মঙ্গলবাৰ, ২৭ জুলাই, ২০২১

NewsFile Institute
Home / Agriculture  / খেতিয়কৰ নিস্তাৰ নাই,চৰকাৰৰো কাণসাৰ নাই

খেতিয়কৰ নিস্তাৰ নাই,চৰকাৰৰো কাণসাৰ নাই

ভঁৰালত ধান থবলৈ ঠাই নাই ,তথাপিও আমাৰ কৃষক আজি 'দৰিদ্ৰ'৷এই প্ৰতিবেদন যুগুতাইছে অমৰজ্যোতি বৰাই

যোৰহাট,২নবেম্বৰ : সকলোফালে চূড়ান্ত মূল্যবৃদ্ধিৰ ধুমুহাই জনতাক কোঙা কৰা সময়ত,বজাৰত সকলো বস্তুৰে  দাম  অভাৱনীয় হাৰত বৃদ্ধি  হোৱাৰ ফলত সাধাৰণ মানুহ বজাৰলৈ যাব নোৱাৰা অৱস্থা হৈছে আৰু গ’লেও উদং মোনাৰে ঘৰলৈ উভতাৰ বাহিৰে বিকল্প নাই । আলু , পিয়াঁজে হাফ চেঞ্চুৰি কেতিয়াবাই স্পৰ্শ কৰিলে,আশী টকাৰ তলত বতৰৰ পাচলি পোৱা নাযায় । কিন্তু কৃষিজাত সামগ্ৰীৰ অভূতপূৰ্ব মূল্যবৃদ্ধিৰ মাজতো অসমৰ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা,লকডাউনত কুইন্টলে কুইন্টলে পাচলি পেলাই দি চকুলোটোকা অসমীয়া খেতিয়কে পুনৰ মূৰে কপালে হাত দি হুমুনিয়াহ কাঢ়িব লগা হৈছে , কিয়নো বজাৰত ধানৰ দাম নাই,দশকটোৰ ভিতৰত আটাইতকৈ নিম্ন এইবাৰ ধানৰ দৰ ।

কাতি পালেহি,আঘোণত নতুন ধান চপোৱা আৰম্ভ কৰিব , কিন্তু চপোৱা ধান থবলৈ এইবাৰ কৃষকৰ ভঁৰাল খালী হোৱা নাই । যোৰহাটৰ প্ৰসিদ্ধ খেতিয়ক বিমান বৰুৱাই কৃষকৰ দুৰ্যোগৰ বিষয়টো উল্লেখ কৰি কয়  ” এইবছৰ বজাৰত ধানৰ মূল্য নাই ,শালিধানৰ গ্ৰাহক বজাৰত একেবাৰে নাই,মিলসমূহতো শালিধান নলয়,মৌচুৰী,বাহাদুৰ আদিৰ মূল্য ১১০০ ৰ পৰা ১৩০০ টকাৰ ভিতৰত,যোৱা বছৰৰ তুলনাত প্ৰায় ৫০০ পৰা ৭০০ টকা পৰ্যন্ত কম । এবিঘা  মাটিত ধানৰ উৎপাদন ব্যয় প্ৰায় ১২০০ পৰা ১৫০০ টকা হয়গৈ তেনেস্থলত ১১০০ টকাত বিক্ৰী কৰিলে  উৎপাদন ব্যয়টোকে নোলায় ।”

অসমৰ বজাৰত তিতাবৰ বৰহোলাৰ চাউলৰ চাহিদা যথেষ্ট, কিন্তু এইবছৰ তিতাবৰত বন্ধ হৈছে বহুকেইটা ধানৰ মিল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সাধাৰন সম্পাদক তথা তিতাবৰৰ ধান মিলৰ স্বত্তাধিকাৰী দেৱজিৎ হাজৰিকাই কয় ”চাউলৰ চাহিদা বজাৰত এইবাৰ একেবাৰে নাই ।মানুহে বিনামূলীয়াকৈ চাউল পাইছে,ফলত ৩০/৪০টকা দি চাউল নিকিনে , ধনী মানুহখিনিয়ে  জহা ,মৌচুৰী জাতীয় চাউল বিচাৰে যদিও কেৱল তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায় কৰিব নোৱাৰি গতিকে মিল বন্ধ কৰাৰ বাহিৰে উপায় নাই!” তেওঁ লগতে উল্লেখ কৰে যে তিতাবৰত ৭/৮ টা ধানৰ মিল ইতিমধ্যে বন্ধ হৈছে আৰু বহুকেইটা বন্ধ হোৱাৰ উপক্ৰম হৈছে ।   
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাকজান আঞ্চলিকৰ  সাধাৰণ সম্পাদক তথা বিশিষ্ট খেতিয়ক   বিকুল বৰুৱাই  ক্ষোভ প্ৰকাশ কৰি কয়  ” অসম চৰকাৰে অন্ত্যোদয়া,খাদ্যসুৰক্ষা আঁচনিৰ জৰিয়তে যিবোৰ চাউল ৰাইজক বিতৰণ কৰে সেইবোৰ অসমৰ বাহিৰৰ পৰা আহে আৰু  খোৱাৰ অনুপযোগী  বুলি জানিও চৰকাৰে সেইবোৰ চাউলকে দুখীয়া শ্ৰেণীৰ মাজত বিতৰণ কৰি আহিছে,তাৰ ঠাইত যদি আমাৰ পৰা চাউল ল’লেহেঁতেন , তেনেহলে অসমত ধান খেতি কৰা কৃষকৰ আজিৰ লাওলোৱা অৱস্থা নহ’লহেঁতেন আৰু আমাৰ দৰিদ্ৰ জনতায়ো  ভাল চাউল খাবলৈ পালেহেঁতেন”।

 ‘পথাৰ আমাৰ  বজাৰ আমাৰ’ – শ্লোগানৰ  জৰিয়তে কোটিটকীয়া বিজ্ঞাপনত কৃষকৰ ত্ৰাণকৰ্তাৰ ভমিকা লোৱা কৃষিৰ কোটি টকীয়া ব্ৰেণ্ড এম্বেছাদৰ বিচাৰি ফুৰা আৰু মাজে সময়ে পথাৰত কঠীয়া ৰুই ট্ৰেক্টৰ চলাই কৃষকৰ ভাও লৈ চমক সৃষ্টি কৰা কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই বা এতিয়া  কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষনীয়।