মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / ফুলগুৰি ধেৱাৰ কৃষকে আজিও বিনায়

ফুলগুৰি ধেৱাৰ কৃষকে আজিও বিনায়

ফুলগুৰিৰ কৃষক বিদ্ৰোহে প্ৰথমবাৰৰ বাবে কঁপনি তুলিছিল প্ৰবলপ্ৰতাপী ইংৰাজসকলৰ বৰঘৰত ৷ কিন্তু সেই ঐতিহ্যমণ্ডিত ফুলগুৰি আজিও উপেক্ষিত ৷এই প্ৰতিবেদন যুগুতাইছে ভাস্কৰ শইকীয়াই

নগাঁও ২৬ অক্টোবৰঃ সমগ্ৰ দেশৰ কৃষকৰ কান্দোনৰ মাজতে আমাৰ অসমৰ কৃষক বিদ্ৰোহেও পূৰ্ণ কৰিলে ১৫৯ বছৰ। ১৮ অক্টোবৰ অসমৰ ইতিহাসৰ এক উল্লেখযোগ্য দিন। এই দিনটোতে ইংৰাজ চৰকাৰৰ অত্যাধিক কৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সংগঠিত হোৱা কৃষকসকলক গুলীয়াই কলঙৰ পানী ৰাঙলী কৰিছিল বৃটিছৰ চিপাহীয়ে। ১৮৬১ চনৰ ১৮ অক্টোবৰত নগাঁও জিলাৰ ফুলগুৰিত ৫৪ জনৰো অধিক কৃষকে প্ৰাণ আহুতি দিয়া ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱাই এইবাৰ ১৫৯ বছৰত ভৰি দিলে। বুৰঞ্জীৰ পাত লুটিয়ালে দেখা যায় অতীতৰে পৰা বৰ্তমানলৈকে বিভিন্ন গণবিদ্ৰোহ, গণ-আন্দোলন আৰু গণ- বিপ্লৱত ‘ৰজাখেদা নগঞা’ ৰাইজে অংশগ্ৰহণ কৰি নিজৰ সংগ্ৰামী মনৰ পৰিচয় দি আহিছে ৷ এই ক্ষেত্ৰত কৃষক তথা শ্ৰমজীৱি সাধাৰণ জনতাৰ ভূমিকাও উল্লেখযোগ্য আছিল। শাসকীয় ইংৰাজ চৰকাৰৰ শোষণ-শাসন-নিষ্পেষণৰ বিৰুদ্ধে তেতিয়াৰ নগাঁও জিলাৰ ফুলগুৰিৰ কৃষক বিদ্ৰোহে ঔপনিৱেশিক ইংৰাজৰ ভেঁটি কঁপাই তুলিছিল। সেই বিদ্ৰোহ আজিও অসম বুৰঞ্জীত ‘ফুলগুৰি ধেৱা’ নামেৰে খ্যাত।

                  ইংৰাজৰ চিপাহীবোৰে তেতিয়া বিদ্ৰোহক ‘ধাৱা’ বুলি অভিহিত কৰিছিল আৰু সেই ধাৱা শব্দই আন এক ৰূপ লৈ প্ৰচলিত হ’ল ‘ধেৱা’ ৰূপে। উপযুক্ত নেতৃত্ব অবিহনেই জিলাখনৰ বিভিন্ন অঞ্চলৰপৰা কৃষকসকল আগবাঢ়ি আহি সংঘটিত কৰিছিল এই কৃষক বিদ্ৰোহ। নগাওঁ জিলা প্ৰেছ ক্লাৱৰ সম্পাদক চন্দনজ্যোতি বৰাই ফুলগুৰি ধেৱা সম্পৰ্কে কয় ‘অসমৰ প্ৰথম কৃষক বিদ্ৰোহ ‘ফুলগুৰি ধেৱা’ই সম্পূৰ্ণ কৰিলে ১৫৯ বছৰ। ১৮৬১ চনৰ ১৮ অক্টোবৰত ৰহাৰ সমীপৱৰ্তী ফুলগুৰিত,ফুলগুৰি তথা দাঁতিকাষৰীয়া অঞ্চলৰ কৃষক ৰাইজে বৃটিছ পুলিচ বাহিনীৰ বিৰুদ্ধে ৰাইজ মেল পাতি ঘোষণা কৰিছিল বিদ্ৰোহ। প্ৰতিশোধ কল্পে বৃটিছ আৰক্ষীয়ে চলোৱা নিৰ্বিচাৰ গুলীবৰ্ষণত থিতাতে নিহত হৈছিল ৩৯ জনকৈ লোক। কিন্তু এই বিদ্ৰোহ সৰ্বভাৰতীয় স্তৰত যেনেদৰে প্ৰচাৰ হ’ব লাগিছিল তেনেদৰে হোৱা নাই। কংগ্ৰেছ চৰকাৰে এখন স্মৃতি তোৰণ আৰু বৰ আঁহতৰ তলত এটা স্মৃতি সৌধ নিৰ্মাণ কৰিলে যদিও আজিও সংৰক্ষিত নহ’ল ঐতিহাসিক ফুলগুৰি ধেৱাৰ  ইতিহাস। কেৱল মাত্ৰ বিশেষ দিনটোত ফুলগুৰি ধেৱা স্মৃতি ৰক্ষা সমিতিয়ে দিনযোৰা  কাৰ্যসূচীৰে স্মৃতি ৰোমন্থন কৰে। এই বিদ্ৰোহ কৃষকৰ স্বাভিমানৰ প্ৰতীক। বৰ্তমানৰ চৰকাৰ খন অথবা পূৰ্বৱৰ্তী চৰকাৰ সমূহেও কৃষকৰ উন্নয়নৰ কথা চিন্তা কৰা নাই, বৰঞ্চ বৰ্তমানৰ চৰকাৰ খনে কৃষক বিৰোধী আইনহে বলবৎ কৰিছে। সেয়ে ৰাইজেই ফুলগুৰি ধেৱাৰ স্মৃতি সজীৱ কৰি ৰাখিব লাগিব।  

          ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত বৃটিছ চৰকাৰৰ ধনৰ ভঁড়াল টনকিয়াল কৰাৰ প্ৰয়োজন হোৱাত ১৮৫০ চনৰ জেমচ উইলচনৰ উপদেশ মতে লগোৱা আয়কৰ সমগ্ৰ অসমৰ লগতে নগাঁৱতো বলৱৎ কৰা হ’ল। সাধাৰণ কৃষকে কৰ-কাটলৰ হেঁচাত মূৰ দাঙিব নোৱাৰা অৱস্থাত ১৮৫৮ চনত গোচৰ আদিৰ সংখ্যা কম কৰাৰ অজুহাতত আদালতৰ নিষেধাজ্ঞা উলংঘন কৰি নগাঁৱতো ষ্টাম্প ডিউটী লগালে। কামৰূপ, দৰং আৰু নগাঁৱৰ সদৰত আবকাৰী কৰ লগালে। কৰ উঠাওতে কৰতকৈ অধিক খৰচ হ’ব বুলি জনজাতীয় এলেকা ইয়াৰ পৰা বাদ পৰিল। নদী- বিলত মাছ মাৰিবলৈ নিৰ্দিষ্ট মহল কৰি সৰ্বোচ্চ ডাক দিয়াজনৰ লগতে বন্দোৱস্তী দি জল-কৰ লোৱাৰ ব্যৱস্থা কৰিলে। কঠৰ ওপৰত গড়মাটি কৰ, ইকৰা-খাগৰিৰ ওপৰত বনকৰ আৰু চৰণীয়া পথাৰৰ বাবে খুচাৰীকৰ ধাৰ্য্য কৰে। হাট- ঘাটত অধিক ডাকত বিক্ৰী কৰাৰ বাবে জমা স্থিৰ কৰে। ফলস্বৰূপে এনেয়ে ভাগি পৰা কৃষকৰ আৰ্থিক অৱস্থাত নতুন হেঁচা পৰে। বাৰী-চাপৰি মাটিত সৰহকৈ আফুখেতি কৰাত তাৰ ৰসেৰে কানি তৈয়াৰ কৰিবলৈ লোৱাত খাজনা সংগ্ৰহৰ পৰিমাণ কমিছে বুলি ১৮৫১- ৫২ ত চৰকাৰে নিজে আবকাৰী-কানি বেচা প্ৰথা অৱলম্বন কৰে। এনেদৰে বিভিন্ন কৰ-কাটলেৰে অসমবাসী জনতাক কৌশলেৰে দমন কৰি ৰখা ব্ৰিটিছৰ এনে কাৰ্যৰ বিৰুদ্ধে সমগ্ৰ অসমৰ চুকে-কোণে প্ৰতিবাদৰ তীব্ৰ ঢৌ বিয়পি পৰিছিল ৷ ব্ৰিটিছে অন্যায়ভাবে প্ৰয়োগ কৰা এনে কৰ শীঘ্ৰে বাতিল কৰিবৰ বাবে দাবী জনাই অসমৰ আন ঠাইৰ দৰে ফুলগুৰিৰ ৰাইজেও বিদ্ৰোহ ঘোষণা কৰিছিল ৷ বিদ্ৰোহ দমনৰ অৰ্থে ইংৰাজে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ আৰু ৯ অক্টোবৰত আন্দোলনকাৰী জনতাৰ ওপৰত অবৰ্ণনীয় নিৰ্যাতন চলায় ৷ কিন্তু ব্ৰিটিছৰ এনে নিৰ্যাতনত অলপো ভীতিগ্ৰস্ত নহৈ প্ৰতিবাদী ৰাইজ আগতকৈও অধিক জেদী হৈ উঠে আৰু নানা ধৰণৰ দমন উৎপীড়নেও সেও মনাব নোৱাৰা কৃষক ৰাইজে উক্ত বছৰৰে ১৮ অক্টোবৰত পূৰ্বতকৈও অধিক সংগঠিত আৰু শক্তিশালী ৰূপত প্ৰতিবাদ জনাবৰ কাৰণে আগবাঢ়ি আহে৷        

      নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক জিতেন বৰাই ঐতিহাসিক ফুলগুৰি ধেৱা সম্পৰ্কত কয় ‘আমি কৃষক মুক্তিৰ সদস্য। কৃষি আমাৰ বাবে সকলো। কৃষিয়ে আমাৰ মূলধন। কিন্তু আমি কৃষক সমাজ অতীতৰ পৰাই নিষ্পেষিত হৈ আহিছোঁ পুঁজিবাদী সমাজৰ হাতত।১৮৬১ চনৰ ১৮ অক্টোবৰৰ দিনটোত কৃষকৰ হৈ মাত মাতিবলৈ গৈ বৃটিছৰ গুলীত প্ৰাণ আহুতি দিছিল বহু কেইগৰাকী কৃষকে। অসমত বৃটিছৰ বিৰুদ্ধে প্ৰথম আন্দোলনৰ পদক্ষেপ কৃষকে সমাজেই গ্ৰহণ কৰিছিল। ভাৰত স্বাধীন হোৱা ৭২ বছৰ হ’ল, প্ৰায় সকলো ক্ষেত্ৰত পৰিৱৰ্তন ঘটিল কিন্তু অতি দূৰ্ভাগ্যজনক কথা যে কৃষক সকল যেন বৰ্তমানেও স্বাধীন নহ’ল। অতি পৰিতাপৰ কথা যে ফুলগুৰিত বৃটিছৰ গুলিত নিহত বহু শ্বহীদৰ পৰিয়াল আজিও উপেক্ষিত। বাহু কৈৰ্বত্ত, লক্ষন সিং ডেকা এইসকল ফুলগুৰিৰ এই বিদ্ৰোহত সক্ৰিয়ভাৱে জড়িত আছিল। এইসকলৰ পৰিয়ালৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা। বহু চৰকাৰ আহিল বহু গ’ল কিন্তু শ্বহীদৰ এই পৰিয়ালৰ কোনেও এবাৰ খবৰ নল’লে। আনকি আঞ্চলিকতাবাদী চৰকাৰেও তেওঁলোকৰ প্ৰতি সহানুভূতি নজনালে। আনকি ইতিহাস প্ৰসিদ্ধ ফুলগুৰিতো এখন সাধাৰণ তোৰণ দি চৰকাৰে পাল মাৰিলে। আমি বিচাৰো অসম আন্দোলনৰ পটভূমি ঐতিহ্যমণ্ডিত ফুলগুৰিক পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰক চৰকাৰে; যাতে নৱপ্ৰজন্ম‌ই ফুলগুৰিৰ ইতিহাস সম্পৰ্কে অৱগত হয়। লগতে শ্বহীদ সকলৰ পৰিয়াল সমূহকো খবৰ ল‌ওক।’ 

                ফুলগুৰি ধেৱা অসমৰ বাবে এক সম্ভাৱ্যপূৰ্ণ পৰ্য্যটন ক্ষেত্ৰ । নগাওঁ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা শিৰোমণি হাজৰিকাই এই সম্পৰ্কে কয় যে, ‘ফুলগুৰি অসমৰ এখন  ঐতিহ্যমণ্ডিত ঠাই, য’ত অসমীয়া মানুহৰ আবেগ জড়িত হৈ আছে। ফুলগুৰি অঞ্চলটি পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰি, প্ৰচাৰ, প্ৰসাৰ কৰিব পাৰিলে অৰ্থনৈতিক ভাবেও আমি অগ্ৰসৰ হব পাৰিম।লগতে ফুলগুৰি স্মাৰক তোৰণখনি সুসংগঠিত, ভাস্কৰ্য খোদিত, লাইট,চাউন্ডৰ ব্যৱস্থা যুক্ত হলে আৰু আকৰ্ষণীয় হৈ পৰিব।’ নগাওঁ জিলাৰ সংগ্ৰামী ৰাইজ তথা ফুলগুৰিৰ ৰাইজৰ বাবে ১৮ অক্টোবৰ তাৰিখটো এতিয়া ৰৈ গ’ল মাথো স্মৃতি দিৱস হিচাপেহে৷ মাত্ৰ সেই দিনটোত এইসকল বিদ্ৰোহী কৃষকৰ নামত কেই গচিমান বন্তি জ্বলাইয়ে যেন স্মৃতি ৰোমন্থন কৰাৰ বাহিৰে আন একোয়েই উল্লেখযোগ্য কাম কৰিব নোৱাৰিলে এতিয়ালৈকে কোনো চৰকাৰী পক্ষ‌ই। স্বাধীনতাৰ আজি ৭২ বছৰ পাছতো ফুলগুৰিৰ ঐতিহাসিক এই কৃষক বিদ্ৰোহৰ চিৰযুগমীয়া কীৰ্তিস্বৰূপে উক্ত ঠাইত  চৰকাৰী পক্ষ‌ই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। আজিলৈকে কোনো উল্লেখযোগ্য স্মৃতি সংৰক্ষণৰ ব্যৱস্থা কৰা নহ’ল ইতিহাস প্ৰসিদ্ধ এই ফুলগুৰিত।