দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / অসম মিজোৰাম সীমান্তত অৱৰোধ চলিয়েই আছে

অসম মিজোৰাম সীমান্তত অৱৰোধ চলিয়েই আছে

অসম-মিজো সীমান্তত অ-মিজো গোটসমূহে অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰাখিছে

হাইলাকান্দি, ২৯ অক্টোবৰ : অসম-মিজোৰাম সীমান্তৰ দুয়োফালে শ শ ট্ৰাক আবদ্ধ কৰি ৰাখি অসম খিলঞ্জীয়া জন সুৰক্ষা সংস্থা (এ কে জে এছ)ৰ নেতৃত্বত অনা-মিজো সংগঠনৰ অৰ্থনৈতিক অৱৰোধ দ্বিতীয় দিনাও অব্যাহত আছে ।
একেজেএছৰ সাধাৰণ সম্পাদক ছেৰম হেৰজিৎ সিঙে জনোৱা মতে মিজোৰামৰ আৰক্ষী বাহিনী অসমৰ কাছাৰ জিলাৰ পৰা

প্ৰত্যাহাৰ নকৰালৈকে অৱৰোধ অব্যাহত থাকিব।

মিজোৰামৰ সীমামূৰীয়া হাইলাকান্দি জিলাৰ ৰামনাথপুৰ অঞ্চলতো আজি অ-মিজো সংগঠনৰ একে ধৰণৰ অৱৰোধ কাৰ্যসূচী আৰম্ভ হৈছে। সীমান্ত অঞ্চলসমূহত ইতিমধ্যে নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে ।
এফ‌আইআৰ ফাইল কৰাৰ নিৰ্দেশনা
ইতিমধ্যে, কৰিমগঞ্জত আজি এক উচ্চস্তৰীয় সভাত আন্তঃৰাজ্যিক সীমা পৰিস্থিতি পুনৰীক্ষণ কৰোঁতে, অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী নিৰ্দেশক (আইন আৰু শংখলা) জি পি সিঙে কৰিমগঞ্জ বন বিভাগক অসমৰ ভূমি অবৈধভাৱে বেদখল কৰা আৰু দায়িত্ব পালন কৰিবলৈ  যোৱা অসমৰ বিষয়াক  বাধা প্ৰদান কৰা মিজোৰামৰ লোকৰ বিৰুদ্ধে  তথ্যসহ প্ৰতিবেদন  দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।
সিঙে কয় যে এফ আই আৰ পঞ্জীয়ন কৰাৰ পিছত প্ৰয়োজনীয় তদন্ত আৰম্ভ কৰা হ’ব আৰু বিধিগত ব্যৱস্থা গ্ৰহণ কৰি অসম ভূমিৰ পৰা অনধিকাৰ বেদখল আঁতৰোৱা হ’ব।
ইউ‌এপিএ অভিযোগ
ইয়াৰ পূৰ্বে  বিগত ২৮ অক্টোবৰত খুলিচেৰা ভ্ৰমণৰ সময়ত  এখন বাংলা মাধ্যমৰ বিদ্যালয়ত বোমা বিস্ফোৰণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত, এ ডি জি পিয়ে কাছাৰ আৰক্ষী অধীক্ষক ভানোৱৰ লাল মিনাক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ  অধীনত আদালতত অভিযোগ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
অসম-মিজোৰাম সীমান্তৰ ওচৰৰ খুলিচেৰাৰ ঢোলাখাল এল পি স্কুলত হোৱা বিস্ফোৰণটো  অসম আৰক্ষীৰ মতে, সম্ভৱতঃ স্থানীয় লোকসকলক সন্ত্ৰাসিত কৰাৰ বাবে দুস্কৃতিকাৰী সকলৰ কাম। সিঙে তেওঁৰ ভ্ৰমণৰ পিছত ছ’চিয়েল মিডিয়াত ব্যক্ত কৰে যে “মিজোৰামৰ সীমাৰ ফালে বিশাল শক্তি আৰু লোকক নিয়োগ কৰা হৈছে”।
উক্ত ভ্ৰমণৰ সময়ত তেওঁৰ সৈতে আছিল কাছাৰ জিলাৰৰ উপায়ুক্ত কীৰথি জালি, আৰক্ষীৰ উপ-পৰিদৰ্শক (দক্ষিণ ৰেঞ্জ), দিলীপ কুমাৰ দে, কাছাৰৰ এছ পি আৰু অন্যান্য বিষয়াসকল। ভ্ৰমণৰ সময়ত মিজোৰামৰ ক’লাচিব জিলাৰ এছ পি পু ভানলাফাকা ৰালে আৰু অন্যান্য জ্যেষ্ঠ মিজো আৰক্ষী বিষয়াৰ সৈতেও আলোচনা কৰা হৈছিল।

নিয়মীয়া ভাৱ বিনিময়

সিঙে তেওঁৰ খুলিচেৰা-লাইলাপুৰ ভ্ৰমণৰ সময়ত সংবাদমাধ্যমৰ লোকসকলক কয়  “অসমৰ সাংবিধানিক সীমাক সকলোৱে সন্মান কৰা উচিত”। ” ৰাজ্য আৰু কেন্দ্ৰৰ মাজত হোৱা নিয়মীয়া  বাৰ্তালাপৰ  আধাৰত সকলো বিধিগত ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে ’’- তেওঁ কয়।

ইফালে, এক সূত্ৰত প্ৰকাশ যে প্ৰাৰম্ভিক তদন্তত অসম আৰক্ষীয়ে বিদ্যালয়ত বোমা বিস্ফোৰণ সংঘটিত কৰা লোকসকল প্ৰতিৱেশী ৰাজ্যৰ পৰা অহা বুলি জানিব পাৰি বিষয়টো সন্দৰ্ভত তদন্ত কৰাৰ সিদ্ধান্ত লয়‌।

অবিচল মিজোৰাম
মিজোৰামৰ গৃহ মন্ত্ৰী লালচামলিনাই আজি কয় যে স্বাভাৱিক অৱস্থা ঘূৰি নহালৈকে ৰাজ্য চৰকাৰে অসম মিজোৰাম সীমান্তৰ পৰা নিজৰ বাহিনী প্ৰত্যাহাৰ নকৰে। অসমৰ কাছাৰ জিলা প্ৰশাসনে চিৰাচৰ অঞ্চলৰ পৰা মিজোৰাম‌ক তেওঁলোকৰ বাহিনী প্ৰত্যাহাৰ কৰিবলৈ কোৱাৰ এটা দিন পিছতে গৃহমন্ত্ৰীগৰাকী এই দাবী আহে।
এক সীমা সংক্ৰান্তীয় সভাৰ পিছত লালচামলিনাই সংবাদ মাধ্যমৰ আগত কয় যে, ১৮৭৩ চনত বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেজিলেচন (বিইএফ‌আৰ)ৰ অধীনত ১৮৭৫ চনত অধিসূচনা কৰা সীমা, মিজোৰাম আৰু অসম প্ৰকৃত সীমা হিচাপে মিজোৰাম চৰকাৰে গ্ৰহণ কৰে।
এইটো ৰাজ্যৰ ঐতিহাসিক সীমা হিচাপে মিজোৰ পূৰ্বপুৰুষৰ দিনৰ পৰা গ্ৰহণ কৰা হৈছে, তেওঁ কয়।
গৃহমন্ত্ৰীয়ে অভিযোগ কৰে যে লাইলাপুৰৰ কিছুমান স্থানীয় বাসিন্দাই অসমৰ বিষয়াসকলৰ দ্বাৰা প্ৰৰোচিত হৈ বুধবাৰৰ পৰা লাইলাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ- ৩০৬ আৰু মিজোৰামৰ বৈৰাবি গাৱঁৰ সৈতে অসমৰ হাইলাইকান্দি জিলা আৰু মিজোৰামৰ মেডিলি কাষৰ মামিতি জিলাক সংযোগ কৰা ৰাজপথ অৱৰোধ কৰে। অৱৰোধক  কাৰ্যসূচী সম্পৰ্কত তেওঁ কয় যে বিষয়টো সীমাবিবাদৰ লগত জড়িত আৰু ইয়াক সাম্প্ৰদায়িক ৰং প্ৰদান কৰিব নালাগে।
“সীমাৰ দুয়োকাষৰ লোকসকলে সম্প্ৰীতিৰে বাস কৰিব লাগে কিয়নো বৰ্তমানৰ বিষয়টো এক সাম্প্ৰদায়িক বিষয় নহয় বৰঞ্চ সীমা বিবাদহে যি সম্পূৰ্ণৰূপে দুই প্ৰতিৱেশী ৰাজ্যৰ চৰকাৰৰ লগত জড়িত,” তেওঁ কয়।
ট্ৰাকচালকসকললৈ অনুৰোধ
ইফালে, কাছাৰ জিলা প্ৰশাসনে বৃহস্পতিবাৰে ট্ৰাকচালকসকলক মিজোৰাম‌লৈ বাহন চলাচল আৰম্ভ কৰিবলৈ অনুৰোধ জনায়। 
এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে সোনাইৰ চক্ৰ বিষয়া সুদীপ নাথে আজি লাইলাপুৰ ভ্ৰমণ কৰে আৰু মিজোৰামলৈ ট্ৰাক নিবলৈ অমান্তি হোৱা ট্ৰাক চালকসকল আৰু স্থানীয় বাসিন্দা সৈতে বিষয়তো আলোচনা কৰে।
কাছাৰৰ উপায়ুক্ত কীৰ্তি জালিৰ নিৰ্দেশ অনুসৰি লাইলাপুৰ ভ্ৰমণ কৰা নাথে স্থানীয় লোকসকলক অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই যাতে ৰাষ্ট্ৰীয় পথত যানবাহনৰ চলাচল স্বাভাৱিক হয়, বিবৃতিটোত কোৱা হৈছে।
ট্ৰাকচালকসকলে নাথক কয় যে শেহতীয়াকৈ আন্তঃৰাজ্য সীমাৰ এখন বিদ্যালয়ত হোৱা বিস্ফোৰণৰ পিছত তেওঁলোকে মিজোৰামত প্ৰৱেশ কৰিবলৈ ভয় কৰিছিল।
স্থানীয় লোকসকলেও অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে আৰু স্পষ্ট কৰি দিয়ে যে স্থায়ী সমাধান নোহোৱালৈকে তেওঁলোকে এনে নকৰে।
মিজোৰামৰ সৰ্ববৃহৎ অসামৰিক সংগঠন চেণ্ট্ৰেল ইয়ং মিজো এছ’চিয়েচনে (চিইএমএ) কাছাৰ জিলা উপায়ুক্ত কীৰ্তি জালিক স্থানীয় বাসিন্দাসকলক পথ অৱৰোধৰ বাবে প্ৰৰোচিত কৰা বুলি অভিযোগ কৰে, যিটো একেবাৰে অনুচিত।

উপায়ুক্তৰ এই কাৰ্যক “অসাংবিধানিক” আখ্যা দি সংগঠনটোৱে বিষয়াজনৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।