সোমবাৰ, ২ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / ত্ৰিপুৰাৰ স্বয়ং স্বাস্থ্যখণ্ডই অস্বাস্থ্যকৰ

ত্ৰিপুৰাৰ স্বয়ং স্বাস্থ্যখণ্ডই অস্বাস্থ্যকৰ

ত্ৰিপুৰাৰ স্বাস্থ্যবিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে ৷তন্ময় চক্ৰৱৰ্তীৰ এক প্ৰতিবেদন

আগৰতলা, ৩১ অক্টোবৰ – মন্ত্ৰী বাদল চৌধুৰীয়ে অস্থায়ী চিকিৎসকসকলক বৰ্তমান ক’ভিড ১৯ ৰ সময়ত অনিয়মীয়া হিচাপে নিয়োগ কৰি পৰৱৰ্তী সময়ত তেওঁলোকৰ চাকৰিসমূহ নিয়মিত কৰাৰ বাবে চৰকাৰক অনুৰোধ কৰে‌।
ত্ৰিপুৰাৰ স্বাস্থ্যসেৱা বিভাগ সম্পূৰ্ণ বিফল হোৱা বুলি অভিযোগ তুলি চি.পি.আই.(এম)  দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাদল চৌধুৰীয়ে শনিবাৰে বিজেপি নেতৃত্বাধীন চৰকাৰখনক অনতিপলমে অস্থায়ী হিচাপে সেৱা আগবঢ়াই থকা এমবিবিএছ চিকিৎসক সকলক   ভবিষ্যতে ত্ৰিপুৰা অসামৰিক সেৱা আয়োগৰ অধীনত তেওঁলোকৰ চাকৰি সমূহ নিয়মীয়াকৰণ কৰাৰ বাবে দাবী উত্থাপন কৰে।

ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ প্ৰতি সম্পূৰ্ণ অনাস্থা প্ৰকাশ কৰি চৌধুৰীয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক পত্ৰযোগে জনাই যে স্বাস্থ্য বিভাগৰ সেৱাবোৰৰ  অৱস্থা একেবাৰে পয়াঁলগা ৷ 
“ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী  মহোদয় , এইখিনিত ম‌ই আপোনালোকক জনাব  মনোযোগ বিচাৰিছোঁ যে ম‌োৰ ক’ভিড ১৯ পজিটিভ ধৰা পৰাৰ পিছতো  কিন্তু চৰকাৰী জি বি পণ্ট হস্পিতালৰ শোচনীয় অৱস্থাৰ বাবে মোক ঘৰতে চিকিৎসা গ্ৰহণ কৰাৰ বাবে  পৰামৰ্শ আগবঢ়োৱা  হৈছে। বৰ্তমান ৰাজ্যখনত অধিক সংখ্যক ক’ভিড সংক্ৰমিত লোকক চিকিৎসালয়ৰ বেয়া অৱস্থাৰ বাবে ঘৰতে চিকিৎসা গ্ৰহণ কৰাৰ বাবে বাধ্য কৰা হৈছে” -এই অভিযোগ   কৰে প্ৰাক্তন মন্ত্ৰী বাদল চক্ৰৱৰ্তীয়ে ৷

ৰোগীয়ে সঠিক চিকিৎসা লাভ কৰা  নাই বুলি উল্লেখ কৰি
প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে আৰু কয় যে শ্বাসতন্ত্ৰৰ জটিল ৰোগীকো  চিকিৎসালয়লৈ যাবলৈ বাধ্য কৰা হৈছে যদিও তেওঁলোকৰ চিকিৎসাত প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই।
“এনে অৱস্থাত চৰকাৰখনে জিলা পৰ্যায়ত আৰু প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ সমূহত চিকিৎসক আৰু নাৰ্ছ নিয়োগ কৰিব লাগে। যিহেতু ৰাজ্যখনত বহুতো এম বি বি এছ চিকিৎসকৰ পদ খালী হৈ আছে৷  বিশেষকৈ এনে জৰুৰী অৱস্থাত তেনেদৰে চিকিৎসকৰ সংখ্যা কম হৈ  থাকিলে অসুবিধা হয় ৷ 

কেইদিনমান আগত প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তপন চক্ৰৱৰ্তীয়েও চিকিৎসা খণ্ডত থকা বহুতো অভাৱ আঙুলিয়াই দিছিল। অনতিপলমে তেখেতে চিকিৎসক নিয়োগ কৰি চিকিৎসকৰ অভাৱ পূৰণ কৰিবলৈ অনুৰোধ কৰিছিল।
বিগত  ১৯ অক্টোবৰত ত্ৰিপুৰাত ৯০ জনতকৈয়ো অধিক  এম বি বি এচ চিকিৎসকে খালী হৈ থকা পদ সমূহ পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।