মঙ্গলবাৰ, ৩ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / কামাখ্যাত গোপনে উচুপিছে সুৱনে

কামাখ্যাত গোপনে উচুপিছে সুৱনে

লকডাউনে কোঙা কৰা এজন নিভাঁজ শিল্পীৰ জীবন কাহিনীৰে এই প্ৰতিবেদন যুগুতাইছে পাৰ্থ প্ৰতীম হাজৰিকাই

গুৱাহাটী ২৬অক্টোবৰঃ কৰোনা মহামাৰীৰ সংহাৰী ৰূপত স্তব্ধ হৈ পৰিছিল সকলোৰে গতানুগতিক জনজীৱন ৷ বিগত কিছু মাহ ধৰি  বিশ্বৰ লগতে ভাৰততো চলিছিল কেইবাটাও পৰ্যায়ত লকডাউন ৷ লকডাউনে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক অবস্থা এক প্ৰকাৰ কোঙা কৰি পেলাইছিল ৷ লকডাউনৰ পৰিপেক্ষিতত অসমতো সকলো পৰ্যায়ৰ মানুহৰ লগতে দিকবিদিক হেৰুৱালে একাংশ শিল্পীয়ে ৷ জীবন নিৰ্বাহৰ এক মাত্ৰ সম্বলটোৰ অচল অবস্থাত এমুঠি খাদ্যৰ বাবেও হাহাঁকাৰ কৰিব লগা হল বহুতো নিভাঁজ শিল্পীয়ে ৷ তেনে এজন নিভাঁজ শিল্পীয়েই হল কাম্যাখা মন্দিৰৰ সমীপত বসবাস কৰা সুৱন চন্দ্ৰ দাস ৷

এক কথাত কবলৈ গ’লে, কামাখ্যা মন্দিৰৰ চৌহদত থকা বিপনী সমূহৰ আঁৰৰ মানুহজন সুবন চন্দ্ৰ দাস ৷কিয়নো মন্দিৰৰ চৌপাশৰ বিপনীত গ্ৰাহকে হেতাওপৰা কৰা ধুনীয়া কাঠৰে নিৰ্মিত মুৰ্ত্তিবোৰ এওঁৰেই নিভাঁজ সাধনাৰ পৰিনতিত হোৱা সৃষ্টি ৷১৯৮০ চনৰ পৰাই  সুবন চন্দ্ৰ দাস এই বৃত্তিত নিয়োজিত হৈ আছে ৷ ৬২ বছৰীয়া দাসে সুদীৰ্ঘ কালৰে পৰা  বনাই আহিছে ৰংঘৰ,কাৰেংঘৰ ,কামাখ্যা নাইবা আন আন সামগ্ৰী ৷আঙুলিৰ স্পৰ্শৰে কাঠৰ টুকৰাত ৰহণ সানি প্ৰতিদিনাই দাসে সৃষ্টি কৰে ন ন প্ৰতিমূৰ্ত্তি ৷অসমৰো বাহিৰৰ কেইবাখনো ৰাজ্যৰ মানুহে দাসৰ পৰা লৈ গৈছে প্ৰতিমূৰ্ত্তি সমূহ ৷এই সমূহ বিক্ৰী কৰি পোৱা ন্যুনতম মাননিৰ পৰাই দাসে পোহপাল দিয়ে নিজৰ পৰিয়ালটোক ৷ কিন্তুু আজি পৰ্যন্ত এইজন শিল্পীয়ে পোৱা নাই কোনো ধৰনৰ চৰকাৰী সা সুবিধা ৷ যাৰ ফলত এটা ভঙা পঁজাতেই তেওঁ জীবন সংগ্ৰাম কৰিব লগা হৈছে ৷
 তেখেতৰ হাতৰ স্পৰ্শত ন ৰূপ লোৱা  সামগ্ৰী সমূহে স্থান পায় দেশী বিদেশীৰ পৰ্যটকৰ চ’ৰাঘৰত ৷ লতা মংগেশকাৰৰ পৰা আৰম্ভ কৰি নেপালৰ ৰজালৈকে প্ৰায় সকলো অতিথিয়েই কামাখ্যা ভ্ৰমণৰ সময়ত লৈ গৈছে তেওঁ নিৰ্মাণ কৰা সামগ্ৰী ৷ আনহাতে, তেওঁৰ ভাষ্য অনুসৰি পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ,বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মা আদি ৰাজনীতিবিদ সকলক কাম্যাখা দৰ্শনৰ সময়ত মন্দিৰৰ কতৃপৰ্ক্ষই তেখেতৰ হাতেৰে নিৰ্মিত আচবাব উপহাৰ হিচাবে আগবঢ়ায় ৷ 

লকডাউনৰ পৰিপেক্ষিতত এতিয়া কামাখ্যাত নাই দৰ্শনাৰ্থীৰ ভিৰ সেইবাবে বিক্ৰী কৰিব পৰা নাই দাসে এপদো সামগ্ৰী ৷ যাৰ ফলত অন্য শিল্পীৰ দৰেই সুবন চন্দ্ৰ দাসৰো জমা পুজিৰ ভৰাল উদং,যাৰ ফলত এক অনাকাংক্ষিত ভবিষ্যতে হাত বাউলি মাতিছে সুবন চন্দ্ৰ দাসক ৷