সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / তেজোদ্দীপ্ত তেজস্বীক লৈ আশাবাদী লালু

তেজোদ্দীপ্ত তেজস্বীক লৈ আশাবাদী লালু

চিকিৎস্যালয়ৰ পৰাই লালু প্ৰসাদৰ ৰাজনৈতিক গতিবিধি পৰ্যবেক্ষণ

ৰাঁছী,৩০ অক্টোবৰ – দেশৰ ৰাজনৈতিক মহলত সদ্যহতে  বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে ৷  প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদৰ ৰাষ্ট্ৰীয় জনতা দলে  এই নিৰ্বাচনত যথেষ্ট  গুৰুত্বপূৰ্ণ  ভূমিকা পালন কৰিব বুলি ৰাজনৈতিক মহলে ক’ব খোজে ৷ আনহাতে, বিভিন্ন দুৰ্নীতিৰ গোচৰত দীৰ্ঘদিন ধৰি কাৰাবাসত থকা  লালু প্ৰসাদে চিকিৎসাজনিত কাৰণত সদ্যহতে ৰাজেন্দ্ৰ ইনষ্টিটিউট অৱ মেডিকেল চাইন্সত চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ বিচনাৰ পৰাই  টেলিভিছনৰ যোগেদি নেতাজনে বিহাৰৰ ৰাজনৈতিক গতিবিধিৰ সম্পূৰ্ণ নজৰ ৰখা পৰিলক্ষিত হৈছে। তাৰোপৰি চিকিৎসালয়ৰ সূত্ৰই ক’ব খোজে যে তেওঁ চিকিৎস্যালয়ৰ পৰাই তেওঁৰ দলৰ নেতা সকলক আৰু দুই পুত্ৰক নিৰ্বাচন সংক্ৰান্তীয় বিভিন্ন কৌশল,নিৰ্দেশনা নিয়মিত ভাৱে দি থকা পৰিলক্ষিত হৈছে।  চিকিৎসালয়ৰ বিভিন্ন কৰ্মচাৰীৰ আগত লালুপ্ৰসাদে তেওঁৰ দলে বিহাৰ বিধান সভাৰ নিৰ্বাচনত  উল্লেখনীয় সফলতা লাভ কৰিব বুলি  আশা প্ৰকাশ কৰে। চিকিৎস্যালয়ৰ আন এক সূত্ৰই সংবাদ মাধ্যম IANS কয় যে   প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে  ম’বাইল যোগে হোৱা কথোপকথনৰ আঁত ধৰি এই কথা ক’ব পাৰি যে তেওঁৰ দ্বিতীয় পুত্ৰ তেজস্বী যাদৱৰ  নেতৃত্বত তেওঁৰ দলে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ  চলোৱা বাবে তেওঁ অত্যন্ত সুখী। উল্লেখযোগ্য যে ৰাঁছীৰ RIMS চিকিৎস্যালয়ৰ সঞ্চালকৰ  বাবে সংৰক্ষিত বাসগৃহত  লালু প্ৰসাদক বিশেষ সা-সুবিধা  প্ৰদান কৰি চিকিৎসা চলাই থকা হৈছে। ৰাঁঁছীৰ বীৰচা মুণ্ডা জেলত পশু খাদ্য কেলেংকাৰীৰ তিনিটা গোচৰত  ইতিমধ্যেই  লালু প্ৰসাদ দোষী সাব্যস্ত হৈ কাৰাবন্দী হৈ আছে আৰু চিকিৎসাজনিত কাৰণত তেওঁক RIMSৰ পেয়িং ৱাৰ্ডত  ৰখা হৈছে। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনীয়তাৰ  পৰিপ্ৰেক্ষিতত  সাধাৰণ ৱাৰ্ডৰ পৰা সঞ্চালকৰ বাংলোলৈ বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক স্থানান্তৰ কৰা হৈছিল আৰু ইয়াৰে পূৰ্ণ সুযোগ লালু প্ৰসাদে গ্ৰহণ কৰি ৰাজনৈতিক গতিবিধিত নজৰ ৰখা পৰিলক্ষিত হৈছে । আনহাতে বিহাৰৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত  প্ৰধান মন্ত্ৰী  নৰেন্দ্ৰ মোডীয়ে  আৰজেডি নেতা তেজস্বী যাদৱক জাংগলৰাজৰ যুৱৰাজ  বুলি অভিহিত কৰা মন্তব্যৰ  প্ৰত্যুত্তৰ দিয়াৰ পৰা তেজস্বী যাদৱ বিৰত আছে । তেওঁ কয় যে  এখন গণতান্ত্ৰিক দেশত  সকলোৰে মত প্ৰকাশৰ স্বাধীনতা আছে । বিহাৰত বিগত বছৰ সমূহত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ ওপৰিও  নিবনুৱা সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিছে। কিন্তু প্রধান মন্ত্রীয়ে এনে গুৰুত্বপূৰ্ণ বিষয়বোৰ সম্পৰ্কে মন্তব্য দিয়াৰ পৰিবৰ্তে আনক জাংগল ৰাজৰ যুৱৰাজ  বুলি  আক্ৰমণ কৰিছে বুলি তেজস্বী যাদৱে বিষয়টো  এৰাই চলিবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে।ইয়াৰ পূৰ্বে মধুবাণীৰ এক বৃহৎ জন সভাত ভাগ লৈ তেজস্বী যাদৱে মন্তব্য কৰে যে বিহাৰৰ সাধাৰণ জনতাৰ বাবে  সদ্যহতে  প্ৰধান প্ৰত্যহ্বান হৈছে নিবনুৱা  সমস্যা তথা ভ্ৰষ্টাচাৰ ৷ নীতিশ কুমাৰৰ সুদীৰ্ঘ শাসনৰ সময়চোৱাত বিহাৰত বিশেষ কোনো উল্লেখযোগ্য জনহিতকৰ কাৰ্য নোহোৱা বুলি তেওঁ অভিযোগ কৰে।  মধুবাণী অঞ্চলৰ বিষয়ে  উল্লেখ কৰি তেজস্বী যাদৱে কয়   যে  এই অঞ্চলটোতে  কৃষি ভিত্তিক  উদ্যোগ স্থাপন কৰিব পৰা যথেষ্ট থল আছে। এই প্ৰসংগত তেজস্বী যাদবে নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰক প্রশ্ন কৰে যে ইমান বৃহৎ সংখ্যক কৃষি ভিত্তিক উদ্যোগৰ সমল থকা স্বত্তেও এই অঞ্চলত কিয় কোনো কৃষি ভিত্তিক উদ্যোগ  এতিয়ালৈকে গঢ়ি উঠা নাই ৷ উল্লেখ কৰিব পাৰি যে ৰাজনৈতিক পৰ্যবেক্ষক মহলে  বিহাৰ বিধান সভাৰ নিৰ্বাচনত লালু প্ৰসাদৰ দলে  এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰিছে।