বৃহষ্পতিবাৰ, ২৯ জুলাই, ২০২১

NewsFile Institute
Home / Biosphere  / ঘোঁৰাই উদ্ধাৰ কৰিছে বানাক্ৰান্তক

ঘোঁৰাই উদ্ধাৰ কৰিছে বানাক্ৰান্তক

বানপানীত আক্ৰান্ত হায়দৰাবাদীলোকৰ ৰক্ষাকৰ্তা হিচাপে অশ্বাৰোহী হায়দৰাবাদ হৰ্ছ ৰাইডিং স্কুুল

হায়দৰাবাদ, ২৩ অক্টোবৰ : বানপানীত আক্ৰান্ত হায়দৰাবাদৰ প্লাবিত অঞ্চলসমূহত অশ্বাৰোহীসকল আক্ৰান্ত লোকসকলৰ ত্ৰাণকৰ্তা হিচাপে আগবাঢ়ি আহিছে।
নাদীম ক’লনি আৰু অন্যান্য পানীত ডুব যোৱা অঞ্চলত মানুহৰ ঘৰে ঘৰে গৈ, হায়দৰাবাদ হৰ্ছ ৰাইডিং স্কুলৰ অশ্বাৰোহীসকলে খাদ্য, গাখীৰ, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আহিছে।
চহৰখনৰ আটাইতকৈ ভয়ংকৰ বানপানীৰ ভুক্তভোগীসকলক সহায়ৰ হাত আগবঢ়াবলৈ এইছ.এইছ‌.আৰ.এছৰ ইউনিফৰ্ম পৰিহিত ১০-২০ জন প্ৰশিক্ষণপ্ৰাপ্ত অশ্বাৰোহীৰ এটা দল নাদীম কলনি, নীৰজা কলনি, বলৰেদ্দী নগৰ আৰু ভিৰাছত নগৰলৈ যায়।
দুৰ্যোগৰ মাজত ত্ৰাণকৰ্তা

ৰাইডিং স্কুলৰ সভাপতি আৰু মুখ্য প্ৰশিক্ষক মোহাম্মদ আব্দুল ৱাহবে বিভিন্ন দলত বিভক্ত কৰি গোটবোৰক বিভিন্ন প্ৰান্তত সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ৷ “কাৰোবাক আৰু কিবা প্ৰয়োজন আছে নেকি” বানপানীৰ মাজত তেওঁ প্ৰায়ে প্ৰশ্ন কৰা শুনা গৈছে ৷

আব্দুল ৱাহাবে কয় যে তেওঁলোকৰ বিদ্যালয়খন বিভিন্ন সামাজিক সেৱাৰ কামত নিৰন্তৰ জড়িত হৈ থাকে, কিন্তুু তেওঁলোকে প্ৰথমবাৰ উদ্ধাৰ আৰু সহায় প্ৰদানৰ বাবে ঘোঁৰা ব্যৱহাৰ কৰিছে।
যিহেতু বৰষুণ আৰু বানপানী‌য়ে বহু অঞ্চল ৪-৫ফুট পানীৰ তলত ৰাখিছে সেই ঠাইসমূহত সাহাৰ্য প্ৰদান কৰাটো সহজ নহয়।

প্ৰকৃতিগতভাৱেই  সাঁতোৰবিদ ঘোঁৰা

“ঘোঁৰা প্ৰাকৃতিক সাঁতোৰবিদ। ইতিহাসে কয় ঘোঁৰাই সাঁতুৰি নদী পাৰ কৰি যোদ্ধাসকলক সহায় কৰিছিল।”  আব্দুল ৱাহাবে কয়, যিয়ে অশ্বাৰোহীসকলক বিভিন্ন দলত বিভক্ত কৰি কামবোৰ আৱণ্টন কৰি সমগ্ৰ অভিযানটো কাৰ্যকৰী কৰাৰ পৰিকল্পনা কৰিছিল।
অশ্বাৰোহীসকল এটা পৰিয়ালৰ পৰা অহা আব্দুল ৱাহাবে কৈছিল “বানপানীৰ ফলত হোৱা ধ্বংসৰ ফলত তেওঁ বিচলিত হৈ পৰে আৰু সামৰ্থ্য অনুসৰি সহায় কৰিব বিচাৰে। মানৱ সেৱা হৈছে আটাইতকৈ ডাঙৰ সেৱা। যেতিয়া আপোনাৰ সকলো আছে, আপুনি বাহিৰলৈ যাব লাগে আৰু কষ্টত থকা লোকসকলক সহায় কৰিব লাগে। ই এক সন্তুষ্টি প্ৰদান কৰে যে আমি মানুহৰ কিবা কামত আহিছোঁ”।
নিজকে টোলি চকী অঞ্চলতে আৱদ্ধ নাৰাখি আব্দুল ৱাহাবে পুৰণি চহৰৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত  অঞ্চল হাফিজ বাবা নগৰলৈও যায়। 
আমি এতিয়া ঘোঁৰা ব্যৱহাৰ কৰা নাই কাৰণ পানী হ্ৰাস পাইছে কিন্তু বানপানীয়ে মানুহক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিছে। মানুহে সকলো হেৰুৱাইছে,” তেওঁ কয়।
তেওঁ তেওঁৰ দলৰ সৈতে, প্ৰভাৱিত সকলৰ ঘৰলৈ গৈ অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰিছে।
“তেওঁলোকক বাচন আৰু কাপোৰৰ প্ৰয়োজন কিয়নো পানীয়ে সকলো লৈ গৈছে। প্ৰতিটো ঘৰত বোকা মাটি জমা হৈছে,” তেওঁ কয়।
১৩ অক্টোবৰৰ পৰা হোৱা ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত হায়দৰাবাদ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ৩৩ জন লোকৰ মৃত্যু হৈছে আৰু শ শ লোক ক্ষতিগ্ৰস্ত হৈছে।