শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / মিজোৰামত প্ৰথম কৰ’না আক্ৰান্তৰ মৃত্যু

মিজোৰামত প্ৰথম কৰ’না আক্ৰান্তৰ মৃত্যু

শিথিল কৰা লকডাউন পুনৰ কঠোৰ কৰিছে মিজোৰামত । এই প্ৰতিবেদন যুগুতাইছে ডেনিয়েল এছ খজলে

আইজল, ২৮ অক্টোবৰ  :  মিজোৰামত কভিড ১৯-ত আক্ৰান্ত হৈ ২৭অক্টোবৰত মৃত্যুমুখত পৰে এজন ৬২ বছৰীয়া বৃদ্ধ । উল্লেখযোগ্য যে এইটোৱেই ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হৈ  মৃত্যু  হোৱা প্ৰথম ঘটনা ৷ ইয়াৰ পিছতে লকডাউনৰ শিথিলতা আঁতৰাই নগৰপালিকা অঞ্চলত পুনৰ  ৯ নৱেম্বৰৰ পুৱা ৪.৩০ বজালৈকে  লকডাউন ঘোষণা কৰা হৈছে । চিকিৎসা মহাবিদ্যালয়ৰ সঞ্চালক এইচ চি লালদিনাই জনোৱামতে কভিড-১৯ চিকিৎসালয় অৰ্থাৎ জ’ৰাম চিকিৎসা মহাবিদ্যালয়ত বিগত ১০ দিন ধৰি মৃত ৰোগীগৰাকীৰ চিকিৎসা চলাই থকা হৈছিল ।নেডাৰলেণ্ড ভ্ৰমণৰ পৰা উভতি অহা ব্যক্তি গৰাকীৰ বিগত ২৪ মাৰ্চত প্ৰথম কৰ’না পৰীক্ষা কৰাা হৈছিল আৰু কৰ’না ধৰা পৰিছিল । যাৰ বাবে তেখেতক পূৰ্ব্বেও ZMC-ত ৪৫ দিন চিকিৎসা কৰা হৈছিল । বিগত ১ জুনত আন ১২ গৰাকীৰ দেহত কৰ’না পজিটিভ পোৱা গৈছিল ‌। তেতিয়াৰ পৰা ৰাজ্যত ক্ৰমাৎ কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল । জুন মাহত ৰাজ্য চৰকাৰে আইজল চহৰৰ লগতে ১০ খন অন্য জিলাৰ সদৰ অঞ্চলতো কভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণ পৰ্যায়ত লকডাউন ঘোষণা কৰিছিল । চিকিৎসা বিভাগে সদৰী কৰা তথ্য মতে অক্টোবৰ পৰ্যন্ত কভিড ১৯ ৰোগীৰ বাবে কৰা মুঠ পৰীক্ষাৰ ৩৪% পজিটিভ ধৰা পৰিছে । আজি ধৰা পৰা ৮০ গৰাকী নতুন কৰ’না আক্ৰান্ত ৰোগীক লৈ সৰ্ব্বমুঠ ২,৬০৭ গৰাকী হয়গৈ । নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ ভিতৰত ২৭ গৰাকী স্কুলীয়া ছাত্র, ১১ গৰাকী ভাৰতীয় সেনা জোৱান আৰু এগৰাকী মিজোৰাম পুলিচৰ কৰ্মচাৰী । তথ্যমতে, সেনা জোৱান কেইগৰাকী দিল্লী, মহাৰাষ্ট্ৰ আৰু জম্মু কাশ্মীৰৰ পৰা যাত্ৰা কৰি উভতি আহিছিল আৰু মিজোৰাম পুলিচৰ কৰ্মচাৰী গৰাকী অসমৰ পৰা উভতি আহিছিল । নতুনকৈ আক্ৰান্ত হোৱা ৰোগীৰ মাজত ৭৬ গৰাকী আইজল জিলাৰ আৰু বাকী ২ গৰাকী খাওজল আৰু চাইচোৱেল জিলাৰ । আনহাতে ২৭ গৰাকী ছাত্ৰৰ মাজত ১৮ গৰাকী ব্যক্তিগত খণ্ড বিদ্যালয়ৰ । ইয়াৰে ১৪ গৰাকীৰ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ তথ্য পোৱা নাই আৰু বাকী থকা ১৭ গৰাকী অন্য ৰাজ্য বা দেশ ভ্ৰমণৰ পৰা উভতি অহা নহয় । এতিয়ালৈকে চিকিৎসা চলি থকা সকলৰ ২,২,৩৩ সুস্থ হোৱাৰ বিপৰীতে ৩৭৩ গৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷