শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Jharkhand  / ৩ নৱেম্বৰত দুমকা আৰু বেৰমোত উপনিৰ্বাচন

৩ নৱেম্বৰত দুমকা আৰু বেৰমোত উপনিৰ্বাচন

অনিশ্চিত ফলাফলৰে উমান দিয়ে বিশেষজ্ঞই

নিউজফাইল, ৰাঁচী,২৮অক্টোবৰ শাসকীয় এনডিএ-ৰ সৈতে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে সাজু হৈছে ইউপিএ। ভাৰতীয় নিৰ্বাচনী আয়োগে ঝাৰখণ্ডৰ দুমকা আৰু বেৰমোত ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈছে দুই পক্ষ।
নিৰ্বাচনী ফলাফলসমূহ ১০ নৱেম্বৰত ঘোষণা কৰা হ’ব
বিগত বিধানসভা নিৰ্বাচনত হেমন্ত চোৰেণে দুমকা আৰু বৰহেইট দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ব্বিতা কৰাৰ  ফলত দুমকা আসনখন খালী হৈ পৰিছিল। উল্লেখযোগ্য যে, চোৰেণে দুয়োখন আসনত জয় লাভ কৰিছিল আৰু দুমকা সমষ্টিৰ আসনখনৰ পৰা ইস্তাফা দিছিল। চোৰেণে ১৩,০০০ৰো অধিক ভোটত উক্ত আসন খনত জয়লাভ কৰিছিল। উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লগা আনটো সমষ্টি বেৰমো,উল্লেখযোগ্য যে এই বছৰৰ ২৪ মে’ত কংগ্ৰেছ বিধায়ক ৰাজেন্দ্ৰ সিঙৰ মৃত্যু হোৱাৰ পিছত এই আসনখন খালী হৈছিল।
এনডিএ আৰু ইউপিএ দুয়োপক্ষৰ বাবে প্ৰাৰ্থী বাছনি কৰাটো কঠিন
ৰাজনৈতিক বিশ্লেষকসকলে ভৱিষ্যতবাণী কৰিছে যে প্ৰয়াত বিধায়ক ৰাজেন্দ্ৰ সিঙৰ দুই পুত্ৰ গৌৰৱ সিং আৰু অনুপ সিং  টিকটৰ  দাবীদাৰ হৈ পৰাৰ পিছত কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। তদুপৰি,  আন বহু কেইজন প্ৰাৰ্থীয়েও প্ৰাৰ্থীত্ব বিচাৰিছে কংগ্ৰেছ দলৰ পৰা৷
উল্লেখযোগ্য যে উপযুক্ত প্ৰাৰ্থীৰ সন্ধান কৰাতো বিজেপিৰ বাবেও এক প্ৰত্যাহ্বান হৈ পৰিছে ৷ তদুপৰি বিজেপিয়ে দলৰ মিত্ৰ, সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থা (AJSU)ৰ পছন্দকো অগ্ৰাধিকাৰ দি প্ৰাৰ্থীত্বৰ বিষয়টো বিবেচনা কৰিব লাগিব। 
UPA ৰ বাবে বৃহৎ প্ৰত্যাহ্বান
নাম প্ৰকাশত অনিচ্ছুক এজন কংগ্ৰেছ নেতাই মন্তব্য কৰে ‘উপ-নিৰ্বাচনত ইউপিএ ৰ দুখন আসন থকাৰ বিপৰীতে এনডিএ ৰ হেৰুৱাবলৈ একো নাই। এই উপনিৰ্বাচন শাসকীয় দলৰ বাবে গুৰুত্বপূৰ্ণ আৰু তেওঁলোকে বিগত ৯ মাহৰ শাসনৰ সময়ত ৰাজ্যত তেওঁলোকৰ অস্তিত্ব সঠিকভাৱে প্ৰতিপন্ন কৰাত ব্যৰ্থ হয়, এইক্ষেত্ৰত কোভিড-১৯ কো ধন্যবাদ৷’
উল্লেখযোগ্য যে এনডিএ ৰ এজন সদস্যই এই পৰ্য্যবেক্ষণ সমৰ্থন কৰি মন্তব্য দিছিল যে যি সময়ত এই উপনিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা হৈছে  সেই সময় অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় ‘ঝাৰখণ্ড বিকাশ মৰ্চাৰ বিজেপিৰ সৈতে একত্ৰীকৰণ আৰু জেভিএম প্ৰধান বাবুলাল মৰান্দীক বিধানসভাত বিজেপিৰ দলীয় প্ৰধান হিচাপে নিৰ্বাচিত কৰাৰ দৰে বহুতো ৰাজনৈতিক পৰিবৰ্তন ৰাজ্যত হৈছে।’
ঝাৰখণ্ডৰ বহুমুখী ৰাজনৈতিক বিকাশ
উল্লেখযোগ্য যে ৰাজ্যত বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ লগতে শেহতীয়াকৈ ৰাজনৈতিক দিশতো গুৰুত্বপূৰ্ণ পৰিবৰ্তন হোৱাতো পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত পোৰেয়াহাত আৰু মাণ্ডাৰৰ দুজন জেভিএম বিধায়ক ক্ৰমে প্ৰদীপ যাদৱ আৰু বান্ধু টিৰ্কীৰ কংগ্ৰেছত যোগদান গুৰুত্বপূৰ্ণ। বান্ধু টিৰ্কীয়েও ৰাজ্যৰ কেবিনেটে দাখিল কৰা ভূমি পৰিৱৰ্তন বিলৰ বিৰুদ্ধে মুকলিকৈ প্রতিবাদ কৰিছে, য’ত কংগ্রেছৰ চাৰিজন নেতা আছে। তদুপৰি, হেমন্ত চোৰেণৰ পিতৃ দিছোম গুৰু শিবু চোৰেণ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ লগতে দীপক প্ৰকাশ বিজেপিৰ ৰাজ্যিক সভাপতি নিৰ্বাচিত হয়।