৃতি প্ৰাপ্ত আৰু সুখ্যাতি থকা অনুষ্ঠানৰ যোগেদি  সৰ্বভাৰতীয় পৰ্যায়ৰ বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে । মিজোৰামৰ শিক্ষামন্ত্ৰী লাছদামা লালটে আৰু মিজোৰামৰ ইয়ুথ কমিচনৰ অধ্যক্ষ বিন্তালাপিও এই বৈঠকত  উপস্থিত আছিল আৰু তেওঁলোকে প্ৰশিক্ষাৰ্থী সকলক সম্পূৰ্ণ বেতন আগবঢ়োৱাৰ কথা ঘোষণা কৰে। এই সম্পৰ্কত প্ৰশিক্ষাৰ্থী সকলক বাছনি কৰিবলৈ ৰাজ্যখনত এক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব।এই প্ৰৱেশ পৰীক্ষাৰ যোগেদি উত্তীৰ্ণ হোৱা  পৰীক্ষাৰ্থীসকলক মিজোৰাম চৰকাৰে দিল্লীত সম্পূৰ্ণ বিনামূলীয়াকৈ  অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিব। এই বৈঠকত মিজোৰামৰ মুখ্যমন্ত্ৰী জুৰাম থাংগাই  যোৱা কিছু বছৰ ধৰি মিজোৰামৰ পৰা সৰ্বভাৰতীয় সেৱা সমূহত ক্ৰমান্বয়ে উত্তীৰ্ণৰ  সংখ্যা হ্ৰাস পোৱাত উদ্বিগ্নতা প্ৰকাশ কৰে আৰু তেওঁ সমাজৰ সকলো স্তৰৰ লোককে এই বিষয়টো গুৰুত্ব সহকাৰে  ল’বলৈ আহ্বান জনায়। উল্লেখ কৰিব পাৰি যে জুৰাম থাংগাৰ উদ্যোগত সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ ওপৰিও বিভিন্ন ধৰণৰ কেন্দ্ৰীয় সেৱা , বেংকিং আৰু ব্যক্তিগত খণ্ডৰ নামী প্ৰতিষ্ঠানত যাতে মিজোৰামৰ উপযুক্ত  প্ৰাৰ্থীসকলে নিযুক্তি লাভ কৰে, তাৰবাবে মিজো ইয়ুথ কমিচনৰ যোগেদি এক উল্লেখযোগ্য পদক্ষেপ হাতত লোৱা হৈছে ৷ এই সংক্ৰান্তত উল্লেখ কৰিব পাৰি যে ২০০৮ চনত মিজোৰাম বিধান সভাই মিজো ইয়ুথ কমিচন শীৰ্ষক এখন  বিশেষ আইন প্ৰণয়ন কৰিছিল ।এই কমিচনক ৰাজ্য খনৰ নিবনুৱা শিক্ষিত যুৱক যুবতী সকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ ল’বলৈ উপযুক্ত ক্ষমতা প্ৰদান কৰা হৈছে। কমিচনে ইতিমধ্যে বিভিন্ন সৰ্বভাৰতীয় সেৱা আৰু ৰাজ্যিক সেৱাৰ নিযুক্তিৰ বাবে যুৱক যুৱতী সকলৰ প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু নিৰ্দেশনাৰ  ব্যৱস্থা কৰি আহিছে। যি সকল  প্ৰাৰ্থীয়ে সংযুক্ত লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত  পৰীক্ষাৰ প্ৰাৰম্ভিক আৰু মুখ্য পৰীক্ষাত উত্তীৰ্ণ হ’ব,তেওঁলোকক ৫০ হাজাৰ পৰা ১ লাখ টকা লৈকে জলপানি দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷