সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / তথ্যৰ গোপনীয়তা, চীনা বিনিয়োগক লৈ গুগল, পেটিএমক প্ৰশ্ন

তথ্যৰ গোপনীয়তা, চীনা বিনিয়োগক লৈ গুগল, পেটিএমক প্ৰশ্ন

ব্যক্তিগত তথ্য সুৰক্ষা বিল শক্তিশালী কৰিবলৈ মূল গোপনীয়তা নীতিৰ ওপৰত প্ৰশ্ন কৰিছে গুগল,পেটিএমক

নতুন দিল্লী, ৩০ অক্টোবৰঃ ব্যক্তিগত তথ্য, গোপনীয়তা আৰু চীনা সংযোগকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত ভাৰতৰ এক সংসদীয় পেনেলৰ দ্বাৰা প্ৰশ্নৰ সন্মুখীন হয় দুটাকৈ আগশাৰীৰ প্ৰতিষ্ঠান গুগল আৰু পেটিএম। উল্লেখযোগ্য যে, ব্যক্তিগত তথ্য সুৰক্ষা বিলৰ ওপৰত যুটীয়া সংসদীয় সমিতিয়েও বিষয়টোৰ সৈতে জড়িত লোকসকলৰ মতে গাঁথনি, তথ্য প্ৰক্ৰিয়াকৰণ আৰু সুৰক্ষা, গোপনীয়তা আৰু কৰ ব্যৱস্থাকে ধৰি কেইবাটাও বিষয়ৰ ভিত্তিত প্ৰশ্নৰ ওপৰত লিখিত সঁহাৰি দাখিল কৰাৰ বাবে সময় প্ৰদান কৰে।
গুগলৰ এজন মুখপাত্ৰই এক বিবৃতিযোগে কয় যে, “আমি নীতি নিৰ্ধাৰকসকলক আমাৰ ব্যৱসায় আৰু ইণ্টাৰনেট খোলা ৰখা আৰু বিস্তৃত ‘বেচলাইন’ গোপনীয়তাৰ নিয়মাৱলীৰ বাবে কলবোৰ সমৰ্থন কৰা কাৰ্য
 বুজাত সহায় কৰাৰ সুযোগক আদৰণি জনাইছো”। তদুপৰি তেওঁ বিবৃতিটোত কয় যে, “আমি বিশ্বাস কৰোঁ যে ৰ্নিধাৰিত নিয়মে সকলো ধৰণৰ ব্যৱসায়ৰ বাবে  বজাৰত সহায় কৰিব পাৰে। আমি আন্তৰিকতাৰে আশা কৰোঁ যে এই পৰামৰ্শমূলক প্ৰক্ৰিয়াই সমিতিখনক নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু নতুন সৃষ্টিশীল প্ৰচাৰৰ উদ্দেশ্য প্ৰাপ্তিত সহায় কৰিব”।
চীনা বিনিয়োগৰ বিষয়ে প্ৰশ্ন পেটিএম-ক
পেটিএম তথ্য গোপনীয়তা আৰু চীনা বিনিয়োগৰ বিষয়েও প্ৰশ্নৰ সন্মুখীন হৈছিল। উল্লেখযোগ্য যে, বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, ব্যক্তিগত তথ্য সুৰক্ষা বিল শক্তিশালী কৰাৰ বাবে তথা গোপন তথ্য সুৰক্ষিত কৰাৰ বাবে পেটিএমৰ নিজা পদক্ষেপ আৰু পেটিএমে এই জালিয়াতি প্ৰতিৰোধৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আছে আৰু ই ভাৰতৰ ডিজিটেল সেৱাক কেনেদৰে সমৰ্থন কৰি আছে আদি প্ৰশ্নৰ অৱতাৰণা কৰা হৈছিল । উল্লেখযোগ্য যে, মীনাক্ষি লেখিৰ তত্বাৱধানত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হোৱা সংসদীয় সমিতিয়ে গুৰুত্বপূৰ্ণ কাৰিকৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলক ‘ব্যক্তিগত তথ্য সুৰক্ষা বিল, ২০১৯’ সম্পৰ্কত কংগ্ৰেছে উত্থাপন কৰা অভিযোগবোৰ তদাৰকৰ বিষয়তো বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।(IANS)