সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / আহ্বানেৰে ভৰপূৰ ‘মন কী বাত’

আহ্বানেৰে ভৰপূৰ ‘মন কী বাত’

প্ৰধানমন্ত্ৰী মোডীৰ 'মন কি বাত’ত আত্মনিৰ্ভৰ ভাৰতৰ বাবে আহ্বান

নতুন দিল্লী,২৫ অক্টোবৰ : দছেৰা উপলক্ষে প্ৰধানমন্ত্ৰী মোডীয়ে ‘মন কি বাত’ৰ এক বিশেষ ভাষণ প্ৰদান কৰে ৷এই ভাষণত সীমান্তত কৰ্ত্তব্যত নিয়োজিত জোৱানসকলৰ বাবে দেশবাসীক চাকি জলাবলৈ আহ্বান জনোৱাৰ লগতে ভাৰতৰ অনেক সামগ্ৰীয়ে আন্তৰাষ্ট্ৰীয় বজাৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথাও উল্লেখ কৰে ৷ উদাহৰণস্বৰূপে ভাৰতৰ থলুৱা তথা প্ৰকৃতিৰ লগত সামঞ্জস্য ৰক্ষা কৰি উৎপাদন কৰা খাদী বস্ত্ৰ সদ্যহতে সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে ৭০সংখ্যক ‘মন কি বাত’ৰ ভাষণত উল্লেখ কৰে ৷ ভৱিষ্যতে ভাৰতক প্ৰয়োজনীয় সকলো সামগ্ৰীৰ ক্ষেত্ৰত আত্মনীৰ্ভৰশীল হ’বলৈয়ো আহ্বান জন৷য়এই প্ৰসংগতে দেশৰ সীমান্তৰ সিপাৰৰ পৰা আহিব পৰা সম্ভাব্য যিকোনো সংকটৰ বিৰুদ্ধে দেশবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ ভিতৰতো আমাৰ মাজত থকা বিভিন্ন বৈচিত্ৰ্যৰ অপব্যাখ্যা আগবঢ়াই দেশবাসীৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰা অপশক্তি সমূহক ঐক্যবদ্ধভাৱে প্ৰতিহত কৰিবলৈ আহ্বান জনায়৷তাৰোপৰি ৩১অক্টোবৰৰ দিনটো চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি ‘ৰাষ্টীয় সংহতি দিৱস’ হিচাপে পালন কৰাৰ তাৎপৰ্যৰ বিষয়েও প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে ৷ চৰ্দাৰ পেটেলে অশেষ যত্ন তথা ত্যাগেৰে দেশৰ বিভিন্ন অংশক ভাৰতৰ লগত একত্ৰীকৰণ কৰাত আগভাগ লৈছিল বুলি উল্লেখ কৰি আমাৰ দেশৰ নতুন প্ৰজন্মই যাতে এনে ত্যাগক সদায় স্মৰণ কৰে ,তাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷আনহাতে ,চাফাই কৰ্মীসকলৰ ত্যাগ তথা শ্ৰমক  সকলোৱে যাতে সন্মান জনাই তাৰো  আহ্বান জনাই মোডীয়ে ৷ দেশবাসীক ক’ভিড মহামাৰীৰ সংক্ৰমণৰ সময়ত আমি নিজৰ লগতে আশে-পাশে পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰখা কিমান জৰুৰী,তাৰ কথাও উল্লেখ কৰে ৷ তাৰোপৰি মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তুলনাত এইবাৰ উৎসৱ উদযাপনৰ সময়ত ল’বলগীয়া সাবধানতাৰ কথাও উল্লেখ কৰে ৷