বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / উপ-মুখ্যমন্ত্ৰী কৰ’নাবাহক !

উপ-মুখ্যমন্ত্ৰী কৰ’নাবাহক !

কোভিড পজিটিভ হোৱাৰ পাছতো নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বাবে বিহাৰৰ উপ-মুখ্যমন্ত্ৰীক সমালোচনা

পাটনা,৩১ অক্টোবৰ : ৯ দিন আগত ক’ভিড পজিটিভ হোৱা বুলি ধৰা পৰাৰ পাছতো নিৰ্বাচনী প্ৰচাৰত অংশ লোৱা বুলি পোহৰলৈ অহাৰ লগে লগে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডী এক বিতৰ্কৰ মাজত সোমাই পৰে ।
দানাপুৰৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ৩০ অক্টোবৰত হোৱা এটা ৰোড শ্ব’ত মোডী উপস্থিত আছিল। ইয়াৰ ওপৰি আজিও তেখেত পাটনাৰ পীৰপাইটি, ভগলপুৰ, ভক্তিয়াৰপুৰ,খুচ্ৰুপুৰ আৰু ফাতুহাত হোৱা নিৰ্বাচনী প্ৰচাৰত অংশ লয়।
২২ অক্টোবৰত  মোডী ক’ভিড পজিটিভ বুলি ধৰা পৰে আৰু পাটনাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল চাইন্সত ভৰ্তি হয়। ক’ভিড নিয়ম অনুসৰি যিকোনো সংক্ৰমিত লোকক ১৪ দিনৰ বাবে আইশ্ব’লেছনত থাকিব লাগে।
‘কোৱাৰেণ্টাইন, কেম্পেইন নহয়’
ৰাষ্ট্ৰীয় জনতা দলৰ বিহাৰ গোটৰ মুখপাত্ৰ চিত্ৰঞ্জন গগনে কয়, “তেখেত সঁচাকৈয়ে কৰ’না  ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল নে ভোটাৰ সকলৰ সহানুভূতি লাভ কৰাৰ উদ্দেশ্যেহে চিকিৎসালয়ত ভৰ্তি হৈছিল? এজনৰ পিছত এজনকৈ সকোলো বিজেপি নেতা কৰ’নাত দ্বাৰা আক্ৰান্ত হ’ব ধৰিছে।”
“যিহেতু তেখেত কোভিড-১৯ পজিটিভ আৰু চিকিৎসালয়ত ভৰ্তি হোৱা বুলি স্বীকাৰ কৰিছে, চিকিৎসকসকলে তেখেতক ১৪দিনৰ হোম কোৱাৰেণ্টাইনৰ বাবে ক’ব লাগিছিল। তেখেতে কিয় নিৰ্বাচনী প্ৰচাৰ কৰি ভাইৰাছ আনৰ দেহলৈ সংক্ৰমিত কৰি আছে ? এনেদৰে মুকলিকৈ ঘূৰি ফুৰাৰ আৰু সাধাৰণ লোকৰ জীৱনলৈ ভাবুকি অনাৰ স্বাধীনতা তেখেতক কোনে দিলে?”
হত্যাৰ বাবে ভাইৰাচৰ সংক্ৰমণ
আৰু এঢাপ আগবাঢ়ি গৈ নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে অভিযোগ কৰে যে বিজেপি নেতৃত্বাধীন নেশ্যনেল ডেমোক্ৰেটিক এলায়েঞ্চে  দুৰ্গাৰ সেৱকসকলক হত্যাৰ বাবে দায়ী আৰু ইয়াৰ নেতাসকলে সাধাৰণ লোকক মৰাৰ বাবে কৰ’না সংক্ৰমণ ইচ্ছাকৃতভাৱে কৰি আছে।

“ইমান দায়িত্বশীল পদত থকা ব্যক্তি এগৰাকীয়ে এনেদৰে ভাইৰাছৰ সংক্ৰমণ ঘটোৱাটো আচৰিত। সুশীল মোডীয়ে সাধাৰণ মানুহৰ বাবে চিন্তা নকৰে। তেখেতৰ এনে দায়িত্বহীন কাম কেতিয়াও গ্ৰহণযোগ্য নহয়। তেখেতে নিজেই কোভিড  পজিটিভ বুলি ঘোষণা কৰিছিল। এন চি পি য়ে নিৰ্বাচনী আয়োগক ঘটনা সম্বন্ধে বিচাৰ কৰি তেখেতৰ ওপৰত তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছোঁ-” ভোজপুৰী ছুপাৰষ্টাৰ আৰে এন. চি. পি.ৰ মুম্বাই মহানগৰ শাখাৰ সাধাৰণ সম্পাদক সুদীপ পাণ্ডেই এনেদৰে কয়।
সাধাৰণ মানুহৰ কি হ’ব?

ভোজপুৰী ছুপাৰষ্টাৰ গৰাকীয়ে আৰু কয় যে ” মোডী ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী। গতিকে নিৰ্বাচনী প্ৰচাৰৰ সময়ত স্বাস্থ্যৰ অৱনতি ঘটিলেও অনতিপলমে উৎকৃষ্ট চিকিৎসা সেৱা লাভ কৰিব। কিন্তু তেখেতৰ সংস্পৰ্শলৈ অহা সাধাৰণ লোকসকলৰ কি হ’ব? সাধাৰণ মানুহৰ বাবে উপলব্ধ চিকিৎসা সেৱাৰ বিষয়ে সকলোৱে জানে‌।”
“লকডাউনৰ সময়চোৱাত এন. ডি. এ. চৰকাৰে প্ৰবাসী শ্ৰমিক সকলক বিহাৰত প্ৰবেশ কৰাৰ ক্ষেত্ৰত বাধা দিছিল। প্ৰবাসী শ্ৰমিক সকল ৰাজ্যত কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণৰ কাৰক হ’ব বুলি মোডী আৰু অন্যান্য এন. ডি. এ. নেতাসকলে শংকা  কৰিছিল। এতিয়া কথাবোৰ কিয় বেলেগ হ’ল‌?” তেখেতে প্ৰশ্ন কৰে। (IANS)