শনিবাৰ, ৩১ জুলাই, ২০২১

NewsFile Institute
Home / বিনিয়োগ  / বিনিয়োগৰ আদিপাঠ  / #প্ৰথম খণ্ড#

#প্ৰথম খণ্ড#

সমুদ্ৰজিত গোঁহাই

৭নবেম্বৰ : বিনিয়োগ শব্দটোৰ লগত সৰহ সংখ্যক ভাৰতীয়ই প্ৰকৃত অৰ্থত পৰিচিত নহয় ৷ যিসকল পৰিচিত,তেওঁলোকেও বিনিয়োগৰ এক প্ৰণালীবদ্ধ পদ্ধতিৰ বিষয়ে পৰ্যাপ্ত পৰিমাণে অৱগত নহয় ৷ এই প্ৰসংগত কিছুদিন আগতে পিজিআইএম ইণ্ডিয়া মিউছুৱেল ফাণ্ড(PGIM Mutual Fund)ৰ দ্বাৰা কৰা এটা সমীক্ষাৰ কথা উল্লেখ কৰিব পাৰি ৷ এই সমীক্ষা অনুসৰি ৫১% ভাৰতীয়ৰ অৱসৰ গ্ৰহণৰ পাছত এক নিয়মীয়া জীৱন ধাৰণৰ বাবে কোনো পৰিকল্পিত আচঁনি নাই ৷ এই সমীক্ষাৰ আন এক উদ্দেগজনক তথ্য হ’ল যে ৫৯% ভাৰতীয়ই তেওঁলোকৰ বৰ্তমানৰ উপাৰ্জন দৈনন্দিন জীৱন যাত্ৰাত প্ৰয়োজনীয় কাৰ্যত ব্যয় কৰে তথা এই লোকসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে কোনো পৰিকল্পিত বিনিয়োগ বা সাঁচতীয়া আঁচনি নাই ৷ অৰ্থাৎ গৰিষ্ঠ সংখ্যক ভাৰতীয়ই নিজৰ বা পৰিয়ালৰ ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি ল’বলগীয়া কামখিনিও প্ৰণালীবদ্ধভাৱে নকৰে৷আনহাতে মাত্ৰ ২০% ভাৰতীয়ৰহে মুদ্ৰাস্ফীতিৰ বিষয়ে এক সম্যক ধাৰণা আছে তথা মুদ্ৰাস্ফীতিৰ বাবে তেওঁলোকৰ অৱসৰৰ পাছত বৰ্তমানৰ জীৱন যাত্ৰাৰ মানদণ্ড  অটুট ৰাখি মাহেকত বা বছৰেকত কিমান অৰ্থৰ প্ৰয়োজন হ’ব,সেই বিষয়ে এক সম্যক ধাৰণা আছে ৷ ভাৰতৰ ১৫ মহানগৰীৰ বিভিন্ন কৰ্মক্ষেত্ৰত নিয়োজিত বিভিন্ন বয়সৰ ব্যক্তিক লৈ উপৰোক্ত সমীক্ষা চলোৱা হৈছিল ৷ এই সমীক্ষাই আকৌ এবাৰ ভাৰতীয়সকলৰ মাজত যে বিত্তীয় পৰিকল্পনাৰ যোগেদি এক স্বাচ্ছন্দ্য জীৱনৰ মাদকতা উপভোগ কৰিবলৈ কৰণীয় বহুতখিনি আছে,তাকে প্ৰতীয়মান কৰে ৷ আমি এটা কথা মনত ৰখা উচিত যে আমি কিমান উপাৰ্জনকৰো,সেই সংখ্যাটোৱে আমাৰ প্ৰকৃত সম্পদ(wealth বা asset) নিৰ্ণয় নকৰে ৷ আমি কিমান সঞ্চয় কৰো,সেইটোৱেহে এটা সময়ত সম্পদৰ মাপকাঠি হৈ পৰেগৈ ৷ উদাহৰণস্বৰূপে এজন লোকৰ মাহেকীয়া উপাৰ্জন হয়তো ২ লাখ টকা হ’ব পাৰে ৷ তেওঁৰ মাহেকীয়া ব্যয় যদি ১.৭ লাখ টকা হয়,তেন্তে সেই ব্যক্তিজনৰ তুলনাত মাহেকত ১লাখ টকা উপাৰ্জন কৰি ৫০,০০০ টকা ব্যয় কৰা ব্যক্তিজনৰ সম্পদ বা wealth মাত্ৰ ৫ বছৰতে যথেষ্ঠ বৃদ্ধি হ’ব ৷ বিনিয়োগ বা investment হৈছে এজন ব্যক্তি বা এটা পৰিয়ালৰ অৰ্থনৈতিক পৰিকল্পনাৰ এটা অংশ ৷ বিনিয়োগ এই বাবেই কৰা হয় যে অনাগত দিনত মুদ্ৰাস্ফীতিৰ তুলনাত আমি কৰা সঞ্চয়ৰ মুল্য বৃদ্ধি হয় বা অন্ততঃ অটুট থাকে৷ধৰক ভাৰতত যোৱা ৫বছৰত বাৰ্ষিক মুদ্ৰাস্ফীতিৰ হাৰ ৮% ৷ এতিয়া আমাৰ কোনো সঞ্চয়ৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ অতিকমেও ৮% হ’লেহে আমি ক’ব পাৰো যে মুদ্ৰাস্ফীতিৰ তুলনাত আমাৰ সঞ্চিত পুঁজিৰ পৰা এটা আশানুৰূপ প্ৰতিদান বা return আহিছে ৷ সেইবাবেই আমাৰ বাবে অৰ্থনীতিৰ আন জটিল কথাবোৰ নুবুজিলেও মুদ্ৰাস্ফীতিৰ বিষয়ে সম্যক ধাৰণা এটা থকা খুবেই প্ৰয়োজন ৷
মুদ্ৰাস্ফীতিৰ বাবে টকাৰ মুল্য কেনেকৈ হ্ৰাস পায়,তাৰবাবে এটা সাধাৰণ তথা সকলোৱে বুজিব পৰা সূত্ৰ আছে ৷ ইয়াক কোৱা হয় ৭২ৰ সূত্ৰ বুলি ৷ এই ৭২ সূত্ৰ মতে ধৰক আপোনাৰ দেশৰ যোৱা ৫ বছৰৰ গড় মুদ্ৰাস্ফীতিৰ শতাংশ ৮%৷তেনেহলে (৭২/৮)=৯বছৰত আপোনাৰ দেশত দৈনন্দিন জীবন যাত্ৰাত প্ৰয়োজন হোৱা সামগ্ৰী সমূহৰ মুল্য দুগুণ বৃদ্ধি হ’ব ৷ আনহাতে যদি মুদ্ৰাস্ফীতি ১০%,তেনেহ’লে মাত্ৰ (৭২/১০)=৭.২ বছৰতে সামগ্ৰী সমুূহৰ মুল্য দুগুণ বৃদ্ধি হ’ব ৷ এইবাৰ ধৰা হওক যে মুদ্ৰাস্ফীতিৰ  মাত্ৰ ৬%৷তেনেহলে (৭২/৬)=১২ বছৰত সামগ্ৰীৰ মুল্য দুগুণ বৃদ্ধি হ’ব ৷ গতিকে ওপৰোক্ত উদাহৰণসমূহৰ পৰা আমাৰ এটা সম্যক ধাৰণা হৈছে যে মুদ্ৰাস্ফীতিৰ বাবে আমাৰ বিত্তীয় পৰিকল্পনাত কিমান সুদূৰপ্ৰসাৰী প্ৰভাব পৰিব পাৰে ৷ ফলস্বৰূপে আমি সেই অনুপাতে বিনিয়োগ বা সঞ্চয় কৰিলেহে অনাগত জীবনত আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ বা জীবন যাত্ৰাৰ মানদণ্ডৰ লগত সামঞ্জস্য ৰাখি জীবনৰ বাকী সময় কটাবলৈ সমৰ্থ হ’ম৷বহুতৰ মনত প্ৰশ্নৰ উদয় হ’ব পাৰে যে আমি বেঙ্কত জমা কৰা পুঁজি বিনিয়োগৰ উদাহৰণ নহয় জানো ? ইয়াৰ উত্তৰ হ’ব বেঙ্কত জমা কৰা বা সঞ্চয় কৰা পুঁজি বিনিয়োগৰ প্ৰাথমিক উদাহৰণ ৷ আনহাতে বিনিয়োগৰ ক্ষেত্ৰখন  প্ৰকৃতাৰ্থত যথেষ্ট বহল ৷ বিনিয়োগৰ লগত আন কিছুমান আনুষাংগিক বিষয় যেনে কৰ কাটল, বয়সৰ তাৰতম্য,পৰিয়ালৰ সদস্যৰ আৰ্থিক অৱস্থা,ব্যক্তিগত স্বাস্থ্যৰ বৰ্তমানৰ অৱস্থা ইত্যাদি অনেক বিষয় জড়িত থাকে ৷এই বিষয়বোৰৰ সঠিক পয্যালোচনাৰ পাছতহে সিদ্ধান্ত ল’ব পাৰি যে ব্যক্তি ‘ক’ৰ বাবে প্ৰযোজ্য  বিনিয়োগ আন এজন ব্যক্তি ‘খ’ৰ বাবে প্ৰযোজ্য হ’ব নে নাই৷অনাগত লিখনিসমৃূহৰ যোগেদি আমি এই বিষয়ে শৃংখলাবদ্ধভাবে আলোকপাত কৰাৰ প্ৰয়াস কৰিম ৷