শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / ফেচবুকে আঁঁতৰালে হিমন্তৰ প’ষ্ট

ফেচবুকে আঁঁতৰালে হিমন্তৰ প’ষ্ট

ফেচবুকৰ কৰ্তৃপক্ষৰ দ্বাৰা হিমন্ত বিশ্বৰ ফেচবুক পষ্টৰ ক্ষেত্ৰত সতৰ্কীকৰণ

শতানন্দ ভট্টাচাৰ্যৰ দ্বাৰা  প্ৰতিবেদন

হাইলাকান্দি, ৭ নৱেম্বৰ— ফেচবুক বৰ্তমান যুগৰ সৰ্বাধিক প্ৰচলিত তথা জনপ্ৰিয় সামাজিক মাধ্যম হৈ পৰিছে।এই সামাজিক মাধ্যমৰ যোগেদি সমাজৰ ভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন তথ্য সম্বলিত প’ষ্ট আপডেট দিয়া দেখা যায়।ফেচবুকত সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাতৰি বা আপডেটৰ  বাহিৰেও সদ্যহতে যথেষ্ট সংখ্যক মিছাকথা সম্বলিত পোষ্টো আপলোড কৰাৰ অভিযোগ নথকা নহয়। এনে এক ঘটনা সংঘটিত হৈছে অসমৰ এজন প্ৰভাৱশালী কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত । ফেচবুক কৰ্তৃপক্ষই বিভিন্ন পক্ষৰ পৰা পোৱা অভিযোগৰ পাছত হিমন্ত বিশ্ব শর্মাই  আপলোড কৰা এটা প’ষ্ট মিছা বুলি ঘোষণা কৰে। উল্লেখযোগ্য যে এই প’ষ্টটোৰ  যোগেদি হিমন্ত বিশ্ব শৰ্মাই এআইইউডিঅফ দলৰ সমৰ্থক সকলে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া বুলি এক অভিযোগ উত্থাপন কৰিছিল। এআইইউডিঅফৰ সমৰ্থক সকলে দলটোৰ প্ৰধান মৌলনা বদৰুদ্দিন আজমলক বৰাক উপত্যকাৰ শিলচৰ জিলাৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত আদৰণি জনোৱা সময়ত পাকিস্তান জিন্দাবাদ ধ্বনি  দিয়া বুলি উত্থাপিত অভিযোগ পিছত মিছা বুলি প্ৰমাণিত হোৱাত হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ প’ষ্টৰ বিষয়ে ফেছবুকে এনে পদক্ষেপ গ্ৰহণ কৰে। উল্লেখ কৰিব পাৰি যে হিমন্ত বিশ্ব শৰ্মাই এই প’ষ্টটোৰ যোগেদি কংগ্ৰেছ দলে সাম্প্ৰদায়িক এআইইউডিঅফ দলৰ লগত মিত্ৰতা ঘোষণা কৰা কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছিল। কিন্ত বিভিন্ন পক্ষৰ পৰা পোৱা অভিযোগৰ ভিত্তিত  পুলিচ প্ৰশাসনে  ভিডিঅ’টোত পাকিস্তান জিন্দাবাদ দিয়া শব্দটো নোপোৱা বুলি উল্লেখ কৰে।পাকিস্তান শব্দটোৰ পৰিবৰ্তে আজিজ খান জিন্দাবাদ বুলিহে ধ্বনি দিয়া পৰিলক্ষিত হৈছিল।

হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ ভিডিঅ’টোত  ফেচবুক কৰ্তৃপক্ষই উল্লেখ কৰে যে ফেচবুকৰ যোগেদি ভুৱা বাতৰি প্রচাৰ কৰাৰ বিৰুদ্ধে তেওঁলোক সদাসচেতন । প্ৰযুক্তিৰ সহায়ত ভুৱা একাউণ্ট  তথা মিছা বুলি  চিনাক্ত হোৱা প’ষ্টসমূহ ৰাইজক চিনাক্ত কৰি দিয়াা হয়। বিভিন্ন দেশত ফেচবুক কৰ্তৃপক্ষই স্বতন্ত্ৰ বা তথ্যৰ সত্যাসত্যতা বিচাৰ কৰা ব্যক্তি বা গোটৰ লগত যুটীয়াভাৱে কাম কৰি মিছা বুলি স্বীকৃত বা সন্দেহ কৰা প’ষ্টসমূহৰ বিষয়ে পদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে ফেচবুক কৰ্তৃপক্ষই অসমৰ কোনো ৰাজনৈতিক নেতাৰ প’ষ্ট ভুৱা বুলি এনেদৰে মন্তব্য কৰিছে। এই বিশেষ ভিডিঅ’টোৰ সন্দৰ্ভত  এ আই ইউ ডিঅফৰ  এজন নেতা বাহাৰুল ইছলাম বৰভুঞাই কয় যে দলটোৰ সমৰ্থক সকলে তেওঁলোকৰ বিধায়ক আজিজ আহমদ খানৰ সমৰ্থনতহে  জিন্দাবাদ ধ্বনি দিছিল আৰু আজিজ আহমদ খান জিন্দাবাদ বুলি কৰা ধ্বনিটোকে হিমন্ত বিশ্ব শৰ্মাই পাকিস্তান জিন্দাবাদ বুলি ভুৱা প্রচাৰ চলায়। উল্লেখ কৰিব পাৰি যে সেই বিশেষ সভা খনত আজি আহমদ খান , বদৰুদ্দিন আজমলো  উপস্থিত আছিল আৰু তেওঁলোকে আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলটোৰ কৰ্মকৰ্তা সকলক উৎসাহ দিবলৈ এই সভাখনৰ আয়োজন কৰিছিল। আনহাতে ফেচবুকে এই বিশেষ পোষ্টটোক ভুৱা বাতৰি বুলি ঘোষণা কৰিছে যদিও আন এক জনপ্ৰিয় সামাজিক মাধ্যম টুইটাৰে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। মন্ত্ৰীজনৰ সেই বিশেষ ভিডিঅ’টো ইতিমধ্যে যথেষ্ট সংখ্যক লোকৰ মাজত বিয়পি পৰা পৰিলক্ষিত হৈছে। কিন্তু টুইটাৰটো মন্ত্ৰীজনৰ এই ভিডিঅ’ যে মিছা বিভিন্নজনে প্ৰতিক্ৰিয়া কৰি প’ষ্ট দিছে। এ আই ইউডিএফ ৰ কেন্দ্ৰীয় সাংগঠনিক সাধাৰণ সচিব আমিনুল ইছলামে কয় যে তেওঁলোকে ফেচবুক কৰ্তৃপক্ষৰ দৰে টুইটাৰ কৰ্তৃপক্ষৰ পৰাও এই বিশেষ ভিডিঅ’টোৰ সন্দৰ্ভত একে পদক্ষেপ আশা কৰে। তেওঁ লগতে সংবাদমাধ্যমক ভিডিঅ’টোৰ প্ৰকৃত সত্য সত্যতা ৰাইজৰ আগত জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ প’ষ্টটোৰ  পিছত আজমলৰ বিপক্ষে অন্তত তিনিখন এফ আই আৰ দাখিল কৰা হৈছিল। শিলচৰৰ বিজেপি দলৰ সাংসদ ৰাজদ্বীপ ৰয়ৰ হৈ পুলক দাস, গাইৰিক ভাৰত আৰু বিশ্ব হিন্দু পৰিষদে বৰাক উপত্যকাৰ বিভিন্ন পুলিচ থানাত আজমলৰ বিপক্ষে এফ আই আৰ দাখিল কৰিছিল। আনহাতে, আজমলে এই গোটেই ঘটনাটোৰ সম্পৰ্কত উচ্চ পয্যায়ৰ  তদন্ত দাবী কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  তেওঁৰ বিপক্ষে ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি দাবী কৰে।লগতে উল্লেখ কৰে যে সেই বিশেষ সভাখনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত আছিল আৰু যদি পাকিস্তানৰ সপক্ষে ধ্বনি দিছিল, তেওঁলোকে কিয় পদক্ষেপ গ্ৰহণ কৰা নাছিল ? আনহাতে, শিলচৰৰ বিধায়ক দিলীপ পালে মন্তব্য কৰে যে  মোগলৰ বংশধৰ সকলে পাকিস্তান জিন্দাবাদ ধ্বনি দিছে । বিজেপিৰ যুৱমৰ্চাই এই সন্দৰ্ভত আজমলৰ প্ৰতিমূৰ্তি দাহ কৰে আৰু সমদলো ওলিয়ায়। আনহাতে, কংগ্ৰেছৰ পূৰ্ব সাংসদ আৰু সদৌ ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ফেচবুক কৰ্তৃপক্ষৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ ভিডিঅ’টোক মিছা বুলি ঘোষণা কৰা কাৰ্যক জনাই কয় যে  এজন বিজেপিৰ নেত্ৰী স্থানীয় ব্যক্তিৰ এনে ব্যৱহাৰ যথেষ্ট লজ্জাজনক । বিভিন্ন ক্ষেত্ৰত নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে এনে ধৰণৰ সস্তীয়া প্রচাৰৰ আশ্ৰয় লোৱা বুলি তেওঁ অভিযোগ ক55565ৰে। আনহাতে ,কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈয়ে গোটেই ঘটনাটোৰ আৰক্ষীৰ দ্বাৰা নিৰপেক্ষভাৱে উচ্চ পয্যায়ৰ তদন্ত দাবী কৰে। কংগ্ৰেছ দলৰ আন এজন জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াইয়ো মন্ত্ৰী শৰ্মাৰ এই কায্যৰ তদন্ত দাবী কৰে। আনহাতে এ আইইউডিঅফ দলৰ নেতা আমিনুল ইছলামে মন্ত্ৰী শৰ্মাৰ এই গোটেই  কাৰ্যৰ তদন্ত দাবী কৰে। এ আই ইউ অফ দলৰ নেতা আমিনুল ইছলামে নিউজ ফাইল অন লাইনক কয় যে তেওঁলোকৰ দলে ইতিমধ্যে আইন বিশেষজ্ঞৰ লগত যোগাযোগ তথা আলোচনা কৰিছে আৰু মন্ত্ৰী শৰ্মাক  ৰাজহুৱাভাবে ক্ষমা খোজাৰ বাবে দাবী জনাইছে। দলটোৱে আগন্তুক দিনত  এই সন্দৰ্ভত আইনৰ সহায় ল’ব বুলি ঘোষণা কৰিছে ৷ উল্লেখ কৰিব পাৰি যে বদৰুদ্দিন আজমল তথা তেওঁৰ নেতৃত্বাধীন এ আই ইউ ডি অফ দলৰ বিৰুদ্ধে মন্ত্ৰী বিশ্ব শৰ্মাৰ এই মিছা ভিডিঅ’ টোৱে ৰাজনৈতিক তথা সামাজিক মাধ্যমত  যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পৰিলক্ষিত হৈছে।