সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / বৰপেটা-বঙাইগাঁৱৰ বাবে খহনীয়া এক অভিশাপ

বৰপেটা-বঙাইগাঁৱৰ বাবে খহনীয়া এক অভিশাপ

জাহ গৈছে হেজাৰ হেজাৰ বিঘা ভূমি-গৃহহীন হৈছে বহু পৰিয়াল,প্ৰতিবেদন যুগুতাইছে

বৰপেটা ,২৮অক্টোবৰ: বছৰ বছৰ ধৰি নামনি অসমৰ দুই গুৰুত্বপূৰ্ণ জিলা বৰপেটা আৰু বঙাইগাঁওত গৰা খহনীয়াৰ সংহাৰ অব্যাহত আছে ৷ জিলা দুখনৰ দুই শতাধিক গাঁও  আজিও গৰা খহনীয়াৰ কবলৰ পৰা পৰিত্ৰাণ পোৱা নাই ৷ চকুৰ সন্মুখত নদীয়ে চপৰা চপৰে মাটি খহাই নিয়াৰ ভয়ঙ্কৰ দৃশ্য জিলা দুখনৰ বহু ঠাইত আজিও বিদ্যমান ৷  প্ৰতিবছৰে দুয়োখন জিলাৰ একো একোখন গাঁৱৰ বৃহৎ এলেকা  খহনীয়াত জাহ গৈছে ৷ হেজাৰ হেজাৰ বিঘা কৃষি ভূমি নদীৰ বুকুত বিলীন হৈ গৈছে ৷ ধৰ্মীয় অনুষ্ঠান, শিক্ষানুষ্ঠানকে ধৰি বহু স্থাৱৰ সম্পত্তি গৰা খহনীয়াৰ কবলত পৰি অদৃশ্য হৈছে ৷ ভেটি-মাটি উছন হোৱাত গৃহহীন হ’বলগীয়া হৈছে বহু পৰিয়াল ৷ বৰপেটা জিলাৰ কিছু সংখ্যক লোকৰ বাবে ব্ৰহ্মপুত্ৰ আৰু বেকী নদী অভিশাপস্বৰূপ হৈ পৰিছে ৷ একেদৰে বঙাইগাঁও জিলাৰ কিছুসংখ্যক লোকৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে আই আৰু বেকী নদী ৷ প্ৰতি বছৰে বানৰ সমান্তৰালভাৱে জিলা দুখনত গৰা খহনীয়াই চলাই গৈছে অবাধ ধ্বংস লীলা ৷
      বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই মহাবাহু ব্ৰহ্মপুত্ৰই ভঙা-গঢ়াৰ অভিলেখ গঢ়ি আহিছে ৷ বিংশ শতাব্দীৰ মাজভাগৰ পৰা ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিবলৈ লয় ৷ ১৮৯৭ আৰু ১৯৫০ চনত উত্তৰ-পূৰ্বাঞ্চলত দুটা ডাঙৰ ভূমিকম্প হৈছিল ৷ পৰিণতিস্বৰূপে অসমৰ নদীবোৰৰ তলি ওখ হয় আৰু প্ৰৱাহিত পানীৰ প্ৰভাৱ নদীৰ দুয়োপাৰে বেছিকৈ পৰিবলৈ ধৰে ৷ নদীৰ এই চাপৰ ফলত গৰা খহনীয়া ক্ৰমাৎ বৃদ্ধি  পাবলৈ ধৰে ৷ গৰা খহনীয়াৰ কবলত পৰি অধিক ক্ষতিগ্ৰস্ত হোৱা নামনি অসমৰ জিলাসমূহৰ ভিতৰত বৰপেটা আৰু বঙাইগাঁও  জিলা অন্যতম ৷ এসময়ৰ বৰপেটা জিলাৰ দুৱাৰ মুখ, প্ৰধান বজাৰ আৰু গুৰুত্বপূৰ্ণ নদী বন্দৰ তাৰাবাৰীৰ পৰা আৰম্ভ কৰি ঐতিহাসিক মইনবড়ীলৈ বিগত ৪৯ বছৰত ১০০ খনৰো অধিক পুৰণি গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ৷ ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৫০ হেজাৰৰো অধিক ৷ ১৯৫৯ চনত তাৰাবাৰী বজাৰখন খহাই নিয়াৰ পিছৰ পৰা তাৰাবাৰীৰ পূবে ৰৌমাৰী,চেনিমাৰী,চেংলিদিয়া,বালিধাৰি,মাত্ৰাদিয়া,বৰদিয়া,আটিয়া,কলতলি আদি গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে ৷ তাৰাবাৰীৰ পশ্চিম বালাপাৰা,হাতেমা,বৰখোলা,খপনবাৰী,পৰুৱা,কাঞ্চনপুৰ,যাদৱপুৰ,শলৈমাৰা,খৰকী দংৰা,হাবিয়া দংৰা,ঐতিহ্যপূৰ্ণ ডাকৰ গাঁও হাবি দংৰা,দীঘিৰ পাম,গৰলা,কাহিবাৰী,মাণিকপুৰ,ধৰ্মপুৰ,সাৰগাঁও,সুতিৰপাৰ আদি গাঁও নদীৰ বুকুত লীন যায় ৷ বৰপেটা জিলাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বসতিপূৰ্ণ বাঘবৰ গাঁওখন ১৯৭৮ চনত নদীয়ে খহাই নিয়ে ৷ ৰৌমাৰী, ২ নং বালিকুৰি,মইনবড়ী,জাউৰীমাৰী আদি গাঁও ১৯৯২ চনত খহনীয়াত সম্পূর্ণৰূপে জাহ যায় ৷ ইপিনে বেকী নদীৰ খহনীয়াত ভাঙি যাবলৈ ধৰে গোবিন্দপুৰ ৰিজাৰ্ভ ৷ ইতিমধ্যে বেকী নদীৰ খহনীয়াত জাহ গৈছে বৰদাঙা,ডাউকমাৰী,কাছুকাটি,গলিয়া,খাৰবাল্লি,মিনি ছিমলা,চুটিৰ পথাৰ,চূণপূৰা আদি গাওঁসমূহ ৷ আনহাতে বেকী নদীৰ খহনীয়াত শেহতীয়াকৈ ক্ষতিগ্ৰস্ত গাঁও একাংশ হৈছে ক্ৰমে আমগুৰি,লাছাংগা,গুইলেজা,সৌপুৰ,জনিয়া,তাৰাকান্দি,জয়পুৰ, ঢাকালীয়াপাৰা ইত্যাদি ৷


      বছৰ বছৰ ধৰি বঙাইগাঁও জিলাৰ কিছু এলেকাতো অব্যাহত আছে গৰা খহনীয়াৰ সংহাৰ ৷ জিলাখনত আই আৰু বেকী নদীয়ে নিৰৱচ্ছিন্নভাৱে ধ্বংসলীলা চলাই আহিছে ৷ জিলাখনৰ হাপাচ’ৰা,কাকৈজানা,দনগাইগাঁও,সৃজনগ্ৰাম,বৰঘোলা,কোকিলা,ৰঙাপানী,মেৰেৰ চ’ৰ,কীৰ্তনপাৰা আদি এলেকাত বৰ্তমানেও আই নদীৰ খহনীয়া অব্যাহত আছে ৷ জিলাখনৰ লেংটিচিঙা আদিকে ধৰি আন বহু এলেকাত অব্যাহত আছে বেকী নদীৰ খহনীয়া ৷
    উল্লেখ্য যে দুয়োখন জিলাতে গৰা খহনীয়া এক অন্যতম জ্বলন্ত সমস্যাৰূপে পৰিগণিত হৈছে ৷ কিয়নো গৰা খহনীয়াৰ প্ৰকোপ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ গৰা খহনীয়াৰ কবলত পৰি ক্ৰমান্বয়ে দুয়োখন জিলাৰ এখনৰ পিছত এখন গাঁও ভৌগোলিক মানচিত্ৰৰ পৰা নিশ্চিহ্ন হৈছে ৷ গৰা খহনীয়াৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি দিশহাৰা হ’বলগীয়া হৈছে বহু লোক ৷ কিন্তু ইমানৰ পিছতো দীৰ্ঘদিনীয়া সমস্যটোৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে আজিলৈকে কোনোধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷ কেৱল মাজে সময়ে বাঁহৰ বান্ধ (Bamboo Bandh), ব’ল্ডাৰ পিটচিং(Boulder Pitching), পৰ্কুপাইন ইঞ্চট’লেশ্বন ( Porcupine Installation) আদি লঘু আঁচনি কেতবোৰ ৰূপায়ণ কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে ৷ সময় থাকোতেই চৰকাৰে বিজ্ঞানসন্মত আৰু সুফল নিশ্চিত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে,অদূৰ ভৱিষ্যতে বৰপেটা আৰু বঙাইগাঁও জিলাৰ ভৌগোলিক পৰিসৰ দ্ৰুত হাৰত সংকুচিত হ’বলৈ ধৰিছে ৷


গৰা খহনীয়াৰ ভয়াবহতাৰ স্মৃতি ৰোমন্থন কৰি মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ অধিকাৰীয়ে কয়- “মইনবড়ীৰ পৰা স্থানান্তৰ হ’বলগীয়া হোৱা পৰিস্থিতিৰ কথা মনত পৰিলে আজিও আতংকিত হওঁ ৷ কিদৰে চকুৰ সন্মুখতে আমাৰ সত্ৰৰ মাটি-ভেটি নদীত জাহ গৈছিল, সেই দৃশ্য আজিও মনত সজীৱ হৈ আছে ৷ চৰকাৰে গৰা খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰক ৷ অন্যথা এদিন এদিনকৈ নদীৰ বুকুত সকলো জাহ যাব ৷”
গৰা খহনীয়া সমস্যাটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে সংসদত সৰব ভূমিকা পালন কৰি আহিছে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে ৷ এই সন্দৰ্ভত তেওঁ কয় ‘আগন্তুক দিনতো দীৰ্ঘদিনীয়া সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে  সংসদৰ মজিয়াত মই সৰৱ ভূমিকা পালন কৰিম ৷ সমস্যাটোৰ স্থায়ী সমাধান নোহোৱালৈকে  সংসদত যুঁজি যাবৈ মই  বদ্ধপৰিকৰ ৷
বৰপেটাৰ স্থানীয় আমছু নেতা মণিৰুজ জামানে কয় ‘ গৰা খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে দীৰ্ঘদিন ধৰি মাত মাতি আহিছে আমছুৱে ৷ আমছুৰ দাবী- বান আৰু গৰা খহনীয়া সমস্যাক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যাৰূপে স্বীকৃতি দিব লাগে ৷ গৰা খহনীয়া সমস্যাৰ স্থায়ী সমাধান নোহোৱা পৰ্যন্ত আমছুৰ সংগ্ৰাম অব্যাহত থাকিব’৷