শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কাৰাগাৰ যাত্ৰা নিশ্চিত হ’ল দিলীপ পালৰ

কাৰাগাৰ যাত্ৰা নিশ্চিত হ’ল দিলীপ পালৰ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰায়ৰ কাৰাদণ্ডৰ আদেশ

নতুন দিল্লী,২৬ অক্টোবৰ : প্ৰাকৃতিক সম্পদৰে ভৰপূৰ ঝাৰখণ্ডৰ অৰ্থনীতিত কয়লাৰ এক উল্লেখযোগ্য অৱদান আছে ৷ আনহাতে এই কয়লা খনিৰ আৱণ্টনৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিয়ে সময়ে সময়ে সংবাদ শিৰোনামো দখল কৰে ৷ এনে এক বৃহৎ কেলেংকাৰীৰ বাবে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দিলীপ ৰায়ক সদ্যহতে ৩বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কৰা হৈছে ৷ অটল বিহাৰী বাজপায়ী চৰকাৰৰ মন্ত্ৰী দিলীপ ৰায়ক ১৯৯৯ চনত সম্পূৰ্ণ নীতি বৰ্হিভূতভাবে ঝাৰখণ্ডৰ গিৰীধ জিলাৰ ১০৫.১৫৩ হেক্টৰ অৰাষ্ট্ৰীয়কৃত তথা পৰিত্যক্ত খনি কেষ্ট্ৰন টেকনলজী নামৰ কোম্পানীটোক আৱণ্টন দিয়াৰ গোচৰত বিশেষ ন্যায়াধীশ ভাৰত পৰাশৰে শাস্তি বিহে৷প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীজনৰ লগতে কয়লা মন্ত্ৰণালয়ৰ দুজন প্ৰাক্তন উচ্চ বিষয়া প্ৰদীপ কুমাৰ বেনাৰ্জী,নিত্যানন্দ গৌতম,কেষ্ট্ৰন টেকনলজীৰ সঞ্চালক মহেন্দ্ৰ কুমাৰ আগৰৱালাক ৩ বছৰৰ কাৰাদণ্ড বিহা হয় ৷ তাৰোপৰি অভিযুক্ত ব্যক্তিসকলৰ প্ৰতেককেই ১০ লাখ টকাৰ জৰিমণা,কেষ্ট্ৰন টেকনলজীক ৬০ লাখ টকাৰ জৰিমণা তথা কেষ্ট্ৰন মাইনিং কোম্পানীক ১০লাখ টকাৰ জৰিমণা বিহা হয় ৷
চিবিআয়ে এই অভিযুক্ত ব্যক্তিসকলৰ যাৱজ্জীৱন কাৰাবাসৰ বাবে আদালতক প্ৰাৰ্থনা জনাইছিল যাতে সমাজৰ আগত এই শাস্তি এক উদাহৰণস্বৰূপ হয়৷আনহাতে অভিযুক্ত ব্যক্তিসকলে তেওঁলোকৰ বৃদ্ধাৱস্থাৰ কথা লক্ষ্য কৰি তথা পূৰ্বৰ কোনো অপৰাধ মুলক কাৰ্যত জডিত নথকাৰ বাবে আদালতৰ দ্বাৰা শাস্তি প্ৰদানৰ ক্ষেত্ৰত শিথিলতাৰ বাবে প্ৰাৰ্থনা জনাইছিল ৷ উল্লেখযোগ্য যে সুদীৰ্ঘকাল ধৰি চলা এই গোচৰত ৫১জন সাক্ষীৰ জৱানবন্দী লোৱা হৈছিল ৷ ৬ অক্টোবৰত আদালতে IPC তথা দুৰ্নীতি নিবাৰক আইনৰ বিভিন্ন ধাৰাত ওপৰোক্ত ব্যক্তিসকলক দোষী সাব্যস্ত কৰে ৷ জ্যেষ্ঠ লোক অধিবক্তা এ.পি সিঙে আদালতত চৰকাৰী পক্ষৰ হৈ অভিযুক্ত সকলৰ বিপক্ষে যুক্তি দৰ্শাইছিল ৷