সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / চি প্লেনে আকৰ্ষণ কৰিব পৰ্যটকক

চি প্লেনে আকৰ্ষণ কৰিব পৰ্যটকক

প্ৰধানমন্ত্ৰী মোডীৰ দ্বাৰা ভাৰতৰ প্ৰথম চি প্লেন সেৱাৰ আৰম্ভণি

কেভাদিয়া(গুজৰাট),৩১ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ যাতায়ত ব্যৱস্থা উন্নত কৰিবৰ বাবে বিগত বছৰ সমূহত বিভিন্ন পদক্ষেপ ঘোষণা কৰিছিল।এনে পদক্ষেপৰ অংশস্বৰূপে দেশত  পোনপ্ৰথমবাৰৰ বাবে  চি প্লেনৰ আৰম্ভনি কৰা হয়।

Modi inaugurates seaplane service, boards first flight to Sabarmati

প্ৰধানমন্ত্ৰী গৰাকীয়ে আহমেদাবাদৰ সবৰমতী  ৰিভাৰ ফ্ৰণ্টৰ পৰা কাভাডিয়াৰ চৰ্দাৰ সৰুবৰ অঞ্চললৈ ভাৰতৰ প্ৰথমখন চি প্লেন যাত্ৰাৰ শুভাৰম্ভ কৰে।উল্লেখ কৰিব পাৰি যে ৪৫ মিনিটৰ এই চি প্লেন সেৱাৰ আৰম্ভণি চৰ্দাৰ বল্লভভাই পেটেলৰ ১৪৫ বছৰীয়া জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি  কৰা হৈছে।কেভাডিয়া , চৰ্দাৰ পেটেলৰ ষ্টেচু অফ ইউনিটি বা সংহতিৰ মূৰ্তিৰ বাবে বিখ্যাত।সেইবাবেই দেশ বিদেশৰ পৰা এই সংহতিৰ বিশাল মুৰ্তিৰ চাবলৈ  অহা পৰ্যটকৰ সুবিধাৰ বাবে আহমেদাবাদৰ পৰা ২০০ কিলোমিটাৰ দূৰত্বৰ এই পথ চি প্লেনৰ যোগেদি সংযুক্ত কৰা হৈছে। উল্লেখ কৰিব পাৰি যে এই চি প্লেন সেৱা স্পাইছ জেটৰ কোম্পেনীৰ দ্বাৰা পৰিচালিত হ’ব ।ইয়াৰ ওপৰিও প্ৰধানমন্ত্ৰী গৰাকীয়ে সবৰমতী ৰিভাৰ ফ্ৰণ্টত জল‌এৰোদ্ৰামো মুকলি কৰে।আগন্তুক দিনসমূহত দেশৰ বিভিন্ন অংশত চি প্লেনৰ যাতায়তৰ সুবিধাৰ্থে এনে ধৰণৰ বিভিন্ন জল‌এৰোদ্ৰাম স্থাপন কৰা হ’ব।এই চি প্লেনৰ যাত্ৰাৰ শুভৰাম্ভনী কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় “চৰ্দাৰ পেটেলৰ ‘ষ্টেচু অফ ইউনিটি’ দৰ্শন কৰিবলৈ দেশবাসীয়ে এতিয়া আন এক পৰিবহনৰ সুবিধা চি প্লেনৰ যোগেদি লাভ কৰিব ৷ইয়াৰ ফলস্বৰূপে এই অঞ্চলত আগন্তুক দিনসমূহত পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাব৷”’ উল্লেখ কৰিব পাৰি যে বিশ্বৰ বিভিন্ন অংশত  চি প্লেনে যাতায়ত আৰু পৰিবহন ব্যৱস্থাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। মূল যাতায়ত ব্যৱস্থাৰ পৰা যথেষ্ট দূৰত অৱস্থিত দুৰ্গম অঞ্চল সমূহত চি প্লেনৰ যোগেদি জলত  অৱতৰণ আৰু জলপৃষ্ঠৰ পৰাই উৰণ কৰিব পৰা এই ব্যৱস্থাৰ যোগেদি পৰিবহনৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা হৈছে। এই ফিক্স উইংছৰ বা স্থায়ী পাখিযুক্ত এই চি প্লেন সমূহে হ্ৰদ বা ঘাঁহনি বা যিকোনো অসমতল ঠাইতো অতি সহজেই পৰ্যটকসকলক লৈ যাতায়ত কৰিব পাৰে।উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় চৰকাৰৰ উৰাণ আঁচনিৰ অধীনত চি প্লেনসেৱা প্ৰদান কৰা কোম্পানীসমূহক বিভিন্ন ধৰণৰ সুবিধা তথা কৰ কাটলৰ পৰা ৰেহাই দিয়া হ’ব বুলি জানিব পৰা গৈছে।