দেওবাৰ, ২৫ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / শ্বেৰমান জেললৈ যাব

শ্বেৰমান জেললৈ যাব

লুঙী মন্তব্যৰ বাবে কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰৰ সকীয়নি হিমন্ত বিশ্বৰ

গুৱাহাটী, ৩১ অক্টোবৰ : কংগ্ৰেছৰ বিধায়ক  শ্বেৰমান আলী আহমেদৰ ‘লুঙী’ মন্তব্যত অসন্তুষ্ট হৈ অসমৰ বিত্ত আৰু শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ ক্ষমা নুখুজিলে তেখেতক জেললৈ পঠিওৱাৰ সকীয়নি প্ৰদান কৰে।
জনতা ভৱনত সাংবাদিকসকলক উদ্দেশ্যি বিমান যাত্ৰীৰ বাবে নতুন নীতি নিৰ্দেশনা সম্পৰ্কে মন্তব্য  কৰি  শৰ্মাই বিৰোধী কংগ্ৰেছ দলৰ মূল্যবোধৰ অৱক্ষয় হোৱা বুলি তিৰস্কাৰ কৰে।
শৰ্মাৰ মতে শংকৰদেৱ কলাক্ষেত্ৰত আহমেদৰ দ্বাৰা প্ৰস্তাৱিত মিঞা মিউজিয়ামত নীলা লুঙী সম্পৰ্কীয় মন্তব্য‌ই ৰাজ্যখনত অসমীয়া মুছলমান সকলৰ অনুভূতিত আঘাত হানিছে।
আহমেদৰ লুঙী মন্তব্য আৰু শৰ্মাৰ প্ৰতিক্ৰিয়া
ইয়াৰ আগত কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে নীলা লুঙী আৰু সেউজীয়া শাড়ী মিঞা লোকসকলৰ পৰিচয়। উল্লেখযোগ্য যে মিঞা শব্দেৰে বাংলাদেশৰ পৰা অহা পমুৱা মুছলমান সকলক বুজোৱা হয়। আহমেদে কয় যে কলাক্ষেত্ৰত মিঞাসকলৰ বাবে উৎসৰ্গিত এটা সংগ্ৰহালয় ৰখা উচিত।
“যেতিয়া শংকৰদেৱ মাধৱদেৱৰ কথা আহে তেতিয়া আমি এটা সংবেদনশীল জাতি। শ্বেৰমান আলিয়ে ৰাজনৈতিক মুনাফাৰ বাবে এনেধৰণৰ মন্তব্য কৰিছে। তেখেতে কলাক্ষেত্ৰত নীলা লুঙী ৰখাৰ কথা কেনেদৰে চিন্তা কৰিব পাৰে য’ত সত্ৰাধিকাৰসকল আহি থাকে-” শৰ্মাই প্ৰশ্ন কৰে। 
“বৰঞ্চ তেখেতে ক’ব পাৰিলে হয় চৰ-চাপৰিৰ লোকসকলৰ সৈতে পৰম্পৰাগত ভাবে জড়িত মাছ মৰা সঁজুলি অথবা নাও তাত ৰখা হ‌ওক। তেখেতে তেখেতৰ মন্তব্যৰ বাবে শাস্তিৰ সন্মুখীন হ’ব। চৰকাৰ পুনৰ ক্ষমতালৈ অহাৰ লগে লগেই তেখেতক ওলাই আহিব নোৱৰাকৈ জেললৈ পঠিওৱা হ’ব। ৰাজহুৱাকৈ ক্ষমা নুখুজিলে তেখেত জেলত থাকিব লাগিব“-এনেদৰে কয় মন্ত্ৰীগৰাকীয়ে৷বিজেপি ইছলাম বিৰোধী নহয়-
চুবুৰীয়া বাংলাদেশৰ অবৈধ প্ৰবাসীসকলৰ বিষয়ে উনুকিয়াই শৰ্মাই কয় যে ৰাজ্যখনৰ অসমীয়া মুছলমান সমাজ এনআৰচিত  সন্নিৱিষ্ট  সন্দেহজনক নামক লৈ চিন্তিত আৰু লগতে তেনে লোকসকলৰ অবৈধ আগ্ৰাসনৰ বাবেও চিন্তিত।
 বিজেপি ইছলাম বিৰোধী নহয়। আমি অসমীয়া মুছলমান সকলৰ সংস্কৃতিক সন্মান কৰোঁ। মোগলৰ বিৰুদ্ধে আহোম সকলৰ সৈতে শিৱসাগৰৰ পৰা অহা এই মুছলমান সকলে সমানে যুজিঁছিল। আজান পীৰৰ দ্বাৰা প্ৰৱৰ্তিত  চুফী সংস্কৃতিকো আমি সন্মান কৰোঁ। এই সংস্কৃতি এশ বছৰতকৈও প্ৰাচীন” শৰ্মাই কয়।
শৰ্মাই ৰিপুন বৰাক সমালোচনা কৰে
বিত্তমন্ত্ৰী গৰাকীয়ে অসম কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক বিজেপিয়ে বাজেট প্ৰতিশ্ৰুতিৰ কাৰ্যকৰী নকৰা বুলি তোলা অভিযোগৰ বাবে ককৰ্থনা কৰেে৷
“ৰিপুন বৰা শিপাৰ সৈতে জড়িত নহয় বাবে সত্যতা সম্পৰ্কে অৱগত নহয়। আমি সকলো বাজেট প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰি আছোঁ। প্ৰস্তাৱিত ২৭ টা কোষাগাৰৰ ২০টা আমি স্থাপন কৰিলোঁ। কংগ্ৰেছ আজমল, ধূতি আৰু লুঙীৰ লগতে ব্যস্ত হৈ আছে বৰা। বৰাই অৰুণোদয় আঁচনিকো সমালোচনা কৰিছে। আঁচনিখনে সামৰি লোৱা প্ৰায় ২০ লাখ মানুহৰ শাপ তেখেতে লোৱাটো উচিত নহয়। তেখেত কোনো দুৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে”- মন্ত্ৰীগৰাকীয়ে কয়।

চাহ বাগিচাত হ’ব ১০৪ খন নতুন উচ্চ মাধ্যমিক বিদ্যালয়।

কংগ্ৰেছক সমালোচনা কৰাৰ পাছত শৰ্মাই কাইলৈৰ পৰা চাহ বাগিচা সমূহত ১০৪খন নতুন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে।
ৰাজ্যলৈ অহা যাত্ৰীৰ বাবে কোভিড টেষ্ট নালাগে

শৰ্মাই ৰাজ্যত আহিবলগীয়া বা ৰাজ্যৰ পৰা যাবলগীয়া যাত্ৰীৰ বাবে নতুন নীতি নিৰ্দেশনা ঘোষণা কৰে। এতিয়াৰ পৰা যিকোনো বিমান যাত্ৰীয়ে অসমলৈ অহাৰ ৭২ ঘণ্টা আগত নিজৰ ঠাইতেই কোভিড-১৯ৰ বাবে (আৰ টি-পি চি আৰ) পৰীক্ষা কৰি আহিব পাৰিব। যাত্ৰীসকলক আহি পোৱাৰ পাছত পৰীক্ষা আৰু কোৱাৰেণ্টাইন কৰা নহয়। ট্ৰেইন যাত্ৰীৰ বাবেও একেই নিয়ম পালন কৰা হ’ব।
তেনেদৰে অসমৰ পৰা যোৱা কোনো যাত্ৰী যদি ৭২ ঘণ্টাৰ ভিতৰত ঘূৰি আহে তেওঁলোকে কোভিড-১৯ পৰীক্ষা কৰিব নালাগে। তেনেদৰে বিদেশী পৰ্যটক, চৰকাৰী কামৰ বাবে যাত্ৰা কৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ইউনিচেফৰ দৰে সংস্থাৰ সদস্যৰ বাবেও কোনোধৰণৰ পৰীক্ষা নাথাকিব।