সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Arunachal Pradesh  / য়াক সংৰক্ষণৰ সময় এইয়া

য়াক সংৰক্ষণৰ সময় এইয়া

ছিক্কিমৰ য়াকৰ বৈশিষ্টৰ বিষয়ে এই প্ৰতিবেদন যুগুতাইছে ৰূপক গোস্বামীয়ে

গুৱাহাটী, ২৬ অক্টোবৰ – ভাৰতৰ চাৰিখন পাহাৰীয়া ৰাজ্যত প্ৰধানকৈ য়াক দেখা পোৱা যায় ৷ এই ৰাজ্যকেইখন ক্ৰমে জম্মু কাশ্মীৰ,ছিক্কিম,অৰুণাচল প্ৰদেশ তথা হিমাচল প্ৰদেশ ৷দেখাত সম্পূৰ্ণ একে যেন লাগিলেও সদ্যহতে ইণ্ডিয়ান কাউন্সিল অৱ এগ্ৰিকালছাৰেল ৰিছাৰ্চ(ICAR)ৰ এক গৱেষণাত প্ৰমাণিত হৈছে যে অৰুণাচল তথা হিমাচল প্ৰদেশত দেখা পোৱা য়াকৰ প্ৰজাতিৰ সৈতে ছিক্কিমৰ য়াক প্ৰজাতিৰ জিনগত যথেষ্ট পাৰ্থক্য আছে ৷ এই সংক্ৰান্তত এক গৱেষণা পত্ৰ ইতিমধ্যে প্ৰখ্যাত Scientific Reports জাৰ্ণেলত প্ৰকাশিত হৈছে ৷ ICARৰ  গৱেষক কৰণ বীৰ সিঙৰ উদ্ধৃতি দি কোৱা হয় যে এই নতুন তথ্য দুস্পাপ্য য়াকৰ প্ৰজাতিৰ সংৰক্ষণত যথেষ্ট সহায়ক হ’ব ৷ গৱেষকজনে লগতে উল্লেখ কৰে যে বিভিন্ন কাৰণত য়াকৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে ৷ গতিকে য়াকৰ জনসংখ্যা বৃদ্ধিত গুৰুত্ব দিয়া অতিকৈ প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে ৷ ঊনবিংশতিতম  জীৱ লোকপিয়লৰ তথ্য মতে ভাৰতত সদ্যহতে য়াকৰ সংখ্যা ০.০৭ মিলিয়ন ৷ জম্মু কাশ্মীৰৰ পাছতে অৰুণাচল প্ৰদেশত দ্বিতীয় সৰ্বাধিক য়াকৰ জনসংখ্যা দেখা পোৱা যায় ৷ ICARৰ গৱেষকজনৰ মতে হয়তো সকলো অঞ্চলৰ য়াকৰ মূল একেই ৷ পৰৱৰ্ত্তী সময়ত বিভিন্ন পাহাৰীয়া অঞ্চলত  বিয়পি পৰাৰ বাবে কিছু জিনগত পাৰ্থক্য সৃষ্টি হ’ল ৷ উল্লেখযোগ্য যে মূলতঃ গৰুমূলীয় এই জীৱবিধ গাখীৰ ,দীঘল নোম,মাখন আদিৰ বাবে পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলৰ বাবে এক উল্লেখযোগ্য অৰ্থনৈতিক সম্বল ৷