বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ছিংগাপুৰলৈয়ো আহিল দুৰ্গতিনাশিনী

ছিংগাপুৰলৈয়ো আহিল দুৰ্গতিনাশিনী

ক’ভিড মহামাৰীৰ মাজতে ছিংগাপুৰত পৰম্পৰাগতভাৱে দুৰ্গা পূজা উদযাপন

কলকাতা,২৭ অক্টোবৰ: সুদূৰ ছিংগাপুৰত  থাকিলেও বঙালী লোকসকলে বিগত বহু বছৰ ধৰি নিজৰ পৰম্পৰা অটুত ৰাখি বিদেশত দুৰ্গা পূজা উদযাপন কৰি আহিছে ৷ আনকি ক’ভিড মহামাৰীৰ সংক্ৰমণৰ মাজতো বিগত বছৰবোৰৰ দৰে এইবাৰো ছিংগাৰপুৰবাসী বঙালী লোকসকলে নানা বাধ্যবাধকতা পালন কৰিও দুৰ্গা পূজা উদযাপন কৰিলে ৷ এইবাৰৰ ছিংগাৰপুৰৰ দুৰ্গা পুজাৰ অন্যতম আকৰ্ষণ আছিল প্ৰখ্যাত ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত বঙালী অভিনেত্ৰী ঋতুপৰ্ণা সেনগুপ্তা ৷ উল্লেখযোগ্য যে ‘মে,মেৰী পত্নী অ’ৰ ৱ’ খ্যাত প্ৰখ্যাত অভিনেত্ৰী গৰাকী পৰিয়াল সহিতে এই বছৰৰ মাৰ্চ মাহৰ পৰাই ছিংগাৰপুৰৰ বাসিন্দা ৷

স্বামী সঞ্জয় চক্ৰৱৰ্তী,পুত্ৰ অঙ্কন তথা কন্যা ৰিছনাৰ  সৈতে ছিংগাপুৰবাসী বঙালী সম্প্ৰদায়ৰ  লোক সকলৰ সৈতে অভিনেত্ৰী গৰাকীয়ে দুৰ্গা পূজাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷পূজাৰ অন্তিম দিনা মহিলাসকলৰ সৈতে ‘সেন্দুৰ খেলা’ত অংশগ্ৰহণ কৰাৰ ওপৰিও অষ্টমীৰ দিনা ‘কুমাৰী পূজা’ত ভাগ লয়৷নিজৰ কন্যা ৰিছনা নিয়াক কুমাৰী দেৱী হিচাপে পূজা কৰা হয় বুলি অভিনেত্ৰী গৰাকীৰ পৰা জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে কেইবাটাও বঙালী সংগঠনে আয়োজন কৰা এইবাৰৰ দুৰ্গা পূজাত বিশেষ জনসমাগম দেখা নগ’লেও অভিনেত্ৰী গৰাকীয়ে পৰিয়ালৰ সদস্যসকলৰ সৈতে বিভিন্ন বঙালী আহাৰৰ সোৱাদ লয় তথা পৰম্পৰাগত  শাড়ী পৰিধান কৰে৷আনহাতে, ছিংগাপুৰৰ পৰা কলকাতাত অনুষ্ঠিত হোৱা দুৰ্গা পূজাত অনলাইন পদ্ধতিৰ যোগেদি অঞ্জলি অৰ্পণ কৰে বুলি অভিনেত্ৰী গৰাকীয়ে ব্যক্ত কৰে ৷ ‘পাৰ্চেল’নামৰ আনএখন জনপ্ৰিয় বোলছবিত অভিনয় কৰি প্ৰশংসিত হোৱা অভিনেত্ৰী গৰাকীয়ে এই কেইদিনতে ছিংগাপুৰস্থিত ‘ৰামকৃষ্ণ মিছন’ দৰ্শন কৰিব বুলি ব্যক্ত কৰে ৷