দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Business  / বিনিয়োগকাৰী ক্ষতিৰ সন্মুখীন ভাৰতত

বিনিয়োগকাৰী ক্ষতিৰ সন্মুখীন ভাৰতত

বিনিয়োগকাৰীৰ মেক্ৰ মুল্যাংকণৰ সুচাংক ভাৰতৰ ক্ষেত্ৰত সৰ্বোচ্চ ক্ষতি হোৱাৰ বিপৰীতে টাইৱানৰ ক্ষেত্ৰত সৰ্বনিম্ন ক্ষতি হৈছে

নতুন দিল্লী,৩০ অক্টোবৰ: ক’ভিড মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ প্ৰায় সকলো দেশৰে অৰ্থনীতি যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হৈছে ৷ বিভিন্ন দেশৰ চলিত বছৰৰ প্ৰথম ৬মাহৰ অৰ্থনৈতিক পৰিস্থিতিৰ বিষয়ে সদ্যহতে প্ৰখ্যাত বিত্তীয় প্ৰতিষ্ঠান মটিলাল অছৱালে এক সমীক্ষা চলাইছিল ৷ এই সমীক্ষা অনুসৰি উন্নয়নশীল দেশসমূহৰ ভিতৰত ভাৰতেই ক’ভিড মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছে ৷ তাৰ ফলস্বৰূপে বিনিয়োগকাৰীসকলৰ মেক্ৰ সূচাংক ভাৰতৰ ক্ষেত্ৰতেই বিশ্বৰ ভিতৰত সৰ্বোচ্চ ক্ষতি হৈছে ৷ উল্লেখযোগ্য যে এই সূচাংকৰ জৰিয়তে বিনিয়োগকাৰীসকলৰ মাজত এখন দেশৰ বিভিন্ন অৰ্থনৈতিক মাপকাঠি যেনে মুদ্ৰাস্ফীতি,ৰাজহৰ ঘাটি,আমদানি-ৰপ্তানিৰ ঘাটি তথা দেশখনৰ প্ৰকৃত অৰ্থনৈতিক উন্নয়নৰ ছবিখনৰ বিষয়ে সমীক্ষা চলোৱা হয় ৷ ভাৰতৰ ক্ষেত্ৰত এই সূচাংক সৰ্বোচ্চ ক্ষতি হোৱাৰ বিপৰীতে টাইৱানৰ ক্ষেত্ৰত সৰ্বনিম্ন ক্ষতি হৈছে ৷ এইখিনিতে উল্লেখ কৰিব পাৰি যে ক’ভিড মহামাৰীৰ সংক্ৰমণৰ ব্যাপক প্ৰভাৱ ভাৰতীয় অৰ্থনীতিত পৰাৰ ফলস্বৰূপে দেশৰ এপ্ৰিল-জুন মাহৰ ভিতৰত অৰ্থনৈতিক বিকাশৰ হাৰ ২৩.৯ শতাংশ হ্ৰাস পাইছে ৷ তাৰোপৰি দেশত ৰাজহ সংগ্ৰহ ব্যাপক হাৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ ফলস্বৰূপে ২০২১ বিত্তীয় বৰ্ষত ৰাজহৰ ঘাটি ৮ শতাংশ হ’ব বুলি আশংকা কৰা হৈছে ৷ আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পয্যালোচনা আনহাতে আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে চলিত বৰ্ষত ভাৰতৰ আৰ্থিক উন্নয়নৰ হাৰ -১০.৩ শতাংশ হ’ব বুলি সাবধানবাণী শুনাইছে৷বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সমীক্ষা অনুসৰি বিগত ২মাহত বিশ্বৰ সামগ্ৰিক অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হলেও উন্নয়নশীল দেশসমুহৰ অৱস্থাৰ মুঠেই উন্নতি হোৱা নাই ৷ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে সদ্যহতে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে আন উন্নয়নশীল দেশসমূহৰ তুলনাত অৰ্থনৈতিক সুস্থিৰতা তথা বিকাশৰ গতি তৰাম্বিত কৰিবলৈ বিভিন্ন প্ৰকাৰে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক ঋণ যোগানৰ ব্যৱস্থা কৰিছে ৷ তৎস্বত্বেও অৰ্থনীতিত সুস্থিৰতা অহা পৰিলক্ষিত হোৱা নাই ৷ বিগত সময়চোৱাত ভাৰতৰ শ্বেয়াৰ বজাৰৰ সূচাংক বৃদ্ধি পোৱা স্বত্বেও বণ্ড বজাৰ তথা মুদ্ৰাৰ বজাৰত পুৰ্বৰ দৰেই মন্দাৱস্হা দেখা গৈছে ৷ নিসন্দেহে এইটো চিন্তনীয় বিষয় ৷