দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Sports  / Cricket  / ভাৰত -অষ্ট্ৰেলিয়াৰ মেচ আৰম্ভ হ’ব

ভাৰত -অষ্ট্ৰেলিয়াৰ মেচ আৰম্ভ হ’ব

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত হ’বলীয়া বক্সিং ডে ক্ৰিকেট খেলৰ বাবে আগ্ৰহেৰে দৰ্শকৰ অপেক্ষা

২৭ অক্টোবৰ : ভাৰত তথা অষ্ট্ৰেলিয়া দুুই দেশৰ মাজত হ’বলগীয়া এক বিশেষ শৃংখলাৰ বাবে এতিয়া উভয় দেশৰ ক্ৰিকেট প্ৰেমীসকলে গভীৰ আগ্ৰহৰে অপেক্ষা কৰি আছে ৷ অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলে ২৭নৱেম্বৰ পৰা ১৯ জানুৱাৰী পয্যন্ত তিনিখন এদিনীয়া  তথা  চাৰিখন টেষ্ট মেছত অংশগ্ৰহণ কৰাৰ ওপৰিও আন তিনিখন  T20 প্ৰতিযোগিতাতো প্ৰতিদ্বন্দ্ব্বিতা কৰিব ৷ ইয়াৰে MCGত অনুষ্ঠিত হ’বলগীয়া বৰ্ডাৰ-গাভাস্কাৰ শৃংখলাৰ বিশেষ টেষ্টমেচ খন এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ এইক্ষেত্ৰত ভিক্টৰিয়া প্ৰদেশৰ প্ৰশাসনিক মূৰব্বী ডেনিয়েল এন্দ্ৰইছে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে ক’ভিডৰ সংক্ৰমণ বিগত দিনবোৰত যথেষ্ট হ্ৰাস পোৱা বাবে তেওঁলোকৰ প্ৰশাসনে MCG ক্ৰীড়া প্ৰাংগনত দুই দেশৰ মাজত বক্সিং ডে মেছ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ তেওঁ লগতে আশা প্ৰকাশ কৰে যে এই বিশেষ মেচখনৰ বাবে যথেষ্ট সংখ্যক দৰ্শকৰ সমাগম হ’ব ৷ উল্লেখযোগ্য যে ২০১৮-১৯বৰ্ষত বিৰাত কোহলি নেতৃত্বাধীন  ভাৰতীয় ক্ৰিকেট দলে অন্তিমবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছিল তথা MCGৰ এই  ক্ৰীড়া প্ৰাংগনতে অনুষ্ঠিত তৃতীয়খন মেছত এক ইনিংচৰ বৃহৎ ব্যৱধানত জয় লাভ কৰি বৰ্ডাৰ -গাভাস্কাৰ শৃংখলাত বিজয়ী হৈছিল ৷ আনহাতে ,সংযুক্ত আৰৱ আমিৰ শ্বাহীত অনুষ্ঠিত IPL প্ৰতিযোগিতাত  সদ্যহতে অংশগ্ৰহণকাৰী ভাৰতীয় ক্ৰিকেট তাৰকাসকল অষ্ট্ৰেলিয়াত উপস্থিত হোৱাৰ পাছত স্থানীয় প্ৰশাসনে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰাৰ মাজতে ভ্ৰমণকাৰী দলৰ খেলুৱৈসকলৰ বাবে নিৰ্দিষ্ট কিছুমান ক্ৰীড়াৰ প্ৰশিক্ষণৰ ব্যৱস্থাও কৰিছে ৷ MCG ক্ৰীড়া প্ৰাংগণৰ বাহিৰেও ছিডনী ,কেনবেৰাৰ খেলপথাৰতো দুই  দলৰ মাজত  ক্ৰিকেট মেছ উপভোগ কৰিবলৈ ক্ৰীড়াপ্ৰেমীসকলে সুযোগ পাব ৷