সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Politics  / বিৰোধিতা মানেই দেশদ্ৰোহ : ছোনিয়া গান্ধী

বিৰোধিতা মানেই দেশদ্ৰোহ : ছোনিয়া গান্ধী

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ মোডী চৰকাৰৰ সহনশীলতাৰ অভাৱক তীব্ৰ আক্ৰমণ

নতুন দিল্লী ,২৬ অক্টোবৰ – দেশৰ বিভিন্ন প্ৰান্তত অনষ্ঠিত হ’বলগীয়া ৰাজ্যিক বিধান সভা নিৰ্বাচন আৰু আন কেইখনমান ৰাজ্যৰ  বিধানসভাৰ উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধান  ৰাজনৈতিক দল সমূহৰ মাজত  প্ৰচাৰ অভিযান তুংগত  উঠাৰ সময়তে নেতা সকলৰ মাজত আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে।এই ক্ষেত্ৰত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীও পিছ পৰি থকা  নাই। সদ্যহতে ছোনিয়া গান্ধীয়ে এখন বাতৰি কাকতত প্ৰকাশিত নিজস্ব এক  লিখনিৰ জৰিয়তে নৰেন্দ্ৰ মোডী  নেতৃত্বাধীন বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে চৰকাৰে  সহনশীলতাৰ অভাৱত ভুগিছে ৷ বিপক্ষৰ ৰাজনৈতিক নেতাসকলক তথা  সমালোচক সকলক সন্ত্ৰাসবাদৰ সমৰ্থক বুলি মিছা অভিযোগত অভিযুক্ত কৰিব বিচাৰিছে। সংসদীয় গণতন্ত্ৰৰ প্ৰতি এয়া  প্ৰচণ্ড ভাবুকি  বুলি  গান্ধীয়ে মত প্ৰকাশ কৰে । উল্লেখ কৰিব পাৰি যে ছোনিয়া গান্ধীৰ দ্বাৰা লিখিত এই প্ৰবন্ধ এখন বাতৰি কাকতত প্ৰকাশ পোৱাৰ পিছতে কংগ্ৰেছ দলেও প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰচাৰ কৰে।  কংগ্ৰেছ সভানেত্ৰীৰ দ্বাৰা  মোডী  নেতৃত্বাধীন  বিজেপি চৰকাৰক এইদৰে সমালোচনা কৰা কাৰ্যক লৈ ৰাজনৈতিক মহলত যথেষ্ট  আলোড়নৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । এই লিখনিত তেওঁ    মন্তব্য কৰে যে  এখন সুস্থ সবল গণতান্ত্ৰিক  দেশক সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভিন্ন স্তম্ভৰ প্ৰয়োজন হয়।ভাৰতীয় সংবিধানে সাধাৰণ জনতাক তেওঁলোকৰ মত প্ৰকাশৰ স্বাধীনতা দিছে। কিন্তু সদ্যহতে কেন্দ্ৰীয় চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ মত প্ৰকাশৰ স্বাধীনতাক হৰণ কৰিবলৈ চেষ্টা কৰাই নহয় ,যিসকলৰ লগত চৰকাৰৰ আদৰ্শগত মত বিৰোধ আছে, তেওঁলোকক হয় দেশবিৰোধী নতুবা উগ্ৰপন্থীৰ সমৰ্থক বুলি  মিছা অভিযোগত হাৰাশাস্তি কৰাৰ প্ৰচেষ্টা চলিছে । বিৰোধী দলৰ নেত্ৰী গৰাকীৰ মতে বিগত বছৰ সমূহত ভাৰতৰ অৰ্থনীতিকে ধৰি  বিভিন্ন ক্ষেত্ৰত গুৰুতৰ সমস্যাৰ সৃষ্টি হৈছে৷ প্ৰকৃত সমস্যা   সমাধান কৰাত কেন্দ্ৰীয় চৰকাৰ  বিফল হৈছে আৰু এতিয়া  কিছুমান চাঞ্চল্যকৰ, ভ্ৰান্ত বাতৰি বা মন্তব্যৰ যোগেদি ৰাইজৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে যাতে  দেশৰ প্ৰকৃত আৰু গুৰুত্বপূৰ্ণ সমস্যা সমূহৰ পৰা ৰাইজৰ মন আঁতৰ কৰি ৰাখিব পৰা যায় । সেইবাবেই বিৰোধীপক্ষ   আৰু সমালোচক সকলে  উত্থাপন কৰা প্ৰতিটো প্ৰশ্নৰ উত্তৰ যুক্তি তথা তথ্যৰে দিয়াৰ পৰিবৰ্তে  চৰকাৰে এতিয়া বিভিন্ন দমন মূলক নীতি অৱলম্বন কৰা পৰিলক্ষিত হৈছে বুলি ছোনিয়া গান্ধীয়ে নিজৰ লিখনিত মন্তব্য কৰে। ৰাজনৈতিক মহলত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰা এই লিখনিত নেত্ৰীগৰাকীয়ে  লগতে উল্লেখ কৰে যে আমাৰ অগ্ৰজ সকলৰ যথেষ্ট ত্যাগ আৰু কষ্টৰ  বিনিময়তহে  ভাৰতে  আজি বিশ্বৰ ভিতৰতে বৃহৎ গণতান্ত্ৰিক দেশ হোৱাৰ গৌৰৱ অৰ্জন কৰাই নহয় ,ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক পৃথিৱীৰ বিভিন্ন দেশে আদৰ্শ ৰূপে অনুকৰণ কৰি আহিছে।  সংসদীয় গণতন্ত্ৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি সৃষ্টি কৰিবলৈ চৰকাৰে  একাংশ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। চৰকাৰৰ প্ৰত্যেকটো অংশ যেনে পুলিচ, প্ৰশাসন ,কৰ ব্যবস্থা , আইন ব্যৱস্থা, চিবিআই, নিয়া ইত্যাদিক নীতিবৰ্হিভূত ভাবে ব্যৱহাৰ কৰি বিৰোধী পক্ষৰ নেতা সকলক মানসিক হাৰাশাস্তি কৰাই নহয় ,দেশত একনায়কত্ববাদৰ প্রচলন কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে বুলি  গান্ধীয়ে উল্লেখ কৰে।২০১৬ চনৰ পৰা ভাৰতৰ সংসদীয় গণতন্ত্ৰত এই অশুভ পৰম্পৰা  লক্ষ্য কৰা হৈছে বুলি উল্লেখ কৰি কংগ্ৰেছ সভানেত্ৰী গৰাকীয়ে কয় যে দিল্লীৰ প্ৰখ্যাত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এগৰাকী যুৱনেতাৰ বিৰুদ্ধে  ভুৱা দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তত ছাত্ৰ সকলৰ মাজত ত্ৰাস সৃষ্টি কৰি দমনমূলক নীতি অৱলম্বন কৰা কাৰ্য অতিকৈ গৰ্হিত ।এই দমনমূলক নীতিৰ আধাৰতে দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰখ্যাত বুদ্ধিজীৱি,  পণ্ডিত,সামাজিক কৰ্মী ,সক্ৰিয় ৰাজহুৱা কৰ্মীক বিভিন্ন ভুৱা গোচৰত আটক আৰু মানসিক হাৰাশাস্তি কৰা হৈছে ।আনহাতে  উত্তৰ প্ৰদেশত সংগঠিত সাথৰাছ গণধৰ্ষণ  আৰু হত্যাৰ গোচৰত উত্তৰ প্ৰদেশ চৰকাৰে  নিন্দনীয়ভাৱে প্ৰকৃত অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছিল বুলি তেওঁ আন এক গুৰুতৰ অভিযোগ উথাপন কৰে।এগৰাকী দুৰ্ভগীয়া দলিত যুৱতীক গনধৰ্ষণ কৰি হত্যা কৰাৰ পাছত   উত্তৰ প্ৰদেশৰ যোগী আদিত্য নাথ চৰকাৰে অতি নিন্দনীয় ভাবে  মাজৰাতি পৰিয়ালৰ সন্মতি অবিহনে দুৰ্ভগীয়া ছোৱালীজনীৰ মৃতদেহ দাহ কৰাই নহয় ,প্ৰকৃত অপৰাধীক  ৰক্ষণাবেক্ষণ দিবলৈ নিকৃষ্ট পন্থা অৱলম্বন কৰাৰ  গুৰুতৰ অভিযোগো    কৰিছে ৷ আনহাতে পূৰ্বৰ ইউপিএ চৰকাৰে  দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ অতি ক্ষীপ্ৰতাৰে আৰু স্বচ্ছতাৰে  তদন্ত কৰি অপৰাধীক চিনাক্তকৰণৰ ব্যৱস্থা কৰিছিল বুলিও তেওঁ  মন্তব্য কৰে ৷  আনহাতে কা আন্দোলনৰ বিৰোধিতা কৰা লোকসকলক কিছুদিন আগতে  RSSৰ  প্ৰধান মোহন ভাগৱতে সংগঠিত ভাবে দেশত অশান্তি বিয়পোৱা   লোকৰ সন্থা বুলি অভিহিত কৰাত কংগ্ৰেছী নেতৃগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰে৷ ভাৰতীয় সংবিধানৰ আধাৰত প্ৰতিষ্ঠিত ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কা-বিৰোধিতা কৰা লোক সকলক  মোডী চৰকাৰে ভাৰত বিৰোধী বুলি  ভুৱা অভিযোগেৰে জনমানসত হেয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে । দেশৰ বিভিন্ন  অংশত ছাত্ৰ আৰু মহিলা সকলে নেতৃত্ব লৈ প্ৰবল কৰি  তোলা আন্দোলনে প্ৰমাণ কৰে যে দেশৰ সাধাৰণ জনতাই এই বিভেদকামী আইনৰ ঘোৰ বিৰোধিতা কৰে কিন্তু এই সকল সৰ্বসাধাৰণ ৰাইজৰ বিক্ষোভক  ভাৰত বিৰোধী বিক্ষোভ বুলি মোডী চৰকাৰে অভিহিত কৰিব বিচাৰিছে।উদাহৰণ স্বৰূপে দিল্লীৰ শ্বাহীনবাগ আৰু দেশৰ অন্যান্য অংশত হোৱা কা বিৰোধী বিশাল জনসভাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোস্তৰৰ  লোকে ভাৰতীয় সংসদীয় গণতন্ত্ৰ তথা ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কা-ৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে  প্ৰতিবাদ সাব্যস্ত কৰি অহা স্বত্তেও  চৰকাৰে ভুৱা তথা অপপ্ৰচাৰৰ আশ্ৰয় লোৱা বুলি  তেওঁ উল্লেখ কৰে। আনহাতে কা- বিৰোধী লোকসকলক কেন্দ্ৰীয় বিত্ত দপ্তৰৰ ৰাজ্য মন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েও অতি  নিন্দনীয় তথা প্ৰৰোচনামূলক মন্তব্যৰে আক্ৰমণ কৰি মহাত্মা গান্ধীৰ সত্যাগ্ৰহ  নীতিৰ আধাৰত অহিংস  ভাৱে কৰা এই আন্দোলনক প্ৰৰোচিত কৰাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ দিল্লীৰ বিজেপিৰ নেতা সকলেও  কা বিৰোধী  আন্দোলনত অংশগ্ৰহণ কৰা লোকসকলক বিভিন্ন ভয় ভাবুকিৰে আক্ৰমণ কৰি এক শংকাৰ পৰিবেশ সৃষ্টি কৰাত ব্ৰতী হৈছিল বুলি কংগ্ৰেছী নেত্ৰীগৰাকীয়ে উল্লেখ কৰে । এনে প্ৰৰোচনামূলক  অভিসন্ধিৰ ফলতেই উত্তৰপূব দিল্লীত কিছুমান বিক্ষিপ্ত হিংসাত্মক ঘটনা সংঘটিত হয়। ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা এই বিক্ষিপ্ত হিংসাত্মক ঘটনাক চৰকাৰে ৰোধ কৰাৰ বাবে কোনো আন্তৰিক চেষ্টা নকৰা বুলিও অভিযোগ উত্থাপন কৰে তেওঁ । ইয়াৰ পৰৱৰ্তী সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰে  বিভিন্ন কূটনীতি তথা দমন নীতিৰ আশ্ৰয় লৈ কা- বিৰোধী আৰু চৰকাৰক সমালোচনা কৰা ব্যক্তি সকলক বিভিন্ন মিছা অভিযোগত  হাৰাশাস্তি কৰিবলৈ প্ৰায় ৭০০ এজাহাৰ দাখিল কৰিলে । দেশৰ বিভিন্ন অংশৰ শ শ নাগৰিকক পুলিচৰ দ্বাৰা হাৰাশাস্তি কৰোৱা হ’ল আৰু আন  একাংশক Unlawful Activities(prevention)আইনৰ  অধীনত  গ্ৰেপ্তাৰ কৰা হ’ল ৷ বিজেপি দলৰ এনে দমনমূলক কাৰ প্ৰমাণ কৰে যে যিসকলে তেওঁলোকৰ স্বৈৰাস্বৰী মতৰ সৈতে এক মত নহয় বা ভাৰতৰ সংসদীয় গণতন্ত্ৰক বিশ্বাস কৰে , এনে ব্যক্তিসকলকে তেওঁলোকৰ দলটোৱে আক্ৰমণৰ বাবে চিনাক্ত  কৰি লয় । কিন্ত একে সময়তে মনত ৰখা উচিত যে এই সকল  ব্যক্তি তথা ৰাজহুৱা কৰ্মীয়ে কংগ্ৰেছ চৰকাৰৰ বিৰূদ্ধেও বিভিন্ন   সময়ত বিক্ষোভ কৰিছিল । এনে ধৰণৰ স্বৈৰতান্ত্ৰিক কাৰবাৰ  আৰু গণতন্ত্ৰৰ প্ৰতি সৃষ্টি কৰা ভাবুকিয়ে  আগন্তুক দিনত আমাৰ পূৰ্বপুৰুষ আৰু অগ্ৰজ সকলে  বহুত ত্যাগ আৰু কষ্টৰ বিনিময়ত অর্জন কৰা সংসদীয় গণতন্ত্ৰ তথা ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি  প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিব বুলিও ছোনিয়া গান্ধীয়ে আশংকা প্ৰকাশ কৰে ৷