বুধবাৰ, ৪ আগস্ট, ২০২১

NewsFile Institute
Home / Big Picture Stories  / বিডেনে আনিছে আশাৰ বতৰা !

বিডেনে আনিছে আশাৰ বতৰা !

ছেনচেক্স তথা নিফটীৰ সূচাংকই বিডেনৰ বিজয়ৰ পাছতে সৰ্বকালৰ উচ্চস্তৰত স্পৰ্শ কৰিলে

মুম্বাই,৯ নৱেম্বৰ:আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সম্ভাব্য বিজয়ী কোন হ’ব,সেই জল্পনা-কল্পনাৰ ওৰ পৰাৰ লগতে ক্ৰমাগত ভাৱে বিশ্বৰ বিভিন্ন দেশৰ অৰ্থনৈতিক বিকাশৰ গতি পুনৰুদ্ধাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ শ্বেয়াৰ বজাৰেও সৰ্বকালৰ উচ্চস্তৰত স্পৰ্শ কৰা পৰিলক্ষিত হ’ল ৷ উল্লেখযোগ্য যে বিগত ৫ দিনত একেৰাহে ভাৰতীয়  শ্বেয়াৰ বজাৰে বিনিয়োগকাৰীৰ লাভাংশ বৃদ্ধি কৰিছে ৷ আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জৌ বিডেনৰ কাৰ্যকালত দেশখনৰ অৰ্থনৈতিক বিকাশৰ গতি অধিক দ্ৰুত কৰিবলৈ এক বৃহৎ অৰ্থনৈতিক সংস্কাৰৰ ঘোষণা তথা দেশখনৰ ব্যৱসায়,বাণিজ্যত পূৰ্বতকৈ শিথিল নিয়ম কানুন প্ৰযোজ্য হ’ব বুলি আন্তৰাষ্ট্ৰীয় বিনিয়োগকাৰীসকলে আশা কৰিছে ৷ ফলস্বৰূপে আন দেশৰ লগতে ভাৰতৰ শ্বেয়াৰ বজাৰতো সূচাংক বৃদ্ধি হৈছে ৷ মিলউড কানে ইণ্টাৰনেশ্যনেলৰ মুখ্য কাৰ্যবাহী বিষয়া নীশ ভাটৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ সম্পৰ্কে থকা অনিশ্চয়তা দূৰ হোৱাত এতিয়া সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত সূচাংক বৃদ্ধি হৈছে ৷তেওঁৰ মতে নতুন ৰাষ্ট্ৰপতিৰ আমোলত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পৰ্ক যথেষ্ট উন্নতি হোৱাৰ থল আছে  তথা সেইবাবেই ভাৰতীয় শ্বেয়াৰ বজাৰত সূচাংক বৃদ্ধি হৈছে ৷ নতুন ৰাষ্ট্ৰপতিয়ে ইতিমধ্যে পূৰ্বৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আমোলৰ বেছ কিছু কঠোৰ সিদ্ধান্ত শিথিল কৰিব বুলি আশা কৰা হৈছে ৷ গ্ৰীণ কাৰ্ড,ভিছা তথা H -1B ৰ ক্ষেত্ৰত বিডেনৰ নীতিয়ে ভাৰতীয় ছফটৱেৰ কোম্পানী সমূহক যথেষ্ট সহায় কৰিব বুলি নীশ ভাটে মতপোষণ কৰে ৷ তেওঁ লগতে ব্যক্ত কৰে যে বিডেনৰ দ্বাৰা ব্যৱসায়-বাণিজ্যত চৰকাৰী হস্তক্ষেপ হ্ৰাস হ’ব  তথা চীনৰ তুলনাত ভাৰতৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনাগত দিনসমূহত দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি হ’ব ৷ আনহাতে এইছ ডি এফ চি ছিকিউৰিটিজৰ কাৰিকৰী বিশ্লেষক নাগৰাজ ছেট্টীয়ে অনাগত দিনবোৰত ভাৰতৰ শ্বেয়াৰ বজাৰৰ সূচাংকই নতুন অভিলেখ ৰচনা কৰিব বুলি মত পোষন কৰে ৷