শনিবাৰ, ২৪ জুলাই, ২০২১

NewsFile Institute
Home / Big Picture Stories  / -ঝাৰখণ্ড বিজেপিৰ বিৰুদ্ধে এজাহাৰ

-ঝাৰখণ্ড বিজেপিৰ বিৰুদ্ধে এজাহাৰ

বিজেপিৰ ৰাজ্যিক সভাপতি দীপক প্ৰকাশে এজাহাৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছে আৰক্ষীক ৷ ৰাজকুমাৰৰ প্ৰতিবেদন

ৰাঁচী,৩১ অক্টোবৰ –ঝাৰখণ্ড মুক্তি ৰ্মচা ,কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলে শনিবাৰে দুমকা টাউন আৰক্ষী থানাত বিজেপি আৰু ইয়াৰ ৰাজ্যিক সভাপতিয়ে হেমন্ত চোৰেনৰ চৰকাৰখনক গাদীচ্যুত কৰিবলৈ অপৰাধ সংঘটিত কৰাৰ বাবে ষড়যন্ত্ৰ কৰা বুলি এখন এজাহাৰ দাখিল কৰে।
দুমকা আৰু বেৰমোত ৩ নবেম্বৰত হ’ব লগীয়া উপনিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ভোটাৰ সকলৰ মাজত ৰাজ্যত শাসকৰ সলনি হ’ব বুলি প্ৰচাৰ চলায়।  বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰাজ্য সভাৰ সাংসদ দীপক প্ৰকাশে শুক্ৰবাৰে দুমকাত নিৰ্বাচনী প্ৰচাৰৰ সময়ত কয় যে অহা দুই তিনিমাহৰ ভিতৰত ৰাজ্যখনত বিজেপি নেতৃত্বাধীন নতুন চৰকাৰৰ গঠন হ’ব। 
এজাহাৰ দাখিল
 বিজেপিৰ প্ৰতি ক্ষোভ প্ৰদৰ্শন কৰি কংগ্ৰেছৰ জিলা সভাপতি কিশোৰ সিঙে এজাহাৰ দাখিল কৰে। জেএমএমৰ সাধাৰণ সম্পাদক আৰু বক্তা সুপ্ৰিয় ভট্টাচাৰ্য‌ই দুমকাত শনিবাৰে এখন সংবাদমেলত এইবিষয়ে ঘোষণা কৰি কয় যে “অপৰাধ সংঘটিত কৰাৰ বাবে ষড়যন্ত্ৰ, ইচ্ছাকৃত অপমান আৰু উচতনিমূলক কাৰ্য, অপৰাধমূলক ভীতি প্ৰদৰ্শন আৰু শাসনাধিষ্ঠ চৰকাৰৰ প্ৰতি মানুহৰ মনত অবিশ্বাসৰ ভাব জন্মোৱাৰ চেষ্টা কৰাৰ বাবে আই পি চি ১২০(খ), ৫০৪, ৫০৬ আৰু ১২৪(খ)ৰ অধীনত আমি অভিযোগ পঞ্জীয়ন কৰিছোঁ।”
ইয়াৰ লগতে তেখেতে  কয় যে দেশৰ অন্য ঠাইত ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’লেও ঝাৰখণ্ডত গণতান্ত্ৰিক ভাবে নিৰ্বাচিত চৰকাৰখনত গাদীচ্যুত কৰিবলৈ বিজেপি কেতিয়াও সমৰ্থ নহ’ব।
বিজেপি নেতাই চৰকাৰক গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনায়।
ঝাৰখণ্ড মুক্তি মৰ্চাৰ এই এজাহাৰ দাখিল কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি
 বিজেপিৰ ৰাজ্যিক সভাপতি দীপক প্ৰকাশে এফ আই আৰৰ ভিত্তিত তেখেতক গ্ৰেপ্তাৰ কৰাৰ বাবে প্ৰত্যাহ্বান জনায়।”এফ আই আৰ দিছে যেতিয়া সাহস আছে যদি গ্ৰেপ্তাৰ কৰক”, প্ৰকাশে এফ আই আৰৰ বিষয়ে মন্তব্য প্ৰকাশ কৰোঁতে কয়।তেখেতে কয় যে এইয়া দুমকাত হ’বলগীয়া আগন্তুক নিৰ্বাচনত জে এম এম- কংগ্ৰেছ জোঁটৰ নিশ্চিত পৰাজয়ৰ লক্ষণ। “দুমকাত হ’বলগীয়া আগন্তুক উপ-নিৰ্বাচনত নিশ্চিত পৰাজয়ৰ লক্ষণ দেখি হতাশাত পৰি তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছে। বিজেপিৰ বাবে এয়া ভাল লক্ষণ। এয়াই দলৰ কৰ্মীসকলৰ আত্মবিশ্বাস বঢ়োৱাত সহায় কৰাৰ লগতে ৰাইজৰ সমৰ্থন বঢ়োৱাতো সহায় কৰিছে”, প্ৰকাশে কয়।শাসনাধিষ্ঠ দলৰ নেতাই প্ৰকাশৰ সমৰ্থন বিচাৰিছে।”জে এম এম-কংগ্ৰেছ জোঁটে নিৰ্বাচনৰ আগত কেনেকৈ বিৰোধী দলৰ পৰা প্ৰশংসা আশা কৰিব পাৰে ? শাসকীয় জোঁটৰ নেতৃত্বৰ এনে মানসিক স্থিতিৰ বিষয়ে যিকোনো ব্যক্তিয়ে কল্পনা কৰিব পাৰে।”