সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Lifestyle  / Health  / উপনিৰ্বাচনৰ বাবে সাজু

উপনিৰ্বাচনৰ বাবে সাজু

নাগালেণ্ডৰ উপনিৰ্বাচনৰ বাবে সকলো যাবতীয় প্ৰস্তুতি সম্পন্ন ৷এই বিষয়ে লিখিছে ভদ্ৰ গগৈয়ে

ডিমাপুৰ,৩০ অক্টোবৰ – ক’ভিড১৯  অতিমাৰীৰ সংক্রমণৰ পৰিপ্ৰেক্ষিতত  দেশৰ বিভিন্ন অংশৰ লগতে উত্তৰ পূবৰ অন্যতম ৰাজ্য নাগালেণ্ডতো সাধাৰণ জীৱন যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট বাধ্য বাধকতা তথা সতৰ্কতা অৱলম্বন কৰা হৈছে ৷ ইয়াৰ মাজতে অহা ৩ নৱেম্বৰত কহিমা জিলাৰ ১৪ নং চাওডাৰ্ণ আঙ্গামী  সংৰক্ষিত সমষ্টিৰ বাবে বিধান সভাৰ উপনিৰ্বাচন অনুষ্ঠিত হ’ব। এই সংক্ৰান্তত নিৰ্বাচন আয়োগ তথা নাগালেণ্ডৰ ৰাজ্যিক প্ৰশাসনে সকলো ধৰণৰ  যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰিছে।ক’হিমাৰ উপায়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া মহম্মদ  আলী চিহাবে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে ১৭ ছেপ্টেম্বৰত নিৰ্বাচনী আয়োগে জাৰি কৰা অধিসূচনা আৰু নিৰ্দেশনা অনুসৰি বিভিন্ন যাবতীয় ব্যৱস্থা যেনে ভোট গ্ৰহণকাৰী দল ,সুৰক্ষা কৰ্মী, আদিয়ে কাম আৰম্ভ কৰিছে। আন হাতে এই উপনিৰ্বাচনৰ  উল্লেখযোগ্য পদক্ষেপ হ’ল যে যিসকল বয়োজ্যেষ্ঠ নাগৰিক বা বিকলাংগ ব্যক্তি বা যিসকল ক’ভিড১৯ আক্ৰান্ত ৰোগী হিচাপে চিনাক্ত হৈছে, সেইসকলেও যাতে এই উপনিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰে তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবেও Form 12ত  উল্লেখ কৰা ঠিকনা সমূহত যাতে ওপৰোক্ত তিনি শ্ৰেণীৰ ভোটদাতাই ভোট দান কৰিব পাৰে, তাৰবাবে ডাক যোগে ভোট গ্ৰহণৰ ব্যৱস্থা কৰা হৈছে । উল্লেখযোগ্য যে আন এটা বিধান সভা সমষ্টি চিকষ্টী বুঙৰো টিফাইৰাইৰ বাবেও তিনি নৱেম্বৰতে উপনিৰ্বাচন অনুষ্ঠিত হ’ব। এই সংক্ৰান্তত নাগালেণ্ড চৰকাৰে এই উপনিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত উক্ত দুই সমষ্টিৰ অন্তৰ্গত সকলো ধৰণৰ অফিচ- কাছাৰী আৰু  ব্যৱসায়িক প্ৰতিষ্ঠান   বন্ধ ঘোষণা কৰিছে । সকলো চৰকাৰী চাকৰিয়ালক উক্ত দিনৰ বাবে দৰমহাও দিয়া হ’ব যাতে তেওঁলোকে  তেওঁলোকে ঘৰত থাকিও ভোটদান কৰিব পাৰে। আনহাতে, যিসকল অত্যাৱশ্যকীয় সেৱাত বা নিৰ্বাচন সংক্ৰান্তীয়  কামৰ লগত জড়িত, তেওঁলোকৰ বাবে এই   ব্যৱস্থা প্ৰযোজ্য নহ’ব বুলি জানিব পৰা গৈছে ।