শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Bihar  / সুৰক্ষাৰ ক্ষেত্ৰত তেজস্বী উপেক্ষিত

সুৰক্ষাৰ ক্ষেত্ৰত তেজস্বী উপেক্ষিত

তেজস্বী যাদবক সুৰক্ষা প্ৰদানত হেমাহিৰ অভিযাগ

পাটনা,৩০ অক্টোবৰ : তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈ থকা বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে  ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে ৷ প্ৰধান ৰাজনৈতিক দলৰ নেতাসকলৰ মাজত অভিযোগ তথা প্ৰতিঅভিযোগৰ পৰ্বৰ এতিয়াও সামৰণি পৰা নাই ৷ এইবাৰ প্ৰধান বিৰোধী দল আৰজেডিৰ দ্বাৰা তেওঁলোকৰ নেতা তেজস্বী যাদবক নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰে উপযুক্ত সুৰক্ষা প্ৰদান নকৰাৰ আন এক গুৰুতৰ অভিযোগ উথাপন কৰিছে ৷ এই সংক্ৰান্তত আৰজেডি দলৰ নেতা তথা সাংসদ মনোজ ঝাই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে তেজস্বী যাদবক উপযু্ক্ত সুৰক্ষা প্ৰদানত কৰা হেমাহিৰ বাবে নিৰ্বাচনী সভাসমূহত নেতাজনৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি অনেক লোকে তেওঁক বাৰম্বাৰ আগুৰি ধৰিছিল ৷ তাৰোপৰি এনে কাৰ্যই নেতাজনে ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ উৰণত বাধাৰো সৃষ্টি কৰিছিল তথা দুৰ্ঘটনাৰ আশংকা পুৰামাত্ৰাই আছিল  বুলি সাংসদজনে অভিযোগ কৰে ৷ আনকি এই সংক্ৰান্তত আৰজেডি দলে ২৪ অক্টোবৰত নিৰ্বাচনী আয়োগৰ ওচৰত এক লিখিত পত্ৰযোগে অভিযোগো উথাপন কৰিছিল ৷ তাৰ পৰিপেক্ষিতত নিৰ্বাচনী আয়োগে বিহাৰৰ ৩৮ জিলাৰ জিলা দণ্ডাধীশ তথা আৰক্ষী অধীক্ষকসকলক তেজস্বী যাদবৰ নিৰাপত্তাৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তৎসত্ত্বেও নেতাজনক উপযুক্ত সুৰক্ষা প্ৰদান কৰা নহ’ল বুলি দলীয় সাংসদজনে ক্ষোভ প্ৰকাশ কৰে ৷ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত দলৰ তৰফৰ পৰা  এক video প্ৰদৰ্শন কৰা হৈছে য’ত দেখা গৈছে এক বৃহৎ সংখ্যক জনতাই তেজস্বী যাদবৰ হেলিকপ্টাৰ আগুৰি ধৰি ছিল্ফী ল’বলৈ হেতাওপৰা লগাইছে,অথচ সেই সময়ত বিৰোধী নেতাজনৰ সুৰক্ষাৰ বাবে তাত এজনো পুলিচ কৰ্মী উপস্থিত নাছিল ৷ এই ঘটনাত আনকি তেজস্বী যাদবো যথেষ্ট পৰিমাণে বিৰক্ত হৈছিল ৷