সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / তিনিমাহৰ ভিতৰত ভাৰতত সৰ্বনিম্ন ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা

তিনিমাহৰ ভিতৰত ভাৰতত সৰ্বনিম্ন ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা

বিত্তীয় ক্ষতিপূৰণৰ মোকাবিলা কৰিবলৈ পেট্ৰলজাত সামগ্ৰীৰ ৰাজহ বৃদ্ধি কৰিব চৰকাৰে

নতুন দিল্লী, ২৬ অক্টোবৰ – মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰততো ক্ৰমান্বয়ে ক’ভিড১৯    মহামাৰীয়ে সংক্ৰামক ৰূপ ধাৰণ কৰিছিল ৷ বিগত মাহ কেইটাত ভাৰতত দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা ৫০ হাজাৰতকৈ অধিক হোৱাও পৰিলক্ষিত হৈছিল৷ কিন্তু বিগত কিছুদিনত  এই ক্ষেত্ৰত কিছু সকাহ পোৱা দেখা গৈছে। উদাহৰণ স্বৰূপে যোৱা ২৪ ঘণ্টাত ভাৰতত ৪৫,১৪৮ জন নতুন ক’ভিড১৯ ত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ বিপৰীতে  ৪৬৮ জন লোকে মৃত্যুক সাৱটি লৈছে। ইয়াকে লৈ ভাৰতত  এতিয়ালৈকে ৭,৯০,৯৫৯ সৰ্বমুঠ ক’ভিড আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে।কিন্তু যোৱা ২৪ ঘণ্টাত তুলনামূলক ভাবে  কমসংখ্যক ৰোগী আক্ৰান্ত হোৱা বাতৰিয়ে  প্ৰশাসন আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে কিছু আশাৰ সঞ্চাৰ কৰিছে  ।উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত হোৱা আক্ৰান্তৰ সংখ্যা জুলাই মাহৰ পৰা সৰ্ব নিম্ন দৈনিক আক্ৰান্তৰ সংখ্যা ৰূপে পৰিগণিত হৈছে। ভাৰতত  ইতিমধ্যে ১,১০,৯৪০ জন দুৰ্ভগীয়া ৰোগীয়ে  ক’ভিড ১৯  আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে।বৰ্তমান দেশত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা ৬,৫৩,৭১৭জন৷ আনহাতে, ভাৰতত ৰোগীৰ আৰোগ্যৰ হাৰ ৯০.২৩% আৰু মৃত্যুৰ হাৰ  ১.৫% ৷ গুৰুত্বপূৰ্ণ বিষয় এয়ে যে ভাৰতত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা শতকৰা হিচাপত পৃথিৱীৰ ভিতৰতে সৰ্বনিম্ন  ৰূপে চিহ্নিত হৈছে। যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত ৰোগীৰ   সংখ্যা হ্ৰাস হোৱা সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্য  বিভাগে   এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে৷উক্ত বিজ্ঞপ্তিত  ভাৰতে ক’ভিড ১৯ ৰ সংক্ৰমণৰ এক উল্লেখযোগ্য  স্তৰ ইতিমধ্যে অতিক্ৰম কৰিছে বুলি জাননী প্ৰকাশ কৰিছে।আনহাতে, ৰাজ্য সমুহৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ক’ভিড আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে। ৰাজ্যখনত ১,৬৪,৫০২জন আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰা হৈছে৷  মহাৰাষ্ট্ৰৰ পিছতে সৰ্বাধিক আক্ৰান্ত ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ ,কৰ্ণাটক ,উত্তৰপ্ৰদেশ আৰু দিল্লী।ভাৰতৰ ‘ইণ্ডিয়ান কাউঞ্চিল অফ মেডিকেল ৰিচাৰ্ছ’ ( ICMR)ৰ  এক বিজ্ঞপ্তি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষত যোৱা  দেওবাৰে ৯,৩৯,৩০৯ সংখ্যক ব্যক্তিৰ ক’ভিড টেষ্ট  কৰা হয় আৰু ইয়াকে লৈ ভাৰতত ইতিমধ্যে  ১০ কোটিৰ অধিক সংখ্যক লোকৰ ক’ ভিড টেষ্ট সম্পাদন কৰা হৈছে। উল্লেখ কৰিব পাৰি যে ক’ভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশ জুৰি ঘোষণা কৰা লকডাউনে   সমগ্ৰ দেশৰ অৰ্থ ব্যৱস্থাটোক সংকটৰ গৰাহলৈ ঠেলি দিছে।ইয়াৰ ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সমুহৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ব্যাপক ঘাটি হোৱাটো পৰিলক্ষিত হৈছে।চৰকাৰৰ ৰাজহৰ এনে ব্যাপক ঘাটিৰ পৰিপ্ৰেক্ষিতত  সদ্যহতে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল  আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে বুলি জানিব পৰা গৈছে। প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ ওপৰত ছয় টকা পৰ্যন্ত  শুল্ক বদ্ধি কৰাৰ পুৰ্ণ সম্ভাৱনা আগন্তুক দিন সমূহত আছে আৰু এই কৰৰ পৰা সংগ্ৰহ কৰা অৰ্থৰে কেন্দ্ৰীয় চৰকাৰে আগন্তুক দিনত দেশৰ অৰ্থ ব্যৱস্থা পুনৰুদ্ধাৰৰ পদক্ষেপ গ্ৰহণৰ পৰিকল্পনা কৰিছে।উল্লেখযোগ্য বিষয়টো হ’ল পেট্ৰল আৰু ডিজেলত চৰকাৰে এই শুল্ক বৃদ্ধি কৰিলে চৰকাৰে  প্ৰায়  ৬০ হাজাৰ কোটিৰ অতিৰিক্ত ৰাজহ লাভ কৰিব। আন ৩০ হাজাৰ কোটি  ২০২১ ৰ মাৰ্চ মাহৰ পিছতো সংগ্ৰহ কৰিব পৰা যাব।আনহাতে, পেট্ৰল আৰু ডিজেলৰ  সম্ভাব্য  কৰ বৃদ্ধি কৰাৰ সিন্ধান্ত গ্ৰহণৰ সময়ত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সহযোগত সাধাৰণ জনতাৰ ওপৰত যাতে অত্যধিক মূল্যবৃদ্ধিৰ বোজা নপৰে সেই বিষয়েও  চিন্তা চৰ্চা কৰা পৰিলক্ষিত হৈছে। বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে যোৱা এক মাহত আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য  প্ৰত্যেক বেৰেলত ৪৫ ডলাৰৰ পৰা ৪০ ডলাৰলৈ হ্ৰাস পাইছে আৰু তাৰ পৰিপ্ৰেক্ষিতত পেট্ৰল আৰু ডিজেলৰ  শুল্ক কিছু বৃদ্ধি কৰিব পৰা যাব৷ কিন্তু খাৰুৱা তেলৰ আন্তৰ্জাতিক মূল্য হ্ৰাস হোৱা বাবে খুচুৰা গ্ৰাহকৰ ক্ষেত্ৰত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনীয়তা নাই।