বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Region  / Assam  / ভীম ভীম নকৰিবি ভীমৰ আগত হাড়েমূৰে ভাঙি দিম ‘ভীমভিটাৰ’ কোবত

ভীম ভীম নকৰিবি ভীমৰ আগত হাড়েমূৰে ভাঙি দিম ‘ভীমভিটাৰ’ কোবত

থলুৱা ক্ষুদ্ৰ উদ্যোগেৰে স্বাৱলম্বিতাৰ নিদৰ্শন গঢ়ি তোলা মাজুলীৰ ভীমভিটাৰ উদ্ভাৱক ইন্দুকল্প ভড়ালী৷এই প্ৰতিবেদন প্ৰস্তুত কৰিছে অমৰজ্যোতি বৰাই৷

মাজুলী,২৯অক্টোবৰ- সৰুৰে পৰাই নিজৰ মানুহখিনিৰ কাৰণে কিবা এটা কৰাৰ তীব্ৰ হেঁপাহেৰে মাজুলীৰ ইন্দুকল্প ভড়ালী নামৰ যুৱকজনে ১৯৮০ চনত প্ৰথমে ককায়েকৰ সৈতে লগ হৈ ‘ঝিন্ ঝান্ ঝু’ নামেৰে গুৱাহাটীত এটা চাওমিন প্ৰস্তুত উদ্যোগ স্থাপন কৰিছিল। উন্নত মানৰ উৎপাদন কৰিবলৈ গৈ লোকচানৰ সন্মুখীন হোৱাৰ লগতে  সেইসময়ত ইয়াৰ চাহিদা যথেষ্ট কম হোৱাৰ কাৰণে ইয়াৰ উৎপাদন বন্ধ কৰিব লগা হয। ইয়াৰ পিছত মাজুলী লৈ ঘূৰি আহি তেওঁ জৈৱিক সাৰ উৎপাদন আৰম্ভ কৰে। কিন্তু অসমৰ খেতিয়কে প্ৰাকৃতিক সাৰতকৈ ৰাসায়নিক সাৰৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ বাবে জৈৱিক সাৰতো বিশেষ সফল হ’ব নোৱাৰিলে যদিও এই সময়চোৱাতে তেওঁ যোৰহাট আঞ্চলিক গৱেষণাপাৰৰ  জ্যেষ্ঠ বিজ্ঞানী ড° দীপ শ‌ইকীয়াৰ লগত পৰিচয় হয়। তেওঁৰ পৰামৰ্শক্ৰমে আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড° লক্ষী শ‌ইকীয়া, ড° অনন্ত শ‌ইকীয়া, ড° ৰাতুল বৰাৰ সহায় আৰু পৰামৰ্শমতে সম্পূৰ্ণ থলুৱা ভীমকলৰ পৰা ‘ভীমভিটা’ নামৰ এবিধ পুষ্টিকৰ খাদ্য উৎপাদনৰ কাম আৰম্ভ কৰে আৰু ২০০৪ চনৰ ডিচেম্বৰ মাহত ইয়াক বজাৰ‌লৈ উলিয়াই দিয়ে। ৩ জন কৰ্মচাৰীৰ সহায়ত আৰম্ভ কৰা এই স্বনিৰ্ভৰশীল উৎপাদনমুখী যাত্ৰাত তেওঁ নিজেই চাইকেলেৰে মাজুলীৰ লগতে যোৰহাট নগৰৰ দাঁতি-কাষৰীয়া অঞ্চলবোৰতো বিক্ৰী আৰম্ভ কৰে।

ইয়াৰ লগতে বাণিজ্য-মেলা, খাদ্য-মেলাসমূহত ভাৰতৰ বিভিন্ন ঠাইত অংশগ্ৰহণ কৰি ইয়াৰ বিক্ৰীৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰৰ কামো আৰম্ভ কৰে। ৩ জন কৰ্মচাৰী আৰু ২.৫ লাখ টকাৰ চৰকাৰী সাহাৰ্য্যৰে আৰম্ভ কৰা ভড়ালীৰ ‘ভীমভিটা’ই সম্প্ৰতি  প্ৰায় ২৫০ গৰাকী লোকক সংস্থাপন দিয়াৰ লগতে ইয়াৰ বাৰ্ষিক উপাৰ্জনে প্ৰায় ৮০ লাখ টকা স্পৰ্শ কৰিছেগৈ৷ অসম তথা ভাৰতবৰ্ষৰ অন্যান্য অঞ্চললৈ ইয়াৰ বজাৰ সম্প্ৰসাৰণ কৰা ভড়ালীক আন প্ৰতিষ্ঠানসমূহৰ উৎপাদিত সমতূল্য সামগ্ৰীৰ লগত ‘ভীমভিটা’ই কেনেদৰে ফেৰ মাৰিব বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত  ভড়ালীয়ে কয় , “ভীমভিটা সম্পূৰ্ণৰূপে মাজুলীৰ থলুৱা ভীমকলৰ সহায়ত প্ৰস্তুত কৰা হয়, ইয়াত কোনোধৰণৰ ৰাসায়নিক পদাৰ্থ মিহলোৱা নহয়। সেয়েহে অসমৰ মানুহে ভীমকলৰ উপকাৰিতা ‘ভীমভিটা’ৰ জৰিয়তে লাভ কৰিব পাৰিব। ভীমভিটাৰ কোনোধৰণৰ পাৰ্শ্বক্ৰিয়া নাই, ইয়াত চৰ্বিৰ তুলনাত আঁহ(Fibre) বেছি বাবে শিশুৰ দৈহিক গঠন শক্তিশালী আৰু সুশ্ৰী কৰি ৰাখিবলৈ সক্ষম হয়। ভীমভিটা ৰক্তহীনতা, হিম’গ্লবিন তথা আয়ৰণৰ অভাৱত ভুগি থকা ব্যক্তিৰ বাবে ফলদায়ক। কৰ্কট ৰোগী আৰু খাদ্যাভাস নিয়ন্ত্ৰণ কৰা ব্যক্তিৰ কাৰণেও ভীমভিটা উপকাৰী। এইবোৰ কাৰণৰ লগতে পাৰ্শ্বক্ৰিয়াহীন আৰু সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা বাবে ই অসমত একমাত্ৰ শিশুৰ উপযোগী খাদ্য হিচাপে জনপ্ৰিয়তা লাভ কৰি আহিছে৷ অন্যান্য আৰু বহুতো সামগ্ৰী বজাৰত আহিলেও ভীমভিটাৰ চাহিদা কেতিয়াও হ্ৰাস নহয় বুলি মোৰ বিশ্বাস।”

ভীমভিটাৰ ওপৰিও ‘নিৰিবিলি’ নামৰ এটা ‘হোম পাৰ্ফিউম’ আৰু ‘লুইত মাজুলী’ নামৰ এটা সম্পূৰ্ণ খাঁটি সৰিয়হৰ মিঠাতেলৰ ব্ৰেণ্ডৰ উৎপাদনৰ কামো আৰম্ভ কৰিছে ভড়ালীয়ে। বিভিন্ন অসাধু ব্যৱসায়ীয়ে তেওঁৰ নাম আৰু সামগ্ৰী নকল কৰি বজাৰত ভীমভিটাৰ দৰে হুবহু সামগ্ৰী ওলিয়াই তেওঁৰ বদনাম কৰিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰি ভড়ালীয়ে কয় যে,” আমি ভীমভিটাক সম্পূৰ্ণৰূপে ভেষজ হিচাপে স্বীকৃতি দিয়াৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় আৰু চৰকাৰৰ ওচৰত আবেদন জনাইছো।”