শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Bihar  / এক্সিট প’লৰ অভয় বাণী !

এক্সিট প’লৰ অভয় বাণী !

তেজস্বীয়ে নীতিশক বিদায় দিব -এক্সিট প’ল

নতুন দিল্লী, ৭ নৱেম্বৰঃ শনিবাৰে কিছু এক্সিট প’লে পূৰ্বানুমান কৰা মতে নীতিশ কুমাৰৰ নেতৃত্বত থকা এনডিএ চৰকাৰক  ক্ষমতাচ্যুত কৰি ৰাষ্ট্ৰীয় জনতা দল, কংগ্ৰেছ আৰু বাওঁ দলৰ দ্বাৰা সংগঠিত মহামিত্ৰজোঁটে (গ্ৰেণ্ড এলাইন্স) ২৪৩ জনীয়া বিহাৰ বিধানসভাত দুই-তৃতীয়াংশতকৈ অধিক আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰি এক প্ৰবল বিজয়ৰ লাভ কৰিব।
চিএন‌এন নিউজ ১৮, আজিৰ চাণক্য আৰু ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়া এক্সিট প’লৰ পূৰ্বানুমান অনুসৰি, মহামিত্ৰজোঁটে স্পষ্ট সংখ্যাগৰিষ্ঠতাৰে এনডিএ চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ সাজু হৈছে।
চিএন‌এন নিউজ ১৮, আজিৰ চাণক্য‌ই ভৱিষ্যতবাণী কৰে যে মহামিত্ৰজোঁটে ২৪৩ খন আসনৰ ভিতৰত ১৮০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আনহাতে এনডিএ-য়ে ৫৫ খন আসন লাভ কৰিব পাৰে। 
বিহাৰ নিৰ্বাচনত আন সকলে ৪ৰ পৰা ১২ খন আসন পাব পাৰে বুলি পূৰ্বানুমান কৰে।
বিহাৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে  ১২২ খণ আসনৰ প্ৰয়োজন ৷
ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়া এক্সিট প’ল অনুসৰি, তেজস্বী যাদৱে নীতিশ কুমাৰক ক্ষমতাৰ পৰা আঁতৰাবলৈ সাজু হৈছে কিয়নো মহামিত্ৰজোঁটে ১৩৯-১৬১ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
ইয়াত কোৱা হৈছে যে নীতিশ কুমাৰৰ নেতৃত্বত থকা এনডিএ ৬৯-৯১ খন আসনত সীমাবদ্ধ থাকিব, আনহাতে এলজেপিয়ে ৩ৰ পৰা ৫ খন আসন লাভ কৰিব বুলি পূৰ্বানুমান কৰা হৈছে, আৰু আনসকলে ৰাজ্যৰ ৬ৰ পৰা ৮ খন আসন লাভ কৰিব পাৰে। কিন্তু টিভি নাইন আৰু ভাৰতবৰ্ষৰ এগজিট প’ল অনুসৰি, মহামিত্ৰজোঁটে ১১৫ৰ পৰা ১২৫ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে, আনহাতে এনডিএ-য়ে ১১০ৰ পৰা ১২০ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে আৰু এলজেপিয়ে ৩ৰ পৰা ৫ খন আসন লাভ কৰিব পাৰে। ই লগতে কয় যে আনসকলে ৰাজ্যত ১০-১৫ খন আসন লাভ কৰিব পাৰে।
ৰিপাব্লিক-জন কী বাত এক্সিট প’লে ভৱিষ্যতবাণী কৰে যে মহামিত্ৰজোঁটে ১১৮ৰ পৰা ১৩৮ খন আসন লাভ কৰিব পাৰে আনহাতে এনডিএ-য়ে ৯১-১১৭ খন আসন আৰু অন্যান্যসকলে ৩ৰ পৰা ৬ খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। 

শনিবাৰে বিয়লি ৬ বজাত তৃতীয় আৰু অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হয়। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৮ অক্টোবৰত আৰু দ্বিতীয় পৰ্যায়ৰ ৩ নৱেম্বৰত হৈছিল। ২৪৩ জনীয়া বিধানসভাৰ ভোট গণনা ১০ নৱেম্বৰত হ’ব।

নিৰ্বাচনৰ ফলাফলৰ আগতে নাড্ডাই বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগত মিলিত হয় ৷
মঙ্গলবাৰে বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ ঠিক আগতে, দেওবাৰে দলৰ প্ৰধান জে পি নাড্ডাই বিজেপি দলৰ এক সভাত সভাপতিত্ব কৰিছিল য’ত সকলো সাধাৰণ সম্পাদক আৰু মৰ্চাৰ সভাপতিয়ে অংশগ্ৰহণ কৰিছিল।
নতুন দিল্লীৰ দলৰ মুখ্য কাৰ্য্যালয়ত এই সভাখন হৈছিল।
সভাৰ এজেণ্ডা সম্পৰ্কে জানিব পৰা হোৱা নাই। অৱশ্যে বিজয় ভাৰ্গীয়াই কয় যে সভাত কিছুমান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়।
বিগত ছেপ্টেম্বৰ মাহত নাড্ডাই তেওঁৰ  দলৰ নতুন সমিতি ঘোষণা কৰে য’ত ৰাম মাধৱ আৰু মুৰুলীধৰ ৰাওৰ দৰে পুৰণি নেতাসকলক  বাদ দিয়া হৈছিল, আৰু ৰবি আৰু তেজস্বী সূৰ্যৰ দৰে নতুন মুখ বাছনি কৰা হৈছিল।
(IANS)