সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / মন্দিৰৰ নিয়ন্ত্ৰণ লাগে মুণ্ডাক

মন্দিৰৰ নিয়ন্ত্ৰণ লাগে মুণ্ডাক

দেউৰী মন্দিৰৰ ওপৰত ৰাজ্যৰ নিয়ন্ত্ৰণক লৈ ঝাৰখণ্ডৰ জনজাতীয়লোকসকল অসন্তুষ্ট

ৰাঁচী , ২৪ অক্টোবৰঃ তামৰত অৱস্থিত দেউৰী মন্দিৰৰ ব্যৱস্থাপনা জিলা প্ৰশাসনে হস্তগত কৰাৰ সিদ্ধান্তই ইয়াত থকা মুণ্ডা জনজাতিৰ সদস্যসকলক বিৰক্ত কৰিছে। এতিয়ালৈকে, শতিকা পুৰণি মন্দিৰটো স্থানীয় পুৰোহিত আৰু মুণ্ডা জনজাতিৰ দ্বাৰা চলোৱা হৈছিল। জনজাতিটোৱে ইয়াৰ মন্দিৰ ব্যৱস্থাপনাত স্থানীয় লোকসকলৰ ভূমিকা কমাবলৈ চৰকাৰে  প্ৰচেষ্টা চলোৱা বুলি ক’ব বিচাৰে, আনহাতে জিলা প্ৰশাসনে মন্দিৰৰ উন্নয়নৰ পৰিকল্পনা গ্ৰহণ কৰা বাবেহে এই পদক্ষেপ গ্ৰহণ কৰা বুলি কৈছে। আদিবাসী প্ৰতিনিধিৰ মুখ্যমন্ত্ৰী‌ক সাক্ষাৎ দুদিন আগতে, ঝাৰখণ্ড আদিবাসী মহাসভাৰ এজন প্ৰতিনিধিয়ে বিষয়টোত হস্তক্ষেপ বিচাৰি মুখ্যমন্ত্ৰী হেমন্ত চোৰেণক সাক্ষাৎ কৰে । তেওঁলোকে চোৰেণক জানিবলৈ দিয়ে যে প্ৰশাসনে ১৮ অক্টোবৰত মন্দিৰৰ দান বাকচটো বন্ধ কৰি দিয়ে আৰু স্থানীয় গ্ৰাম সভাৰ নিয়ন্ত্ৰণ সেই দিনাই শেষ হয় ৷ প্ৰতিনিধিজনে কয় যে জিলা প্ৰশাসনে এই আচৰণত বাধা দিয়া সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। হিন্দু নেতাসকল চিন্তিত ইয়াৰ পূৰ্বে ৰাজ্যৰ কিছু হিন্দু নেতাই জিলা প্ৰশাসনৰ এই সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁলোকে প্ৰশ্ন কৰিছিল যে চৰকাৰে অন্য অ-হিন্দু ধৰ্মীয় স্থানত কিয় দানপাত্ৰ হস্তগত কৰা নাই। “এয়া ধৰ্মীয় বিষয়ত চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপ,”  নাম প্ৰকাশত অনিচ্ছুুক হিন্দু নেতাজনে এনেদৰে  কয়। প্ৰশাসনৰ মতসমূহ
উক্ত বিষয়টো সম্পৰ্কত  উন্নয়ন বিষয়া (বিডিঅ’), ৰাহুল কুমাৰে কয় যে জনজাতীয়সকলৰ এই অভিযোগ ভিত্তিহীন।

মন্দিৰৰ উপাৰ্জন আৰু ব্যয়ৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনৰ চাৰিজন আৰু ন জন স্থানীয় প্ৰতিনিধিৰে এখন তেৰ জনীয়া সমিতি গঠন কৰা হৈছে। এই সৰল প্ৰক্ৰিয়াটো নেতিবাচক ভাৱে চোৱা হৈছে ৷কুমাৰে কয় ‘ ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যৰ আন কেইবাটাও মন্দিৰ চোৱাচিতা কৰি আছে।’ মন্দিৰটোত আছে ১৬ ভুজা দুৰ্গা এই মন্দিৰটো ষোল্ল ভুজা(১৬ খন হাত যুক্ত) দেৱী দুৰ্গা‌ৰ বাবে বিখ্যাত। ই ৰাঁচীৰ পৰা প্ৰায় ৬০ কিঃমিঃ আৰু তামৰৰ পৰা ৩ কিঃমিঃ নিলগত টাটা-ৰাঁচী পথৰ কাষত অৱস্থিত। ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সঘনাই মন্দিৰটো দৰ্শন কৰে। ই হৈছে ঝাৰখণ্ডৰ একমাত্ৰ মন্দিৰ য’ত পাৰম্পৰিক পাণ্ডাৰ সৈতে পাহন (জনজাতীয় পুৰহিত)এ পূজা কৰে।

মূল মন্দিৰটো ১১ শতিকাত প্ৰস্তৰৰে নিৰ্মাণ কৰা হৈছিল।