মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / তেজস্বী-ৰাহুল একে মঞ্চত

তেজস্বী-ৰাহুল একে মঞ্চত

নিৰ্বাচনী প্ৰচাৰত তেজস্বী‌ৰ দহ লাখ চাকৰি দিয়াৰ ঘোষণাই সুফল দিছে

পাটনা, ২৩ অক্টোবৰঃ বিহাৰৰ পূৰ্বৰ মুখ্য মন্ত্ৰী লালু প্রসাদ যাদৱ বিগত ৪০ বছৰত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰত আছে ৷ সেয়ে তেওঁৰ পুত্ৰ তেজস্বীয়ে এইবাৰ ৰাষ্ট্ৰীয় জনতা দল (আৰ.জে.ডি)ৰ নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দিবলগীয়া হৈছে  আৰু  আজি এক ৰাজহুৱা সভাত ৰাহুল গান্ধীৰ সৈতে তেওঁ একে মঞ্চ‌ত উপস্থিত থাকে। 
বিহাৰৰ নাৱাদা জিলাৰ হিচুৱাত এক ৰাজহুৱা সভাত  আৰজেডিৰ নেতাজনে ৰাহুল গান্ধীৰ সৈতে একেলগে অংশ গ্ৰহণ কৰে। নিৰ্বাচনমুখী ৰাজ্য বিহাৰত মহাজোঁটৰ পিছত কংগ্ৰেছ নেতাজনৰ এইখন প্ৰথম ৰেলি আছিল।

শেহতীয়াকৈ তেজস্বী যাদৱে বিহাৰত তেওঁৰ নিৰ্বাচনী ৰেলিলৈ মানুহক আকৰ্ষণ কৰাত সফল হৈছে । ইতিমধ্যে বিহাৰত দৈনিক প্ৰায় এক ডজন ৰেলি সম্বোধন কৰি থকা নেতাজনে ৰাজ্যৰ ৰাজনীতিত নিজৰ এক স্থান নিশ্চিত কৰিছে । 

 বিহাৰৰ ৰাজনৈতিক ক্ষেত্ৰখন পুনৰ নিজৰ অধীনলৈ অনাটো মহাজোঁটৰ আৰু আৰজেডিৰ বাবে এতিয়াও কঠিন,
কাৰ্যকাল প্ৰায় শেষ হোৱা বৰ্তমান‌ৰ বিধানসভাৰ বিৰোধী নেতা তেজস্বী, আৰজেডি দলৰ মুখ্য প্ৰচাৰক  আৰু প্ৰচাৰ অভিযানৰ কেন্দ্ৰবিন্দু । বৰ্তমান জেলত থকা তেওঁৰ পিতৃৰ এসময়ৰ মিত্ৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তেওঁৰ আক্ৰমণৰ মূল লক্ষ্য।
তেজস্বী‌ৰ  লক্ষ্য ২০০ ৰেলী সম্বোধন কৰা

যদিও আৰজেডি-এ ৩০ জন ষ্টাৰ কেম্পেইনাৰক নিয়োগ কৰিছে, বিহাৰৰ তিনিপৰ্যায়ৰ নিৰ্বাচনৰ আগমূহুৰ্তত কেৱল তেজস্বীকহে  নিৰ্বাচনী প্ৰচাৰত নামি পৰা দেখা গৈছে । দলৰ তৰফৰ পৰা জনোৱা হৈছে  যে  তেওঁ ২০০ৰো অধিক ৰেলী সম্বোধন কৰিব।
 ৰাজহুৱা ৰেলীসমূহত তেজস্বীয়ে উত্থাপন কৰা বিষয়সমূহে বিহাৰৰ লোকসকলৰ মাজত সচেতনতাৰ সৃষ্টি কৰিছে ৷
 সংস্থাপনত  গুৰুত্ব

যদিও দলৰ নেতাসকলে লালু প্ৰসাদৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছে তথাপিও তেজস্বীয়ে এনডিএ নেতাসকলক ইতিমধ্যে কিছু পৰিমাণে চিন্তাত পেলাইছে। তেওঁলোকে কয় যে এনডিএ নেতৃবৰ্গৰ বাবে  যুৱ নেতাজনৰ পৰা অহা  প্ৰত্যাহ্বান  অপ্ৰত্যাশিত আছিল।
 বিহাৰত যুৱচামৰ মাজত চৰকাৰী চাকৰিৰ প্ৰতি হেঁপাহৰ  বিষয়ে জানি  তেজস্বীয়ে তেওঁৰ ভাষণৰ সময়ত চাকৰিৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰিছে। তেওঁৰ দলে বিহাৰৰ যুৱকসকলক ১০ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছে।
বিশেষজ্ঞসকলে অনুভৱ কৰে যে কৰ’না ভাইৰাছৰ ল’কডাউনৰ সময়ত প্ৰবাসীসকলৰ সংকট আৰু ১০ লাখ চাকৰিৰ প্ৰতিশ্ৰুতিয়ে আৰজেডিৰ নিৰ্বাচনী সমাৱেশলৈ বিশাল পৰিমাণৰ লোকক আকৰ্ষিত কৰিবলৈ সমৰ্থ হৈছে।