বৃহষ্পতিবাৰ, ৫ আগস্ট, ২০২১

NewsFile Institute
Home / Business  / North-east India  / মদ-জুৱাৰ প্ৰতি আসক্তি বাঢ়িছে সংস্থাপনহীনৰ

মদ-জুৱাৰ প্ৰতি আসক্তি বাঢ়িছে সংস্থাপনহীনৰ

দক্ষিণ অসমৰ গাওঁবাসী সুৰাৰ অবৈধ বিক্ৰী আৰু জুৱাৰ আড্ডাৰ বাবে চিন্তিত।

শিলচৰ, অক্টোবৰ ৩১:  অনিয়ন্ত্ৰিত হাৰত অবৈধ  সুৰাৰ বিক্ৰী আৰু জুৱাৰ ঘাটি বৃদ্ধিয়ে দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাৰ বাসিন্দাসকলক চিন্তাত পেলাইছে।পাথৰকান্দি সমষ্টিৰ অন্তৰ্গত বজাৰিছেৰা গাঁও আৰু চুবুৰীয়া গাঁওসমূহৰ বাসিন্দাসকলে অবৈধ ভাবে সুৰাৰ বিক্ৰী কৰা ঘাটি আৰু জুৱাৰ ঘাটিসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আৰক্ষীৰ ওচৰত দাবী জনায়। 

গাঁওবাসীয়ে অভিযোগ কৰে যে প্ৰশাসনে স্থানীয় হোটেল, পাণ দোকান, চাহ দোকান আদিত সুৰাৰ  বিক্ৰীৰ ক্ষেত্ৰত কোনো বাধা প্ৰদান নকৰাৰ বাবে  গাঁৱৰ কিশোৰসকল বিশেষকৈ ছাত্র সকল সুৰাৰ প্ৰতি আকৃষ্ট হৈছে ৷
সংস্থাপনহীনতাই মূল কাৰণ-
“সূৰ্যাস্তৰ পাছত ঠাইটুকুৰা অসামাজিক কাৰ্যকলাপ আৰু সুৰাসক্ত সকলৰ বাবে স্বৰ্গত পৰিণত হয়।
সূৰ্যাস্তৰ পাছত মহিলা সকল ঘৰৰ পৰা বাহিৰ ওলাবলৈ ভয় কৰে”, বজাৰিছেৰাৰ এগৰাকী বাসিন্দাই কয়। 

স্থানীয় লোকসকলে কয় যে ক’ভিড মহামাৰীৰ ফলত সংস্থাপন হেৰুৱাই দেশৰ বিভিন্ন ঠাইৰ পৰা ঘৰলৈউভতা লোকসকল ঘাইকৈ এই সুৰা আৰু জুৱাৰ প্ৰতি অধিক আসক্ত হৈছে।
সকলোতকৈ বেছি প্ৰভাৱিত ঠাইসমূহৰ ভিতৰত আছে লোৱাইৰপুৱা, শালগাই, হৰিবশৰ, কটামণি, মাণিকবন্দ ৰঙামাটি, শিবেৰগুল আৰু বৈথাখাল।

আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে-

 বজাৰিছেৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন সিন্‌হাই অনতিপলমে অনৈতিক কাৰ্যসমূহৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

আৱকাৰী বিষয়া এছ. পলে বজাৰিছেৰা অঞ্চলত সুৰাৰ অবৈধ বিক্ৰী সম্পৰ্কে বিভাগে ইতিমধ্যে অভিযোগ পোৱা বুলি প্ৰকাশ কৰে। আৰু কয় যে এই সন্দৰ্ভত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।