মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ধৰ্মৰ ৰাজনীতিয়ে স্পৰ্শ কৰিলে আদিবাসীকো

ধৰ্মৰ ৰাজনীতিয়ে স্পৰ্শ কৰিলে আদিবাসীকো

ঝাৰখাণ্ড মুক্তি মৰ্চাৰ দ্বাৰা বিধান সভাৰ বিশেষ অধিবেশনৰ দাবী৷এই প্ৰতিবেদন আগবঢ়াইছে ৰাজকুমাৰে

ৰাঁচী,২৫ অক্টোবৰ : ঝাৰখাণ্ড মুক্তি মৰ্চা দলৰ এক গৰিষ্ঠ সংখ্যক বিধায়কে কিছুদিন পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক এক পত্ৰযোগে বিধানসভাৰ বিশেষ অধিবেশন আহ্বান কৰি ৰাজ্যখনৰ আদিবাসী সকলৰ দীৰ্ঘদিনীয়া  দাবী ‘সৰনা কোড’ প্ৰযোজ্য কৰাত আগভাগ ল’বলৈ আহ্বান কৰে ৷ উল্লেখযোগ্য যে ‘সৰনা কোড’ৰ প্ৰচলন কৰিবলৈ ৰাজ্যখনৰ আদিবাসী সকলে দীৰ্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছে ৷ এই কোডৰ জৰিয়তে আদিবাসী সকলে নিজৰ পূৰ্বপুৰুষৰ ‘সৰনা’ ধৰ্মৰ পৰিচয় দিবলৈ সক্ষম হ’ব বুলি অনুভৱ কৰে ৷ উল্লেখযোগ্য যে ৰাজ্যখনৰ আদিবাসী সকলৰ ধৰ্ম সদ্যহতে হিন্দু,ইছলাম বা খীষ্ট্ৰধৰ্মী বুলিহে লোকপিয়লত উল্লেখৰ ব্যৱস্থা আছে ৷ ইয়াৰ বিপৰীতে ৰাজ্যখনৰ আদিবাসী সকলে তেওঁলোকৰ পূৰ্বপুৰুষৰ ধৰ্ম সৰনা বুলিহে লোকপিয়লত পৰিচয় দিব বিচাৰে ৷ উল্লেখযোগ্য যে ১৮৭১ চনৰ পৰা ১৯৫১চনলৈ ৰাজ্যৰ আদিবাসী সকলে নিজৰ ধৰ্ম সৰনা বুলি লোকপিয়লৰ প্ৰপত্ৰত উল্লেখ কৰিছিল ৷ আনহাতে ১৯৬১চনৰ পৰা লোকপিয়লৰ প্ৰপত্ৰত সৰনা ধৰ্মৰ বিকল্প নাছিল ৷ ফলস্বৰূপে আদিবাসী সকলে নিজৰ ধৰ্ম হিন্দু,ইছলাম বা খ্ৰীষ্টান বুলি পৰিচয় দিবলৈ বাধ্য হ’ল ৷ আদিবাসী বিভিন্ন সংগঠন তথা জনগোষ্ঠীয় নেতাই দাবী কৰে যে এই পদক্ষেপে আদিবাসী সকলৰ অতীজৰে পৰা চলি অহা ধৰ্মৰ বিপক্ষে এক ষডযন্ত্ৰ ৷ গতিকে ২০২১ৰ লোকপিয়লৰ আগে আগে এই বৈষম্যমূলক ব্যৱস্থা পৰিহাৰ কৰি আদিবাসী সকলক নিজৰ পূৰ্বৰ ধৰ্মৰ ভিত্তিত পৰিচয় দিবলৈ সুযোগ দিব লাগে ৷ উল্লেখযোগ্য যে ৩ নৱেম্বৰত ঝাৰখাণ্ড বিধানসভাৰ দুই সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হ’ব ৷এই উপনিৰ্বাচনত আদিবাসী সকলৰ সৰনা কোডৰ বিষয়টোৱে পুনৰ গুৰুত্ব লাভ কৰিব বুলি ঝাৰখাণ্ড মুক্তি মৰ্চা দলৰ নেতাসকল শংকিত হৈ পৰিছে ৷সেইবাবে মুখ্যমন্ত্ৰীক পত্ৰযোগে সৰনা কোড বলবৎ কৰাৰ বিষয়ে পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে ৷ উল্লেখযোগ্য যে ঝাৰখাণ্ডত কংগ্ৰেছ,ৰাষ্ট্ৰীয় জনতা দলৰ সৈতে ঝাৰখাণ্ড মুক্তি মৰ্চাৰ সন্মিলিত চৰকাৰ চলি আছে ৷