শুক্ৰবাৰ, ৩০ জুলাই, ২০২১

NewsFile Institute
Home / Region  / Assam  / চৰাইদেউ নামতহে জিলা হ’ল !

চৰাইদেউ নামতহে জিলা হ’ল !

অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম মহকুমা চৰাইদেউক জিলালৈ উন্নীত কৰা হ'ল যদিও আজিলৈকে জিলাৰ আন্তঃগাঁথনি উন্নয়নত বিফল হৈছে চৰকাৰ ৷ এই প্ৰতিবেদন আগবঢ়াইছে অভিজিত ভূঞাই

চৰাইদেউ,৮নবেম্বৰ : নৱগঠিত চৰাইদেউ জিলাৰ আন্তঃগাঁথনি উন্নয়ন তথা বিভিন্ন সমস্যা সমাধানৰ দাবীত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে বাৰম্বাৰ আবেদন -নিবেদন কৰাৰ পাছতো চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াত এতিয়া ক্ষোভিত হৈ পৰিছে জনসাধাৰণ।
 মন কৰিবলগীয়া যে অবিভক্ত শিৱসাগৰ জিলাৰ অন্যতম মহকুমা চৰাইদেউক ২০১৫ বৰ্ষতে জিলা ঘোষণা কৰা হ’ল যদিও আজিলৈকে পূৰ্ণতা নাপালে নৱগঠিত জিলাখনে। সেই সময়ৰ সোণাৰি সমষ্টিৰ কংগ্ৰেছী  বিধায়ক শৰৎ বৰকটকীৰ তৎপৰতাত অপৰিকল্পিত তথা  আন্তঃগাঁথনি উন্নয়ন নকৰাকৈ  চৰাইদেউ জিলা ঘোষণা কৰা হ’ল যদিও আজিলৈকে এখন পূৰ্ণাংগ জিলাৰ বাবে আৱশ্যকীয় আন্তঃগাঁথনিৰ উন্নয়ন কৰা পৰিলক্ষিত নহ’ল। জিলা উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয় জিলা ঘোষণা কৰা সময়তে স্থাপন কৰাৰ পিছত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়টোকে জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ উন্নীতকৰণ কৰাৰ লগতে পৰিবহন বিষয়াৰ কাৰ্যালয়টো অস্থায়ীভাৱে মুকলি কৰা আৰু শেহতীয়াকৈ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক এগৰাকীক নিযুক্তি দিয়াৰ  বিপৰীতে আন কোনো ধৰণৰ জিলা পৰ্যায়ৰ কাৰ্যালয় স্থাপন কৰিবলৈ সক্ষম নহ’ল সেই সময়ৰ কংগ্ৰেছ তথা ২০১৬ চনত শাসনলৈ অহা পৰিৱৰ্তনকামী বিজেপি চৰকাৰখন। আনকি ’সবকা সাথ সবকা বিকাশ’ ধ্বনি দিয়া চৰকাৰখনৰ শাসনৰ সময়ছোৱাত জিলা সদৰ সোণাৰিৰ পৰা ভজো হৈ ৰাজগড়লৈ যোৱা অতি ব্যস্ত তথা গুৰুত্বপূৰ্ণ পথচোৱাৰ উন্নয়ন সাধন কৰিব নোৱাৰা কাৰ্যই আচলতে চৰকাৰখনৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দেখুৱাইছে। ইফালে ২০১৫ বৰ্ষতে ৰাজনৈতিক লাভালাভৰ বাবেই চৰাইদেউক জিলা ঘোষণা কৰা হ’ল যদিও আজিলৈকে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ সীমা নিৰ্ধাৰণ কৰিবলৈ সক্ষম নহ’ল অসম চৰকাৰ যাৰ ফলত এতিয়া একাংশ লোক বিপাঙত পৰিব লগীয়া হৈছে জিলাখনৰ জনসাধাৰণ। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া হাৰাশাস্তি ভুগিছে জিলাবাসীয়ে। আনহাতে জিলাখনৰ আন বহু সমস্যাৰ লগতে মূল পথ ধোদৰ আলি, নাহৰ আলিৰ লগতে সোণাৰিৰ পৰা মৰাণ, সোণাৰি -ৰাজগড় পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে চৰাইদেউবাসীক। ইফালে অসম-নগালেণ্ড সংযোগী ৭০২ নং ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ নামতোলা পথৰ দুৰৱস্থাই দীৰ্ঘদিন ধৰি জনসাধাৰণক জ্বলা-কলা খুৱাইছে৷  ইপিনে দলিলৰ নাটনিৰ বাবেও ব্যাপক সমস্যাৰ সন্মুখীন হৈছে জনসাধাৰণ। জিলা সদৰ সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অভাৱ, সোণাৰি নগৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ, মাহমৰা বৰবিল চিকিৎসা কেন্দ্ৰত আজিকোপতি চিকিৎসক নিযুক্তি নিদিয়াত ৰোগীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে । জিলা ঘোষণা কৰা হ’ল যদিও চিকিৎসা ব্যৱস্থাৰ বাবে সৰ্বসাধাৰণ লোক এতিয়া ডিব্ৰুগড়লৈ যোৱাৰ বাহিৰে গত্যন্তৰ নাই । আনহাতে সোণাৰি নগৰৰ আৱৰ্জনা নিষ্কাষণ কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা নথকাত স্বচ্ছ ভাৰত অভিযানৰ নামত ব্যাপক অনিয়ম চলাৰ পৰিপ্ৰেক্ষিতত নগৰখন জাবৰৰ নগৰীলৈ পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে সমস্যাসমূহ সমাধানৰ দাবী জনাইছে চৰাইদেউ জিলা ছাত্ৰ সন্থাই । আনহাতে অসম-অৰুণাচল, অসম-নগালেণ্ড সীমা সমস্যা, আন্তঃৰাজ্যিক সীমান্তৰ উন্নয়ন, চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সীমা নিৰ্ধাৰণ তথা জিলাখনৰ মাজেৰে বৈ যোৱা দিচাং নদীৰ গৰাখহনীয়া আৰু দিচাং নদীৰ ওপৰত থকা আওপুৰণি দলঙৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে নৱগঠিত জিলাখন । ইয়াৰ পৰিপ্ৰেক্ষিতত নৱগঠিত চৰাইদেউ জিলাৰ আন্তঃগাথঁনিৰ উন্নয়ন তথা অন্যান্য সমস্যা সমাধানৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মাণিক গগৈয়ে। ৰজাঘৰে যদি অতি শীঘ্ৰে পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহলে তীব্ৰ প্ৰতিবাদৰ সন্মূখীন হ’ব লাগিব বুলি হুংকাৰ দিছে ছাত্ৰ নেতাজনে। ইফালে নৱগঠিত জিলাখনৰ আন্তঃগাথঁনি উন্নয়নত চৰকাৰৰ সদিচ্ছাৰ অভাৱ নে ইয়াৰ আঁৰত ৰাজনৈতিক চক্ৰান্ত আছে সেই কথা স্পষ্ট কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে । এই প্ৰতিবেদকৰ লগত হোৱা এক সাক্ষাৎকাৰত যুৱ-ছাত্ৰ নেতাজনে কয় “শীঘ্ৰে নৱগঠিত চৰাইদেউ জিলাৰ উন্নয়নত গুৰুত্ব দিয়ক ৰজাঘৰীয়াই৷অন্যথা যুৱ ছাত্ৰ পৰিষদে এই জিলা ঘোষণা কাৰ্যক ভেকোভাওনা বশলি ভাবিবলৈ বাধ্য হ’ব ৷” আহ্বান জনায়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া মণি গগৈয়ে কয় ” সৰ্বসাধাৰণ ৰাইজৰ সহায়ক হোৱাকৈ জিলাখনৰ আন্তঃগাথঁনি উন্নয়নত চৰকাৰে গুৰুত্ব দিয়া উচিত ৷”