সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / প’ষ্টাৰ আঁতৰাবলৈ দিলে আৰক্ষীয়ে

প’ষ্টাৰ আঁতৰাবলৈ দিলে আৰক্ষীয়ে

শান্তি আৰু সমন্বয় বিঘ্নিত কৰিবলৈ চেষ্টা কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ আৰক্ষীৰ

শ্বিলং ২৩ অক্টোবৰ : ৰাজ্যৰ সকলো বঙালী সম্প্ৰদায়ৰ লোকক ‘বাংলাদেশী’ বুলি অভিযোগ কৰি বিভিন্ন স্থানত প’ষ্টাৰ লগোৱা কাৰ্যৰ বিৰুদ্ধে কঠোৰ হৈছে মেঘালয় আৰক্ষী ৷ মেঘালয়ৰ  প্ৰভাৱশালী ছাত্র সংগঠনটোৰ   

এনে কাৰ্যই  সাম্প্ৰদায়িক অস্থিৰতা সৃষ্টি কৰাৰ আশংকাতেই  আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতৰ্ক কৰি দিয়াৰ লগতে প’ষ্টাৰবোৰ আঁতৰোৱাৰ নিৰ্দেশ দিয়ে ৷
মেঘালয়ৰ সকলো বঙালী লোক বাংলাদেশী বুলি উল্লেখ কৰা বেনাৰ আৰু প’ষ্টাৰবোৰ খাছী ছাত্ৰ সংগঠন (কে.এছ.ইউ)ৰ দ্বাৰা লগোৱা  হৈছিল বুলি জানিব পৰা গৈছে।

এজন আৰক্ষী বিষয়াই কয় যে সাম্প্ৰদায়িক সম্প্ৰীতি অটুত ৰখাৰ স্বাৰ্থত সংগঠনটোৱে এনে কাৰ্যৰ পৰা  বিৰত থকা উচিত, অন্যথা শান্তি আৰু সমন্বয় বিঘ্নিত কৰিবলৈ চেষ্টা কৰা বুলি তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।

 সৰ্বভাৰতীয় মহিলা কংগ্রেছৰ সভাপতি সুস্মিতা দেবেও টুইটাৰ যোগে এই কাৰ্যৰ বিৰোধিতা কৰে ৷

কলকাতাৰ বিজেপি নেতা তথা মেঘালয়ৰ পূৰ্বৰ ৰাজ্যপাল তথাগত ৰয়ে এক টুইটযোগে কয়- ‘মই ৰাজ্যখনৰ প্ৰাক্তন ৰাজ্যপাল হিচাপে সম্পূৰ্ণ দায়িত্ব সহকাৰে  কওঁ যে কে.এছ.ইউক এইচ.এন.এল.চি-ৰ দৰেই নিষিদ্ধ কৰাৰ প্ৰয়োজন। ই এক ৰাষ্ট্ৰ-বিৰোধী সংগঠন, যি ভাৰতীয় নাগৰিকক ভীতি-প্ৰদৰ্শন কৰে, মোৰ পৰিয়ালৰ দৰে এওঁলোকৰ বহুতো ব্ৰিটিছৰ দিনৰে পৰা মেঘালয়ৰ বাসিন্দা।”

পূজা সমিতিৰ আহ্বান
 জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে শান্তি, সমন্বয় আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ মেঘালয়ৰ বিশেষকৈ শ্বিলঙৰ বাসিন্দাসকলক কেন্দ্ৰীয় পূজা সমিতি (চিপিচি)য়ে আহ্বান জনায়।

কে.এছ‍‍.ইউ-য়ে ইয়াৰ বেনাৰ আৰু প’ষ্টাৰসমূহত ফেব্ৰুৱাৰীত ভাৰত-বাংলাদেশ সীমাৰ ওচৰৰ এখন বাংলা-অধ্যুষিত অঞ্চল ইচামাটি গাৱঁত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা আন্দোলনত ইয়াৰ এজন কৰ্মীৰ মৃত্যুৰ বিষয়ে শোক প্ৰকাশ কৰে।

ইচামাটি ঘটনাৰ মুখ্য অভিযুক্ত এতিয়াও পলাতক কিন্তু সোধপোছৰ বাবে প্ৰায় ৪০ জন লোকক আটক কৰা হৈছিল। ইচামাটিত কিছুমান স্থানীয় লোকৰ দ্বাৰা বাংলাভাষী লোকক উৎপীড়ন কৰা হয় বুলি অভিযোগ কৰি কিছুমান লোকে বিভিন্ন সংগঠন আৰু তেতিয়া‌ৰ ৰাজ্যপাল সত্য পাল মালিকলৈ  ঘটনাৰ সবিশেষ জনাই পত্ৰ প্ৰেৰণ কৰাৰ পিছত বিষয়টোৱে পুনৰ গুৰুত্ব লাভ কৰে ৷

কেএছইউৰ সাধাৰণ সম্পাদক ডনাল্ড থাবাহে শ্বিলঙৰ সংবাদ মাধ্যমক কয় যে এই আন্দোলনবোৰ ‘ভুৱা প্ৰচাৰৰ বিৰুদ্ধেহে’।
শেহতীয়াকৈ ইচামাটিত বাস কৰা বঙালী লোকসকলৰ অৱস্থাৰ বুজ ল’বলৈ যাব বিচৰা পশ্চিম বংগৰ এটা সংগঠনক মেঘালয় চৰকাৰে অনুমতি প্ৰদান কৰা নাছিল।(IANS)