শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / কৃষি,ক্ৰীড়া আৰু অঞ্জু

কৃষি,ক্ৰীড়া আৰু অঞ্জু

ফুটবলৰ লগতে কৃষিতো মনোনিৱেশ অঞ্জু তামাঙৰ

নতুন দিল্লী,৩১ অক্টোবৰ : খেলপথাৰত উল্লেখযোগ্য প্ৰদৰ্শনৰ লগতে পৰিয়ালক কৃষি কৰ্মৰে সহায়ৰ হাত আগবঢ়োৱাৰ এক উল্লেখযোগ্য উদাহৰণ হ’ল পশ্চিমবঙ্গৰ প্ৰখ্যাত মহিলা ফুটবলাৰ অঞ্জু তামাং যি ভাৰতীয় মহিলা দলৰ ফৰৱাৰ্ড স্থানত খেলে ৷

খেলুৱৈ গৰাকীয়ে ক’ভিড ১৯ মহামাৰীৰ পৰিপেক্ষিতত ক্ৰীড়াজগতত আহি পৰা স্থবিৰতা হেতু সদ্যহতে পৰিয়ালৰ আন সদস্য সকলৰ লগত দাৰ্জিলিঙৰ কাষৰীয়া অঞ্চলত অৱস্থিত ধাননি পথাৰত ব্যস্ত হৈ পৰিছে৷বাল্যকালৰ পৰাই অঞ্জুয়ে পৰিয়ালৰ আন সদস্য সকলৰ লগত আজৰি সময়ত কষিকৰ্মত মনোনিবশ কৰিছিল৷ পৰৱৰ্তী সময়ত ফুটবলৰ লগত জড়িত হৈ দেশৰ তথা নিজ ৰাজ্যৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰিবলগীয়া হোৱাত পূৰ্বৰ দৰে কৃষি কৰ্মত জড়িত হ’বলৈ আজৰি সময় নোপোৱাৰ কথা খেলুৱৈ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷ধল পুৱাতে অঞ্জুয়ে স্থানীয় কিছু খেলুৱৈৰ সৈতে দৈনন্দিন প্ৰশিক্ষণত ব্যস্ত হৈ পৰে৷তাৰ পাছত প্ৰাতঃ ভোজন কৰি মাতৃ ,বৌয়েকৰ লগত খেতি পথাৰত ব্যস্ত হৈ পৰে৷দুপৰীয়া মধ্যাহ্ন ভোজন কৰাৰ পাছত পুনৰ খেতি পথাৰত আবেলি ৪ বজালৈ ব্যস্ত হৈ পৰে৷খেতি পথাৰৰ পৰা পোনে পোনে আকৌ এবাৰ দৈনন্দিন প্ৰশিক্ষণ কাৰ্যত ব্ৰতী হয়৷ খেলুৱৈ গৰাকীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে দিনজোৰা কঠোৰ পৰিশ্ৰমৰ বাবে শাৰীৰিক ভাৱে তেওঁ নিজকে সম্পূৰ্ণভাৱে সক্ষম আৰু সুস্থ ৰাখিব পাৰিছে৷দিনজোৰা কঠোৰ পৰিশ্ৰমৰ পাছত অঞ্জু সন্ধিয়ালৈ যথেষ্ট ভাগৰুৱা হৈ পৰে যদিও  পৰিয়ালৰ আন সদস্যসকলৰ লগত কৃষি কৰ্মত জডিত হৈ আনন্দ লাভ কৰে বুলিও খেলুৱৈ গৰাকীয়ে ব্যক্ত কৰে৷