বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Neighbours  / Bangladesh  / আমি বিদ্যালয়লৈ যাম কিন্তু কেতিয়া

আমি বিদ্যালয়লৈ যাম কিন্তু কেতিয়া

বাংলাদেশত বিদ্যালয় খোলাক লৈ অনিশ্চয়তা

ঢাকা, ২১ অক্টোবৰঃ ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশখনৰ চৰকাৰে বিভিন্ন ধৰণৰ সতৰ্কতা  তথা প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এই পৰিপ্ৰেক্ষিতত বাংলাদেশৰ শিক্ষানুষ্ঠানসমূহ বিগত কেইবা মাহ ধৰি বন্ধ কৰি দিয়া হৈছিল। ক’ভিড-১৯ ৰ দ্ৰুত সংক্ৰমণৰ ফলত দেশখনৰ শিক্ষাৰ্থীসকলৰ বাবে অনলাইন তথা ডিজিটেল মাধ্যমৰ যোগেদি শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু তাৰমাজতে শিক্ষানুষ্ঠানসমূহ খোলাৰ বিষয়ে বিভিন্ন মাধ্যমত চিন্তা-চর্চা কৰা হৈছিল। শেহতীয়াকৈ, বাংলাদেশৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী দিপু মণিয়ে নৱেম্বৰ মাহত দেশখনৰ বিদ্যালয় তথা মহাবিদ্যালয়সমূহ খোলাৰ  সম্ভাৱনীয়তাৰ কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। উল্লেখযোগ্য যে ইতিমধ্যে বাংলাদেশত ৩,৯০, ২০৬ জন লোক ক’ভিড-১৯ সংক্ৰমণৰ চিকাৰ হৈছে আৰু তেওঁলোকৰ মাজৰ ৫,৬৯৯ জন লোকে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে। মন্ত্ৰীগৰাকীয়ে ঢাকাৰ সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে বৰ্তমানলৈকে দেশখনত ক’ভিড-১৯ ৰ সংক্ৰমণ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ হোৱা নাই ৷ সেইবাবে কিছুদিন আগতে যিসমূহ শিক্ষানুষ্ঠান পুনৰ খুলি দিয়া হৈছিল, সেইবোৰ শিক্ষানুষ্ঠান পৰৱৰ্তী সময়ত পুনৰ বন্ধ কৰাৰ নিৰ্দেশ দিবলগীয়া হয় ৷ মন্ত্ৰীগৰাকীয়ে লগতে এইবুলিও সতৰ্কবাণী শুনাই যে বিশেষজ্ঞসকলে ইতিমধ্যে  মহামাৰীৰ দ্বিতীয় ঢৌৰ আক্ৰমণ হৈছে বুলি আশংকা প্ৰকাশ কৰিছে। এনে আশংকাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ উচ্চক্ষমতাশালী ‘ৰাষ্ট্ৰীয় পৰামৰ্শদাতা সমিতি’ৰ লগত বিশদ আলোচনা কৰিহে শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। আনহাতে, উক্ত সংবাদমেলতে শিক্ষামন্ত্ৰী গৰাকীয়ে ব্যক্ত কৰে যে বাংলাদেশ চৰকাৰে শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ স্বাস্থ্যৰ নিৰাপত্তা সম্পৰ্কে সম্পূৰ্ণ আশ্বস্ত হ’ব পাৰিলেহে বিদ্যালয় তথা মহাবিদ্যালয়সমূহ খোলাৰ নিৰ্দেশনা জাৰি কৰিব। শিক্ষানুষ্ঠানসমূহ খোলাৰ সময়ত যাতে শিক্ষাৰ্থীসকল, অভিভাৱকসকল আৰু শিক্ষকসকলে কোনোধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব লগা নহয়, তাৰ প্ৰতি চৰকাৰ সদা সতৰ্ক বুলিও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। উল্লেখযোগ্য যে, বাংলাদেশ চৰকাৰে ১৭ মাৰ্চৰ পৰাই সকলোধৰণৰ শিক্ষানুষ্ঠান বন্ধ কৰি দিছিল। পৰ্য্যায়ক্ৰমে ঘোষণা কৰা লকডাউন প্ৰক্ৰিয়া ইতিমধ্যে বিভিন্ন সময়ত পুনৰ বলৱৎ তথা সম্প্ৰসাৰণ কৰা হৈছে। শেহতীয়া লকডাউনৰ নিৰ্দেশনা ৩১ অক্টোবৰলৈকে বাহাল ৰখাৰ কথা ঘোষণা কৰা হৈছে। বাংলাদেশ চৰকাৰৰ শিক্ষামন্ত্ৰীৰ এনে  ঘোষণাৰ পৰিপ্ৰেক্ষিতত দেশখনৰ সকলো স্তৰৰ শিক্ষানুষ্ঠান পুনৰ মুকলি কৰাৰ বিষয়ত এতিয়া যথেষ্ট  অনিশ্চয়তা আহি পৰিছে।